Might Learn Logo Might Learn Might Learn Shop

AJB Class 5 History Chapter 12 Answer  জয়মতী কুঁৱৰী

Chapter 12

 জয়মতী কুঁৱৰী

1. একোটিকৈ বাক্যত উত্তৰ লিখা। 

(a) জয়মতী কুঁৱৰীৰ দেউতাকৰ নাম কি আছিল?

উত্তৰঃ- জয়মতী কুঁৱৰীৰ দেউতাকৰ নাম মাদুৰিয়াল গোহাঁই বা লাইথেপেনা বৰগোহাঁই। 

(b) জয়মতীৰ স্বামীৰ নাম কি আছিল? 

উত্তৰঃ- জয়মতীৰ স্বামীৰ নাম লাঙ্গি গদাপাণি।

(c) কম বয়সত ৰজা হােৱা বাবে কাক ল’ৰাৰজা বুলি কৈছিল? 

উত্তৰঃ- কম বয়সত ৰজা হোৱা বাবে চুলিক্ফাক ল’ৰাৰজা বুলি কৈছিল।

(d) নামনি অসমৰ শাসনকর্তাজনক কি বুলি কৈছিল? 

উত্তৰঃ- নামনি অসমৰ শাসনকৰ্তাজনক বন্দৰ বৰফুকন বুলি কৈছিল।

2. চমু উত্তৰ লিখা। 

(a) জয়মতীৰ পুত্রদ্বয়ৰ নাম কি কি আছিল? 

উত্তৰঃ-জয়মতীৰ পুত্ৰদ্বয়ৰ নাম লাই আৰু লেচাই আছিল।

(b)  উচ্চ পদবীধাৰী আহােম ৰমণীয়ে অন্য ক’ৰবালৈ যাওঁতে কি লৈ গৈছিল? 

উত্তৰঃ- উচ্চ পদবীধাৰী আহোম ৰমণীয়ে অন্য় ক’ৰবালৈ যাওঁতে সৰুদৈয়া-বৰদৈয়া জাপি লৈহে গৈছিল।

(c) গদাপাণি নগা পাহাৰলৈ কিয় পলাই গৈছিল? 

উত্তৰঃ- যেতিয়া অংগক্ষত কৰিবলৈ ল’ৰাৰজাৰ চকু পৰিল চাৰিং ৰাজ্য়ৰ তুংখুহীয়া ফৈদৰ গোবৰ ৰজাৰ পুত্ৰ লাঙ্গি গদাপাণিৰ ওপৰত। পূৰ্বে ভয় আৰু সন্দেহ কৰামতে গদাপাণিক ধৰিবলৈ ল’ৰাৰজাই চৰীয়া-পৰীয়াক (চোৰাংচোৱা) নিৰ্দেশ দিলে। সেয়ে অনিচ্ছাসত্ত্বেও জয়মতীৰ দিহামতে গদাপাণিয়ে আত্মগোপণ কৰিবলৈ বাধ্য হ’ল। 

3. জয়মতীৰ কাহিনীটো তােমাৰ নিজৰ ভাষাৰে চমুকৈ লিখাঁ। 

উত্তৰঃ- লাইথেপেনা বৰগোহাঁইৰ কন্য়া জয়মতী কুঁৱৰীক চাৰিঙৰ তুংখুঙীয়া ফৈদৰ গোবৰ ৰজাৰ পুত্ৰ লাঙ্গি গদাপাণিৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। তেনে সময়খিনিতে আহোম ৰজ্য়ত ক্ষমতা লাভ কৰিবৰ বাবে খোৱা-কামোৰা লাগি ডা-ডাঙৰীয়াসকলৰ মাজত এক অস্থিৰ অৱস্থাই দেখা দিছিল যাৰ ফলত গোটেই আহোম ৰাজ্যতেই সেই অস্থিৰতাই বিৰাজ কৰিছিল।মোমাই তামুলী বৰবৰুৱাৰ বৰপুত্ৰ লালোকসোলা বৰফুকনে ক্ষমতা পাবৰ কাৰণে তেওঁৰ পাঁচবছৰীয়া কন্য়াক ১৪ বছৰীয়া ৰত্নধ্বজ সিংহৰলৈ বিয়া দিছিল। অতি কম বয়সতে ৰজাৰ হোৱাৰ বাবে ৰত্নধ্বজ সিংহক ল’ৰাৰজা বোলা হৈছিল আৰু তেওঁৰ অন্য় এটা নাম চুলিক্ফা আছিল। এই চুলিক্ফাই শহুৰেক লালুকসোলা বৰফুকনৰ পৰামৰ্শ মতে ৰজা হোৱাৰ উপযুক্ততা থকা কোঁৱৰসকলক ধৰি আনি চকু, কাণ, হাত, ভৰি ইত্য়াদি কাটি অংগক্ষত কৰি পেলাইছিল। কাৰণ আহোম ৰাজ্য়ত চলি অহা পৰম্পৰাৰ মতে শৰীৰত খোত নথকা কোঁৱৰসকলেহে ৰজা হ’ব পাৰিছিল।এইবাৰ অংগক্ষত কৰিবলৈ চুলিক্ফাৰ দৃষ্টি পৰিল লাঙ্গি গদাপাণিৰ ওপৰত। ল’ৰাৰজাই গদাপাণিক ধৰি আনিবৰ কাৰণে চৰীয়া-পৰীয়াক আদেশ দিলে। নিজৰ ইচ্ছা নথকা সত্ত্বেও গদাপাণিয়ে জয়মতীৰ পৰামৰ্শমতে নিজকে নগৰা পাহাৰত আত্মগোপন কৰিছিল। প্ৰথমে ৰজাঘৰীয়া লোকে জয়মতীক ভদ্ৰতাৰে গদাপাণিৰ কথা শুনিলে। কিন্তু জয়মতীয়ে নাজানোটোৰ বাহিৰে একো উত্তৰেই নিদিলে। জয়মতীৰ মুখৰ পৰা গদাপাণিৰ কোনো সুংসুত্ৰ উলিয়াব নোৱাৰি ৰজাঘৰীয়া লোকে জয়মতীক জেৰেঙা পথাৰলৈ নি এজোপা কাইটীয়া গছত বান্ধি কঠোৰ শাস্তি প্ৰদান কৰি গদাপাণিৰ কথা সুধিলে কিন্তু জয়মতীয়ে কোনো উত্তৰেই নিদিলে। জয়মতীক কঠোৰ শাস্তি দিয়াৰ কথা জানিব পাৰি গদাপাণিয়ে এদিন নিশা ছদ্মবেশত আহি জয়মতীক তেওঁৰ বিষয়ে কৈ দিবলৈ কৈছিল কিন্তু জয়মতীয়ে তেওঁক গদাপাণি বুলি জানিব পাৰি ক’লে যে ‘যি হয় হওঁক তথাপিও মই মোৰ স্বামীৰ কথা নকওঁ আৰু যৰে বাটৰুৱা তলৈ যাওঁক’ বুলি ক’লে। জয়মতীয়ে কেৱল নিজৰ স্বামী ৰজা হওক বুলিয়েই কঠোৰ শাস্তিৰ মূৰ পাতি নিজকে বলিদান দিয়া নাছিল। জয়মতীয়ে জানিব পাৰিছিল যে সেই সময়ত সেই বিশৃংখলতা আঁতৰাবৰ বাবে এজন ্সাধাৰণ মনোবল আৰু অত্য়ন্ত সাহসী লোকৰ প্ৰয়োজন। এনেদৰে ১৪ দিন কঠোৰ শাস্তি খোৱাৰ পিছত ১৬৮০ খ্ৰিষ্টাব্দৰ ২৭ মাৰ্চৰ দিনা সাহসী, মহিয়সী, সতী জয়মতীয়ে মৃত্য়ুক আকোঁৱালী লয়।

4. গদাপাণি কেনেকৈ ৰজা হৈছিল চমুকৈ বর্ণনা কৰাঁ। 

উত্তৰঃ- গদাপাণিয়ে কিছুদিন আত্মগোপন কৰাৰ পাছত তেওঁৰ ভিনিহিয়েক বন্দৰ বৰফুকন (সেই সময়ৰ গুৱাহাটী বা নামনি অসমৰ শাসনকৰ্তা আছিল বৰফুকন) আৰু আন আন বিষয়াই গদাপাণিক কলিয়াবৰত ৰজা পাতি ৰাজধানীলৈ আগুৱাই আহে। লালোকসোলাক হত্য়া কৰি আৰু ল’ৰাৰজাক ৰজা ভাঙি তেওঁ নিজে ১৬৮১ খ্ৰি.ত আহোমৰ সিংহাসনত উঠে আৰু গদাধৰ সিংহ নাম লয়। এনেদৰেই জয়মতীৰ আত্মত্য়াগে দেশখনলৈ ৰাজনৈতিক সুস্থিৰতা ঘূৰাই আনিছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects