Might Learn Logo Might Learn Might Learn Shop

AJB Class 5 History Chapter 9 Answer চুচেংফা বা প্ৰতাপসিংহ

Chapter 9

চুচেংফা বা প্ৰতাপসিংহ

1. চমু উত্তৰ লিখা ।

(a) কিমান খ্রীষ্টাব্দত চুচেংফাই আহােম ৰাজপাটত উঠিছিল? 

উত্তৰঃ- ১৬০ত খ্ৰিঃত চুচেংফাই আহোম ৰাজপাটত উঠিছিল। 

(b) চুচেংফাক কিয় বুদ্ধিস্বৰ্গনাৰায়ণ নামেৰেও জনা গৈছিল? 

উত্তৰঃ- চুচেংফাই যথেষ্ট ধৈৰ্য্য, সাহস আৰু বুদ্ধিৰে তেওঁৰ কাৰ্য্যকাল শেষ কৰিছিল বাবে তেওঁক বুদ্ধি স্ব্গনাৰায়ণ নামেৰেও জা গৈছিল।

(c) চুচেংফা প্রতাপসিংহ নামেৰে বিখ্যাত হােৱাৰ কাৰণ কি আছিল?

উত্তৰঃ- চুচেংফাই তেওঁৰ ৰাজত্বকালত নান যুদ্ধ-বিগ্ৰহৰ মাজেৰে পাৰ হৈছিল। এ যুদ্ধবিলাকত প্ৰায় সকলোতে মহাপ্ৰতাপেৰে যুদ্ধ কৰি সফলতা অৰ্জ কৰা বাবে তেওঁক ‘প্ৰতাপসিংহ’ নামেৰে বিখ্যাত হৈছিল। 

(d) প্রতাপসিংহৰ ৰাজত্ব কালত বুঢ়াগােহাঁই কোন হৈছিল? 

উত্তৰঃ- প্ৰতাপসিংহৰ ৰাজত্বকালত থকবক বুঢ়াগোহাঁই আছিল।

(e) প্রতাপসিংহই মােমাই তামুলীক কি পদবী দিছিল? 

উত্তৰঃ- প্ৰতাপসিংহই মোমাই তামুলীক বৰবৰুৱা পদবী দিছিল।

(f) কোনজন আহােম ৰজাৰ ৰাজত্ব কালত অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ নিয়ম আৰম্ভ হৈছিল? 

উত্তৰঃ- প্ৰতাপসিংহৰ ৰাজত্ব কালত অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ নিয়ম াৰম্ভ হৈছিল।  

2. প্রতাপসিংহক আন কি কি নামেৰে জনা গৈছিল লিখা।

উত্তৰঃ- প্ৰতাপসিংহক লাঙ্গী গোহাঁই, চুচেংফা, বুদ্ধি স্বৰ্গনাৰায়ণ নামেৰে জনা গৈছিল। 

3. প্রতাপসিংহৰ ৰাজত্বকালত নির্মাণ হােৱা চাৰিটা আলি বা পথৰ নাম লিখা।

উত্তৰঃ- প্ৰতাপসিংহৰ ৰাজত্বকালত নিৰ্মাণ হোৱা চাৰিটা আলি বা পথৰ নাম হৈছে- বৰ আলি, চটাই আলি, হাৰিপৰা আলি, জবকাৰ আলি।

4. প্রতাপসিংহৰ ৰাজত্বকালত নির্মাণ হােৱা চাৰিটা গড়ৰ নাম লিখা। 

উত্তৰঃ- প্ৰতাপসিংহৰ ৰাজত্বকালত নিৰ্মাণ হোৱা চাৰিটা গড়ৰ না হৈছে- লাহদৈ গড়, ৰাজগড়, কটাৰী খামৰ গড়, মেচাগড়। 

5. পাহাৰীয়া জাতিৰ উপদ্ৰৱৰপৰা ৰক্ষা পাবলৈ প্রতাপসিংহই সৃষ্টি কৰা চাৰিটা পদবীৰ নাম লিখা।

উত্তৰঃ- পাহাৰীয়া জাতিৰ উপদ্ৰৱৰপৰা ৰক্ষা পাবলৈ প্ৰতাপসিংহই সৃষ্টি কৰা চাৰিটা পদবীৰ নাম হৈছে-  ৰহীয়াল বৰৱা, জাগীয়াল বৰুৱা, কাজলীমুখীয়া আদি।

6. প্রতাপসিংহৰ ৰাজত্ব কালত প্ৰজাৰ মংগলৰ বাবে কৰা-কাম কাজৰ বিষয়ে লিখাঁ।

উত্তৰঃ- প্ৰতাপসিংহৰ ৰাজত্বকালত প্ৰজাৰ মংগলৰ বাবে কৰা কাম-কাজসমূহ হৈছে- যাতায়তৰ সুবিধাৰ বাবে তেওঁ কেইবাটাও আলি বন্ধাইছিল, বানপানীৰ পৰী ৰক্ষা কৰিবলৈ নদীৰ পাৰে পাৰে ওখকৈ মাটিৰে টিপ (বান্ধ) সাজি খোৱা পানীৰ বাবে ঠায়ে ঠায়ে পুখুৰী খন্দাইছিল। উদাহৰণস্বৰূপে বৰ আলি, চটাই আলি, হাৰিপৰা আলি, জবকাৰ আলি, তাওকাকৰ পুখুৰী, ৰূপহী পুখুৰী, লাহদৈ গড়, ৰাজগড়, কটাৰী খামৰ গড়, মেচাগড় আলি উল্লেখযোগ্য়। চুবুৰীয়া আৰু সীমামূৰীয়া ৰাজ্য়ৰ প্ৰজাবিলাকে যাতে আহি আহোম ৰাজ্যত উৎপাত বা উপদ্ৰৱ কৰিব নোৱাৰে তাৰ বাবেও পঁচা প্ৰথা প্ৰৱৰ্তন কৰিছিল। ঠায়ে ঠায়ে পাহাৰীয়া জাতিৰ উপদ্ৰৱৰ পৰা হাত সাৰিবৰ বাবে দুৱাৰৰ সৃষ্টি কৰিছিল আৰু বহুতো জনহিতকৰ কাম কৰিছিল।

7. প্রতাপসিংহৰ ৰাজত্ব কালত সৃষ্টি কৰা বিভিন্ন বিষয়ববীয়াৰ কাম – কাজৰ বিষয়ে আলােচনা কৰাঁ।

উত্তৰঃ-  ৰাজ্য় শাসনৰ বাবে নতুন নতুন পদবী সৃষ্টি কৰি শাসনকাৰ্য্য পৰিচালনা কৰাত প্ৰতাপসিংহ সফল হৈছিল। বুঢ়াগোহাংই আৰু বৰগোহাঁই নামৰ মন্ত্ৰী দুজনে শাসন কাৰ্য্য় পৰিচালনা নকৰা উজনি অসমৰ ৰাজ্য়খণ্ডৰ চোৱাচিতা কৰিবৰ বাবে প্ৰতাপসিংহই বৰবৰুৱা নামৰ পদবী সৃষ্টি কৰিছিল। মোমাই তামুলী আছিল প্ৰথমজন বৰবৰুৱা। বৰুকন পদবী সৃষ্টি কৰি কলিয়াবৰত বৰফুকনৰ মুখ্য় কোঠ পাতিছিল। ইয়াৰ জৰিয়তে বৰফুকনক নামনি অসমৰ শাসন পৰিচালনা আৰু মোগলৰ বিৰুদ্ধে শক্তিশালীভাৱে আহোম ৰাজ্য়ক ৰক্ষা কৰাৰ দায়িত্ব দিয়া হৈছিল। লাঙ্গি পানীসিয়া আছিল প্ৰথমজন বৰফুকন। তদুপৰি ঠায়ে ঠায়ে পাহাৰীয়া জাতিৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ দুৱাৰৰ সৃষ্টি কৰিছিল। এই দুৱাৰবোৰক াজিকালিৰ তালাচী চকী আৰু সেনা-আৰক্ষীৰ চকীৰ লগত তুলনা কৰিব পাৰি। এি দুৱাৰবোৰ চাবলৈ ৰহীয়াল বৰুৱা, জাগীয়াল বৰুৱা, কাজলীমুখীয়া বৰুৱা আদি পদবীৰ সৃষ্টি কৰিছিল।

8. প্রতাপসিংহৰ ৰাজত্ব কালক অসমৰ ইতিহাসৰ গৌৰৱােজ্জ্বল অধ্যায় বুলি কোৱা হয় । কথাষাৰ আলােচনা কৰাঁ।

উত্তৰঃ- প্ৰতাপসিংহই তেওঁৰ ৰাজত্বকালত নানা ধৰণৰ প্ৰজাহিতকৰ কাম কৰিছিল। তেওঁ সকলো ধৰ্মৰ প্ৰতি ভাল ভাব প্ৰদৰ্শন কৰিছিল। সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব জনা প্ৰতাপসিংহই সকলোবোৰ শত্ৰুক হয় দমন কৰি, নহয় মিত্ৰতাৰে বশ কৰিছিল। তেওঁৰ যথেষ্ট ধৈৰ্য্য, সাহস আৰু বুদ্ধিৰে তেওঁৰ কাৰ্যকাল শেষ কৰিছিল বাবে তেওঁক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কৈছিল। প্ৰতাপসিংহই কৰা প্ৰজাহিতকৰ কামসূহ হৈছে- যাতায়তৰ সুবিধাৰ কাৰণে তেওঁ কেইবাটাও আলি বন্ধাইছিল, বানপানীৰ পৰা ৰক্ষা পৰিবলৈ নদীৰ পাৰে পাৰে ওখকৈ মাটিৰে টিপ (বান্ধ) সাজি খোৱা পানীৰ বাবে ঠায়ে ঠায়ে পুখুৰী খন্দাইছিল। উদাহৰণস্বৰূপে বৰ আলি, চটাই আলি, হাৰিপৰা আলি, জবকাৰ আলি, তাওকাকৰ পুখুৰী, ৰূপহী পুখুৰী, লাহদৈ গড়, ৰাজগড়, কটাৰী খামৰ গড়, মেচাগড় ইত্য়াদি উল্লেখযোগ্য়। ঠায়ে ঠায়ে পাহাৰীয়া জাতিৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ দুৱাৰৰ সৃষ্টি কৰিছিল। এইবোৰ কাৰণৰ বাবেই প্ৰতাপসিংহৰ ৰাজত্ব কালক অসমৰ ইতিহাসৰ গৌৰৱোজ্জ্বল অধ্যায় বুলি কোৱা হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects