Might Learn Logo Might Learn Might Learn Shop

AJB Class 5 History Chapter 7 Answer  চুডাংফা

Chapter 7

 চুডাংফা

1. একোটিকৈ বাক্যত উত্তৰ লিখাঁ।

(a) শিৱসাগৰ জিলাৰ দিহিং নৈৰ পাৰত চৰগুৱাত ৰাজধানী স্থাপন কৰা আহােম ৰজাগৰাকীৰ নাম কি?

উত্তৰঃ-  শিৱসাগৰ জিলাৰ দিহিং নৈৰ পাৰত চৰগুৱাত ৰাজধানী স্থাপন কৰা আহােম ৰজাগৰাকীৰ নাম চুডাংফা আছিল। 

(b) শিঙৰি ঘৰত উঠা প্রথম আহােম ৰজাগৰাকীৰ নাম কি?

উত্তৰঃ- শিঙৰি ঘৰত উঠা প্রথম আহােম ৰজাগৰাকীৰ নাম চুডাংফা আছিল। 

(c) শিঙৰি শব্দটো টাই ভাষাৰ কোনটো শব্দৰপৰা আহিছে? 

উত্তৰঃ- শিঙৰি শব্দটো টাই ভাষাৰ চেংৰীৰ শব্দৰপৰা আহিছে।  

(d) চেংৰী শব্দৰ অর্থ কি? 

উত্তৰঃ- চেংৰী শব্দৰ অৰ্থ হ’ল চেং মানে দেৱতা, ৰী মানে ঘৰ বা মন্দিৰ অৰ্থাৎ চেংৰী মানে দেৱতাৰ ঘৰ বা মন্দিৰ। 

(e) পাটকাই শব্দৰ অর্থ কি?

উত্তৰঃ- পাটকাই শব্দৰ অৰ্থ হ’ল পাট মানে কটা, কাই মানে কুকুৰা, চেং মানে শপত, কান মানে লোৱা অৰ্থাৎ কুকুৰা কাটি শপত লোৱা।  

2. খালী ঠাই পূৰ কৰাঁ।

(a) চুডাংফাই কমতা ৰাজ্যৰ ৰজাৰ জীয়েক ভাজনী ক বিবাহ কৰিছিল। 

(b) চুডাংফাক অসমৰ ইতিহাসত  বামুণী কোঁৱৰ বুলি জনা যায়। 

(c) চুডাংফাৰ দেউতাকৰ নাম ত্য়াওখামথি ।

3. উজনিয়াল কোঁৱৰ আৰু নামনিয়াল কোঁৱৰ বুলিলে কি বুজা? 

উত্তৰঃ ৰজা হৈ চুডাংফাই পূৰ্বৰ উপকাৰ সুঁৱৰি সৰুৰে পৰা একেলগে ওলমি-জামলি ডাঙৰ হোৱা ব্ৰাহ্মণৰ পুতেককেইজনক ৰজাঘৰীয়া বিষয়বাব দি দিহিঙত স্থাপন কৰিলে। এই বাহ্মণ কোঁৱৰকেইজনৰ উজনিত পতা কেইঘৰক ‘উজনিয়াল কোঁৱৰ’ আৰু নামনিত পতা কেইঘৰক ‘নামনিয়াল কোঁৱৰ’ বুলি কোৱা হয়। 

4. ডয়-কাও-ৰং পর্বতৰ নাম পাটকাই পর্বত কেনেকৈ হ’ল? 

উত্তৰঃ আহোম আৰু নৰাসকলৰ মাজত যুদ্ধ হোৱাৰ অন্তত আহোম আৰু নৰা দুয়োজনা বৰগোহাঁয়ে কুকুৰা কাটি শপত খোৱাৰ কাৰণেই তেতিয়াৰে পৰা এই পৰ্বতৰ নাম ডয়-কাও-ৰংৰ সলনি পাট-কাই-চেং কান আৰু তাৰপিছত মানুহৰ মুখত পৰি পাটকাই হ’ল।   

5. চমু টোকা লিখা।

(a) শিঙৰি ঘৰত উঠা উৎসৱ 

উত্তৰঃ চুডাংফা ৰজাই শিঙৰি ঘৰত উঠা প্ৰথম আহোম ৰজা। তেওঁ দিহিং নদী ওচৰতে চৰগুৱা নামৰ ঠাইত নতুনকৈ ৰাজধানী পাতি সেই ঠাইতে শিঙৰি ঘৰ বান্ধি মহা সমাৰোহেৰে শিঙৰি ঘৰত আৰোহণ কৰে। শিঙৰি ঘৰতো শিঙৰি গছৰ কাঠ আৰু পাতেৰে সজা হয় ইয়াক চাং ঘৰ হিচাপে সজা হয়। ৰাজ অভিষেকৰ দিনা ৰজাই নিজৰ মুখ্য় ৰাণী বা বৰকুঁৱৰীৰ সৈতে ৰাজকীয় সাজ-পাৰ, আ-অলংকাৰ পৰিধান কৰি শিঙৰি কাঠেৰেই সজা হয়। পাটঘৰত ৰাজ-ৰাণীক ৰাজ-পুৰোহিত দেওধাই বাইলুঙে মন্ত্ৰ উচ্চাৰণ কৰি পৱিত্ৰ পানীৰে স্নান কৰোৱায়। তাৰ পাছত ৰজা-ৰাণী হোলোং ঘৰত প্ৰৱেশ কৰি শিঙৰি ঘৰত প্ৰৱেশ কৰে। শিঙৰি ঘৰত উঠাৰ আগতে ৰজাই এটা মানুহ হেংদাঙেৰে কাটিব লাগিছিল। এই প্ৰথা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনলৈকে বৰ্তি আছিল। ৰুদ্ৰসিংহই কিন্তু মানুহ বলি নিদি এটা ম’হ বলি দিছিল।  

(b) আহােম ৰজা ঘৰত হিন্দু ধৰ্মৰ প্ৰৱেশ 

উত্তৰঃ চুডাংফা ৰজাৰ ৰাজ্তবকালতেই আহোম ৰজাৰ ঘৰত হিন্দু ধৰ্মৰ প্ৰৱেশ হয়। এটা ষড়যন্ত্ৰময় ঘটনাৰ মাজেৰে চুডাংফাৰ জন্ম হৈছিল ৰাজকাৰেঙৰ সলনি ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ অংশৰ হাবুং গাঁৱৰ এটা ব্ৰাহ্মণৰ পৰিয়ালত। চুডাংফায়ে প্ৰায় ১৫ বছৰ কাল এই ব্ৰাহ্মণৰ ঘৰতেই আছিল।

তেনে সময়তে আহোম সিংহাসনত ৰজা নথকাৰ বাবে মন্ত্ৰী পৰিষদে শাসনভাৰ হৈছিল। এদিন ডা-ডাঙৰীয়াসকলে সুংসুত্ৰ বিচাৰি গম পালে যে ব্ৰাহ্মণৰ ঘৰত থকা ল’ৰাজন আচলতে   ত্য়াওখামথিৰহে সন্তান তেতিয়া, তেওঁলোকে ল’ৰাজনক আনিবৰ কাৰণে মানুহ পঠিয়াই দিলে। কিন্তু ল’ৰাজনে অকলে আহিবৰ কাৰণে অমান্তি কৰাৰ কাৰণে ব্ৰাহ্মণৰ পৰিয়ালটোকো লগতে ৰাজধানী আনিলে। ডা-ডাঙৰীয়াসকলে মিলি ল’ৰাজনক আহোম ৰজাৰ ৰজা পাতিলে াৰু আহোম মতে তেওঁৰ নাম ৰাখিলে চুডাংফা। 

চুডাংফাই ব্ৰাহ্মণৰ ঘৰত থকা লক্ষ্মীনাৰায়ণ শালগ্ৰামকো ৰাজকাৰেঙলৈ আনি পূজাৰ কৰিবৰ কাৰণে বুঢ়া ব্ৰাহ্মণজনক অনুমতি প্ৰদান কৰিলে। এনেদৰে আহোমৰ ৰজাঘৰত ব্ৰাহ্মণসকলে উদযাপন কৰা ধৰ্মীয় নীতি-নিয়মৰ প্ৰচলন ঘটাৰ জৰিয়তে আহোম ৰজাৰ ঘৰত হিন্দু ধৰ্মৰ প্ৰৱেশ ঘটিল।

6. চুডাংফাক কিয় বামুণী কোঁৱৰ বােলা হয়?

উত্তৰঃ বামুণৰ ঘৰত প্ৰতিপালিত হৈছিল কাৰণে অসমৰ ইতিহাসত চুডাংফাক ‘বামুণী কোঁৱৰ বোলা হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects