Might Learn Logo Might Learn Shop Might Learn

AJB Class 5 Science Chapter 14 Answer পোহৰ

Unit 14

পোহৰ

 প্ৰশ্নাৱলী

( ১ ) দীপ্তিমান আৰু অদীপ্তিমান বস্তু কি উদাহৰণৰ সৈতে লিখা। 

উত্তৰঃ যিবোৰ বস্তুৰ নিজা  পোহৰ আছে সেইবোৰ বস্তুক দীপ্তিমান বস্তু বোলে। যেনে- মমবাতি, লেম্প আদি।

যিবোৰ বস্তুৰ নিজা পোহৰ নাথাকে সেইবোৰ বস্তুক অদীপ্তিমান বস্তু বোলে। যেনে- টেবুল, চকী আদি।

( ২ ) পােহৰ দেখা পােৱা যায়নে? পােহৰে অদীপ্তিমান বস্তু এটা দেখা পােৱাত কেনেকৈ সহায় কৰে? 

উত্তৰঃ পোহৰ দেখা পোৱা নাযায়। পোহৰৰ উৎসৰ পৰা পোহৰৰ ৰশ্মি আহি চকুত পৰিলে বস্তুটো দেখা পোৱা যায়।

( ৩ ) চাকি এটা আমি কেনেকৈ দেখোঁ লিখা। 

উত্তৰঃ পোহৰৰ উৎসৰ পৰা পোহৰৰ ৰশ্মি আহি আমাৰ চকুত পৰিলে আমি চাকিটো দেখা পাওঁ।

( ৪ ) চন্দ্রই কেনেকৈ আমাক ৰাতি পােহৰ দিয়ে চিত্রসহ ব্যাখ্যা কৰা। 

উত্তৰঃ সূৰ্যৰ পোহৰ চন্দ্ৰত পৰি প্ৰতিফলিত হৈ পৃথিৱীত পৰে। 

( ৫ ) পৃথিৱীয়ে পােহৰ ক’ৰ ক’ৰ পৰা পায়?

উত্তৰঃ পৃথিৱীয়ে পোহৰ সূৰ্য্য, চন্দ্ৰৰ পৰা পায়।

( ৬ ) স্বাভাৱিক আৰু কৃত্রিম পােহৰ কি? উদাহৰণ দিয়া। 

উত্তৰঃ ( FOR STUDENTS )

( ৭ ) স্বচ্ছ, অস্বচ্ছ আৰু ঈষৎ স্বচ্ছ বস্তু কি? উদাহৰণসহ লিখা। 

উত্তৰঃ যিবোৰ বস্তুৰ মাজেৰে বস্তু এটা স্পষ্টকৈ দেখা পোৱা যায় সেইবোৰ বস্তুক স্বচ্ছ পদাৰ্থ বোলে।

যিবোৰ বস্তুৰ মাজেৰে বস্তু এটা দেখা পোৱা নাযায় সেইবোৰ পদাৰ্থক অস্বচ্ছ পদাৰ্থ বোলে।

যিবোৰ পদাৰ্থৰ মাজেৰে বস্তু এটা চাব পাৰি কিন্তু স্পষ্ট নহয়, সেইবোৰ পদাৰ্থক ইষৎ স্বচ্ছ পদাৰ্থ বোলে।

( ৮ ) স্বচ্ছ বস্তুক কেনেকৈ অস্বচ্ছ কৰিব পাৰি পৰীক্ষা এটা বর্ণনা কৰা। 

উত্তৰঃ আইনা এখন স্বচ্ছ বস্তু । তাত ক্ৰিমৰ নিচিনা কিবা বস্তু লগায় দিয়ে আইনাখনত একো দেখানোপোৱা হব। মানেআইনাখন  অস্বচ্ছ হল। ঠিক তেনেকৈ স্বচ্ছ বস্তু এটা অস্বচ্ছ কৰিব পাৰি। 

( ৯ ) পােহৰৰ সৰলৰৈখিক গতি এটা পৰীক্ষাৰ সহায়ত প্রমাণ কৰা। 

উত্তৰঃ বিষয়– পোহৰ সৰলৰৈখিক গতিপ্ৰয়োজনীয় 

সামগ্ৰী- এডাল চিধা পাইপ, এডাল বেকা পাইপ, দুটা মমবাতি, আৰু এখন টেবুল

পৰীক্ষা– এখন টেবুলত দুটা মমবাতি লোৱা। মমবাতি দুডালৰ সন্মুখত এডাল বেকা পাইপ আৰু এডাল চিধাপাইপ লোৱা। বেকা পাইপ ডালেৰে মমবাতিটো চাবলৈ চেষ্টা কৰা, কি দেখিলা চাষ্টা কৰা কি দেখিলা, দিধা পাইপডালেৰে মমবাতিটো চাব পাৰি। এনেদৰে গম পোৱা যায় যে পোহৰ সৰলৰৈখিক।

( ১০ ) বিন্দুসম আৰু বিস্তৃত উৎস কি? এটা বিন্দুসম উৎস কেনেকৈ পাব পাৰি ? বিস্তৃত উৎসৰ দুটা উদাহৰণ দিয়া। 

উত্তৰঃ পোহৰ দিয়া যিবোৰ উৎস তেনেই সৰু সেইবোৰ উৎসক বিন্দুসম উৎস বোলে। যেনে- বাল্ব এটা কলা কাগজেৰে মেৰিয়াই থলে ভালদৰে পোহৰ নাহে।

পোহৰ দিয়া ডাঙৰ উৎসবোৰক বিস্ত উৎস বোলে। যেনে- বৈদ্যুতিক বাল্ব, মমৰ শিখা আদি।

( ১১ ) 

( ক ) বিন্দুসম উৎসই কেনেকৈ প্রচ্ছায়া গঠন কৰে চিত্রসহ বুজাই লিখা।

উত্তৰঃ    বিন্দুসম উৎসটো যেতিয়া এফালে উজ্জ্বল হয় থাকে, আৰু আনফালে সম্পূৰ্ণ আন্ধাৰ হয় থাকে তেতিয়া সেই ছাটোক প্ৰচ্ছায়া বুলি কোৱা হয়। তেনেদৰে প্ৰচ্ছায়া গঠন হয়।

( খ ) প্রচ্ছায়া অঞ্চল কেনেকৈ বৃদ্ধি কৰিব পাৰি? 

উত্তৰঃ বস্তুটোৰ উৎসৰ যেতিয়া আন্ধাৰ অংশটো বঢ়োৱা যাব তেতিয়া প্ৰচ্ছা অঞ্চল বৃদ্ধি হব। 

( ১২ ) 

( ক ) বিস্তৃত উৎসৰ পৰা কেনেকৈ প্রচ্ছায়া আৰু উপচ্ছায়াৰ সৃষ্টি হয় বর্ণনা কৰা। 

উত্তৰঃ বস্তু এটাই যেতিয়া দুটা ওপৰাউপৰি ছাৰ সম্পূৰ্ণ আন্ধাৰ হয় তেতিয়া প্ৰচ্ছায়াৰ সৃষ্টি হয়। আৰু যেতিয়া ছাটো কম ঘন বা পাতল হয় তেতিয়া প্ৰচ্ছায়াৰ সৃষ্টি হয়। 

( খ ) প্রচ্ছায়া আৰু উপচ্ছায়া অঞ্চল কেনেকৈ বঢ়াব-কমাব পাৰি ব্যাখ্যা কৰা। 

উত্তৰঃবস্তুটোৰ পৰ্দা আতৰলৈ নিজে প্ৰচ্ছায়া কমাব পাৰি। আৰু দূৰলৈ নিজে প্ৰচ্ছায়া বঢ়াবপাৰি। বস্তুটোৰ উৎস দূৰলৈ গলে উপচ্ছায়া সৰু  হয়। আৰু ওচৰলৈ আনিলে উপচ্ছায়া বাঢ়ে।

( ১৩ ) বিস্তৃত আৰু বিন্দুসম ছাঁৰ পার্থক্য কি কি? 

উত্তৰঃ ১। বিস্তৃত উৎসই প্ৰচ্ছায়া আৰু উপচ্ছায়া দুয়োটা গঠন কৰে। আনহাতে বিন্দুসম উৎসই মাথো প্ৰচ্ছায়া গঠন কৰিব পাৰে।

২। পৰ্দা আতৰলৈ নিলে বিস্তৃত উৎসৰ ক্ষেত্ৰত  প্ৰচ্ছায়া ক্ৰমে সৰু হয় আৰু উপচ্ছায়া ডাঙৰ হয়। কিন্তু বিন্দুসম উৎসৰ প্ৰচ্ছায়া ক্ৰমে ডাঙৰ হয়।

( ১৪ ) ওপৰেদি উৰি যােৱা চৰাইৰ ছাঁ পৃথিৱীত কিয় নপৰে চিত্ৰ আঁকি ব্যাখ্যা কৰা। 

উত্তৰঃ ওপৰেদি উৰি যোৱা চৰাইৰ ছাঁ পৃথিৱীত নপৰে কাৰণ – বিস্তৃত উৎসটো বাধাতকৈ ডাঙৰ। 

 (১৫) শুদ্ধ উত্তৰটোৰ ওপৰত ✓ চিন দিয়া।

( ক ) বায়ু স্বচ্ছ/অস্বচ্ছ পদার্থ। 

উত্তৰঃস্বচ্ছ

( খ ) বটলত পােৱা আঠা স্বচ্ছ/অস্বচ্ছ/ঈষৎ স্বচ্ছ পদার্থ। 

উত্তৰঃ অস্বচ্ছ

( গ ) পানীৰ মাজেদি পােহৰৰ বেগ কম/বেছি। 

উত্তৰঃ বেগ কম

( ঘ ) স্বচ্ছ পদার্থহে পােহৰৰ মাধ্যম হ’ব পাৰে/নােৱাৰে। 

উত্তৰঃপাৰে

( ঙ ) সূর্য বিস্তৃত উৎস নহয়/হয়। 

উত্তৰঃ হয়।

( চ ) পােহৰৰ বাটত বাধা পৰিলে ছাঁ গঠন হয় / নহয়। 

উত্তৰঃহয়

( ছ ) সকলাে উৎসৰ বাবে উপচ্ছায়া অঞ্চল পােৱা যায়/নাযায়

উত্তৰঃনাযায়।

( জ ) সূৰ্যৰ পােহৰত সৃষ্টি হােৱা সকলাে বস্তুৰ ছাঁত প্রচ্ছায়া আৰু উপচ্ছায়া অঞ্চল থাকে/নাথাকে। 

উত্তৰঃথাকে

( ঝ ) ছাঁ গঠন হ’লে বস্তুটো উৎস আৰু ছাঁৰ মাজত থাকে/নাথাকে। 

উত্তৰঃথাকে

(ঞ ) স্বচ্ছ পদাৰ্থৰ ছাঁ গঠন হ’ব পাৰে/নােৱাৰে। 

উত্তৰঃপাৰে

( ট ) ছাটো কিমান ডাঙৰ হ’ব সেয়া উৎসটোৰ ওপৰত নিৰ্ভৰ কৰে/নকৰে

উত্তৰঃকৰে

( ১৬ ) শুদ্ধ উত্তৰটোৰ ওপৰত ✓ চিন দিয়া । 

( ক ) যিবােৰ পদাৰ্থৰ মাজেদি কম পােহৰ পাৰ হৈ যায় , সেইবােৰ 

◻️ স্বচ্ছ

◻️ অস্বচ্ছ 

◻️ ঈষৎ স্বচ্ছ।

উত্তৰঃঈষৎ স্বচ্ছ।

( খ ) পােহৰৰ পথটো হ’ল

◻️ বেঁকা 

◻️ সৰলৰৈখিক 

◻️ ঘূৰণীয়া। 

উত্তৰঃসৰলৰৈখিক 

( গ ) বাধাটো বিস্তৃত উৎসৰ ওচৰলৈ নিলে, ছাঁটো 

◻️ ডাঙৰ হয়

◻️ নােহােৱা হয়।◻️ সৰু হয়

উত্তৰঃডাঙৰ হয়

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects