Might Learn Logo Might Learn Might Learn Shop

AJB Class 5 Science Chapter 10 Answer বায়ু প্ৰদূষণ

Unit 10

বায়ু প্ৰদূষণ

১। বায়ু প্ৰদূষণ কি?

উত্তৰঃ বায়ু অপকাৰী বা দূষিত হোৱাটোকে বায়ু প্ৰদূষণ বুলি কোৱা হয়।

২। বায়ু প্ৰদূষণৰ তিনিটা কাৰকৰ নাম লিখা।

উত্তৰঃ বায়ু প্ৰদূষণৰ তিনিটা কাৰকৰ নাম হৈছে  ধোঁৱা, দূষিত গেছীয় পদাৰ্থ আৰু ধূলি।

৩। ধূলি-বালি কিদৰে বায়ুত মিহলি হয়?

উত্তৰঃ প্ৰধানকৈ প্ৰকৃতিৰ সহায়তে বায়ুত ধূলি-বালি মিহলি হয়। ফাগুন চ’তৰ বতাহে বায়ুত ধূলি-বালি মিহলায়। ঘূৰ্ণি বতাহেও ধূলি-বালি ওৰুৱাই 

( ৪ ) বায়ু প্ৰদূষণৰ চাৰিটা প্ৰভাৱ উল্লেখ কৰা।

উত্তৰঃ বায়ু প্ৰদূষণৰ চাৰিটা প্ৰভাৱ হ’ল- 

১। চৌকাৰ ধোৱা, ষ্ট’ভৰ ধোঁৱা সদায় চকুত লাগিলে চকুৰ দৃষ্টিশক্তি কমে। 

২। ছিগাৰেটৰ ধোঁৱাই হাঁওফাঁওৰ বেমাৰ, কৰ্কট ৰোগ আদি সৃষ্টি কৰিব পাৰে।

৩। উশাহত শৰীৰৰ ভিতৰলৈ সোমোৱা কাৰ্বন মন -অক্সাইডে তেজৰ চলাচলত বাধা দিয়ে।

৪। প্ৰধানকৈ যান-বাহনৰ ধোঁৱাৰ লগতে ওলোৱা সীহ শৰীৰৰ বাবে অতি ক্ষতিকৰ।

( ৫ ) বায়ু প্ৰদূষণ কেনেকৈ হয়?

উত্তৰঃ সৰু-ডাঙৰ কল-কাৰখানা পৰা ওলোৱা ধোঁৱা, বিভিন্ন যান-বাহনৰ পৰা ওলোৱা ধোঁৱা, চৌকা, ষ্টভ আদিৰ পৰা ওলোৱা ধোঁৱা, গেলা-পঁচা জাবৰ-জোথৰ পৰা ওলোৱা ধোঁৱা এইবোৰৰ পৰা বায়ু  প্ৰদূষণ হয়

( ৬ ) এছিড বৰষুণ কি? ই কিয় অপকাৰী?

উত্তৰঃ বায়ুত ছালফাৰ ডাই- অক্সাইডৰ পৰিমাণ বাঢ়িলে বৰষুণৰ লগতে এছিড বিধৰ পৰিমাণ বাঢ়ে। ইয়াকে এছিড বৰষুণ বোলে। ই অপকাৰী কাৰণ- এই বৰষুণৰ ফলত গছ-গছনি, লৈ-বিলৰ মাছ মৰি যায়।

( ৭ ) কার্বন ম’নক্সাইড নামৰ গেছবিধে আমাৰ কি অপকাৰ কৰে?

উত্তৰঃ কাৰ্বন ম’নক্সাইড নামৰ গেছবিধৰ পৰা আমাৰ কেন্সাৰ ৰোগ হয়।

( ৮ ) বায়ু প্ৰদূষণ ৰােধ কৰাৰ তিনিটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ বায়ু প্ৰদূৰণ ৰোধ কৰাৰ তিনিটা ব্যৱস্থা হ’ল –

১। আজিকালি ধোঁৱাহীন চৌকা কিনিবলৈ পোৱা যায়, ইয়াৰ ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি।

২। আজিকালি সীহ নথকা পেট্ৰ’ল পোৱা যায়। ইয়াৰ ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি। 

৩। জাবৰ-জোথৰ, জীৱ-জন্তু মৰাশ পচিবলৈ নিদিলে বায়ু প্ৰদূষণ ৰোধ হয়।

( ৯ ) শুদ্ধ / অশুদ্ধ লিখা।

ক ) ধোঁৱাহীন চৌকা ব্যৱহাৰ কৰিলে ইন্ধন ৰাহি হয়।

উত্তৰঃ শুদ্ধ।

খ ) সৌৰশক্তি ব্যৱহাৰ কৰা সঁজুলিবােৰৰ পৰা বায়ু প্ৰদূষণ বেছি হয়।

উত্তৰঃ অশুদ্ধ।

গ ) ছালফাৰ ডাই – অক্সাইডে এছিড বৰষুণ সৃষ্টি কৰে।

উত্তৰঃ শুদ্ধ।

ঘ ) প্লাষ্টিক জ্বলালে বায়ু প্ৰদূষণ হয়।

উত্তৰঃ  শুদ্ধ।

ঙ ) বায়ুত থকা এবিধ অপকাৰী গেছ হ’ল অক্সিজেন।

উত্তৰঃ অশুদ্ধ।

( ১০ ) বায়ু প্ৰদূষণৰ উৎসবােৰ কি কি ? প্ৰদূষণৰ প্ৰভাৱ জীৱৰ ওপৰত কেনেদৰে পৰে লিখা।

উত্তৰঃ   প্লাষ্টিক, ৰবৰ, অৰণ্য, যান-বাহনৰ পৰা ওলোৱা ধোঁৱা আদিয়ে হ’ল বায়ু প্ৰদূষণৰ  উৎস। প্ৰদূষণৰ প্ৰভাৱ জীৱৰ ওপৰত বহুত ক্ষতি কৰে। বায়ু প্ৰদূষণৰ ফলত বহুতো ৰোগ আদি হব পাৰে। বিভিন্ন জীৱ-জন্তু আদি মৃত্যুমুখত পৰিব পাৰে।

( ১১ ) বায়ু প্ৰদূষণ ৰােধ কৰিবলৈ সহজে ল’ব পৰা ছটা উপায় লিখা।

উত্তৰঃ  বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ সহজে ল’ব পৰা ছটা উপায় হ’ল- ধোঁৱাহীন চৌকা, সৌৰশক্তিৰ ব্যৱহাৰ, গছ-গছনিৰ সংখ্যা বৃদ্ধি কৰা, যান-বাহন বেছিকৈ চলোৱা বন্ধ কৰা,  আজিকালি সীহ নথকা পেট্ৰল পোৱা যায় ইয়াক ব্যৱহাৰ কৰা। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects