Chapter 6
আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফা
1. একোটিকৈ বাক্যত উত্তৰ লিখা।
(a) চুকাফাই জন্মগ্রহণ কৰা ৰাজ্যখনৰ নাম কি?
উত্তৰঃ- চীনৰ য়ুনান প্ৰদেশৰ ম্য়ুং মাও ৰাজ্য়ৰ ৰাজধানী কিং ছেনৰ (ছিয়েং চেন) মাও লুঙত চুকাফাৰ জন্ম হয়।
(b) এই ৰাজ্যখন কোনখন দেশৰ অন্তৰ্গত?
উত্তৰঃ- ম্য়ুং মাও ৰাজ্য়খন চীন দেশৰ অন্তৰ্গত।
(c) চুকাফাৰ দেউতাকৰ ৰাজ্যখনৰ নাম কি?
উত্তৰঃ- চুকাফাৰ দেউতাকৰ ৰাজ্য়খনৰ নাম হৈছে- ম্টয়ুং খু ম্য়ুং।
(d) টাই -আহােমসকলে স্থাপন কৰা প্রথম প্রদেশ বা ম্যুংখনৰ নাম কি?
উত্তৰঃ- টাই-আহোমসকলে স্থাপন কৰা প্ৰদেশ বা ম্য়ুংখনৰ নাম খামজাং।
(e) চুকাফাই পােনপ্ৰথমে ক’ত ৰাজধানী পাতিছিল?
উত্তৰঃ- চুকাফাই পোনপ্ৰথমে চৰাইদেউত ৰাজধানী পাতিছিল।
(f) চৰাইদেউৰ পুৰণি নাম কি?
উত্তৰঃ- চৰাইদেউৰ পুৰণি নাম চেৰাই দয় আছিল।
(g) ‘ম্যুং ডুন চুণ খাম’ৰ অর্থ কি?
উত্তৰঃ- ‘ম্যুং ডুন চুণ খাম’ৰ অর্থ হ’ল সোণৰ বাগিচাৰে ভৰা দেশ।
(h) চুকাফাৰ অসম প্ৰৱেশৰ সময়ত মৰাণসকলৰ ৰজা কোন আছিল?
উত্তৰঃ- চুকাফাৰ অসম প্ৰৱেশৰ সময়ত মৰাণসকলৰ ৰজা আছিল বদৌছা।
(i) চুকাফাৰ অসম প্ৰৱেশৰ সময়ত বৰাহীসকলৰ ৰজা কোন আছিল?
উত্তৰঃ- চুকাফাৰ অসম প্ৰৱেশৰ সময়ত বৰাহীসকলৰ ৰজা থাকুমথা আছিল।
(j) অসমত বুৰঞ্জী লিখা প্রথা কোনে প্রৱৰ্তন কৰিছিল?
উত্তৰঃ- অসমত বুৰঞ্জী লিথখা প্ৰথা চুকাফাই প্ৰৱৰ্তন কৰিছিল।
2. আহােমসকলৰ প্রথমজন ৰজাৰ নাম কি ? তেওঁ কোনখন পর্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল?
উত্তৰঃ- আহােমসকলৰ প্রথমজন ৰজাৰ নাম চুকাফা । পাতকায় পর্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল।
3. আহােম ৰাজ্যত প্রথমে কোন দুটা মন্ত্ৰীৰ পদ আছিল?
উত্তৰঃ- আহোম ৰাজ্য়ত প্ৰথমে বুঢ়াগোহাঁই আৰু বৰগোহাংই নামৰ দুটা মন্ত্ৰীৰ পদ আছিল।
4. খালী ঠাই পূৰ কৰা।
a ) ______গিৰিপথেদি চুকাফাই অসমত প্ৰৱেশ কৰিছিল ।
উত্তৰঃ পাংচৌ।
b )_______খ্রি.ত চৰাইদেউত চুকাফাই অসমত প্ৰৱেশ কৰিছিল।
উত্তৰঃ ১২২৮
c ) ________খ্রি.ত চৰাইদেউত চুকাফাই ৰাজধানী পাতিছিল।
উত্তৰঃ ১২৫৩
d ) চুকাফাই ________ সকলক চাংমাই পদত নিয়ােগ কৰিছিল।
উত্তৰঃ বৰাহী ।
5. চুকাফাই ওচৰ – চুবুৰীয়াসকলৰ সৈতে মিলাপ্ৰীতি বৃদ্ধি কৰিবলৈ কি কি কৰিছিল?
উত্তৰঃ-
6. চুকাফাই কেনেকৈ অসমত আহােম ৰাজ্য স্থাপন কৰিছিল?
উত্তৰঃ-
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post