Might Learn Logo Might Learn Shop Might Learn

AJB Class 5 Science Chapter 15 Answer প্ৰাকৃতিক সম্পদ

Unit 15

প্ৰাকৃতিক সম্পদ

 প্ৰশ্নাৱলী

(১) মাটিৰ গুণ নষ্ট হ’লে তাৰ পৰিণতি কি হ’ব?

উত্তৰঃ মাটিৰ গুণ নষ্ট হলে মাটিৰ উৰ্বৰা শক্তি কমি যাব। 

( ২ ) কি কি উপায়েৰে মানুহে মাটিৰ গুণ ৰক্ষা কৰিব পাৰে ? 

উত্তৰঃ খেতি পথাৰত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰিলে মাটিৰ গুণাগুণ ৰক্ষা কৰিব পাৰিব।

 বছৰত এবাৰ মাহ জাতীয় বা আলু জাতীয় শস্য কৰিব লাগে। 

( ৩ ) প্রকৃতিত পানীৰ চক্ৰটো কেনেদৰে চলি থাকে লিখা । 

উত্তৰঃ প্ৰকৃতিত বৰষুণ হলে নদীবোৰ ভৰি পৰে। আকৌ বাষ্পীভৱনৰ ফলত সেইবোৰ পানী ভাপ হৈ আকাশলৈ উৰি গৈ ডাৱৰ হয়। আকৌ সেই ডাৱৰৰ পৰাই বৰষুণ হয়। সেইদৰে প্ৰকৃতিত পানীৰ চক্ৰটো চলি থাকে।

( ৪ ) বায়ুত কার্বন ডাই-অক্সাইড আৰু অক্সিজেনৰ চক্ৰ দুটা কেনেকৈ চলি থাকে ? 

উত্তৰঃ উদ্ভিদ জগতে খাদ্য প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি অক্সিজেন এৰি দিয়ে। থিক তেনেদৰে প্ৰাণী জগতে জীয়াই থাকিবলৈ অক্সিজেন গ্ৰহণ কৰি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে। এনেদৰে পৃথিৱীৰ কাৰ্ব ডাই- অক্সাইড আৰু অক্সিজেন চক্ৰটো চলি থাকে।  

( ৫ ) মাটি, পানী, বায়ু আৰু সূৰ্য্যৰ তাপ-পােহৰক কিয় প্রধান প্রাকৃতিক সম্পদ বুলিব পাৰি ব্যাখ্যা কৰা।

উত্তৰঃ মাটি, পানী, বায়ু আৰু সূৰ্যৰ তাপ-পোহৰক প্ৰধান প্ৰাকৃতিক সম্পদ বুলিব পাৰি কাৰণ- এইবোৰৰ অবিহনেমানুহ জীয়াই থাকিব  নোৱাৰে। 

( ৬ ) ভূখণ্ডৰ অন্তৰ্ভাগত পােৱা যিকোনাে তিনিবিধ সম্পদৰ ব্যৱহাৰ উল্লেখ কৰা । 

উত্তৰঃ পেট্ৰলিয়াম, কয়লা, ইউৰেনিয়াম।

( ৭ ) পেট্রলিয়াম কেনেকৈ প্রস্তুত হয়? পেট্রলিয়ামক ‘জুলীয়া সােণ’ বুলি কিয় কোৱা?

উত্তৰঃ পৃথিৱীৰ অন্তভাগত জীৱ-জন্তু, গছ-গছনিৰ অৱশেষৰ পৰা পেট্ৰলিয়াম প্ৰস্তুত হয়। পেট্ৰলিয়াম এবিধ মূল্যৱান প্ৰাকৃতিক সম্পদ বাবে পেট্ৰলিয়ামক জুলীয়া সোণ বুলি কোৱা হয়।

( ৮ ) কয়লা কেনেকৈ প্রস্তুত হয়? কয়লাৰ মূল উপাদানবিধ কি? 

উত্তৰঃ মৃত গছ-গছনি, জীৱ-জন্তুৰ দেহাৱসেষৰ পৰা কয়লা প্ৰস্তুত হয়। কয়লাৰ মূল উপাদান বিধ হ’ল- কাৰ্বন আৰু ক’ল-টাৰ।

( ৯ ) পানী কিয় সংৰক্ষণ কৰিব লাগে? 

উত্তৰঃ পানী সংৰক্ষণ কৰিব লাগে কাৰণ- পৃথিৱীত ৭১ শতাংশ পানী আছে যদিও মাত্ৰ ১ শতাংশহে খোৱাৰ যোগ্য সেইবাবে আমি পানী সংৰক্ষণ কৰিব লাগে।

( ১০ ) শুদ্ধ/অশুদ্ধ বাছি উলিওৱা। শুদ্ধটোত ✓ চিন দিয়া। 

( ক ) মাটিত মাথোঁ ধূলি-বালি থাকে । শুদ্ধ/অশুদ্ধ 

উত্তৰঃঅশুদ্ধ 

( খ ) গৰুৰ গােবৰ এবিধ নৱীকৰণ-অযােগ্য সম্পদ । শুদ্ধ/অশুদ্ধ 

উত্তৰঃঅশুদ্ধ 

( গ ) প্লাষ্টিকে মাটি প্ৰদূষিত কৰে । শুদ্ধ/অশুদ্ধ 

উত্তৰঃশুদ্ধ

( ঘ ) গছ-গছনি আৰু জীৱ-জন্তুৰ অৱশেষৰ পৰা কয়লা প্রস্তুত হয়।শুদ্ধ/অশুদ্ধ 

উত্তৰঃশুদ্ধ

( ঙ ) পেট্রলিয়ামৰ লগতে প্রাকৃতিক গেছ ওলায়। শুদ্ধ/অশুদ্ধ 

উত্তৰঃঅশুদ্ধ 

( চ ) খাদ্য নৱীকৰণ-যােগ্য সম্পদ হয় । শুদ্ধ/অশুদ্ধ । 

উত্তৰঃশুদ্ধ

( ছ ) মানুহে ছিমেন্ট সদায় ব্যৱহাৰ কৰিব পাৰিব । শুদ্ধ/অশুদ্ধ 

উত্তৰঃঅশুদ্ধ

( জ ) মানুহে সৌৰ শক্তি সদায় ব্যৱহাৰ কৰিব পাৰিব। শুদ্ধ/ অশুদ্ধ

উত্তৰঃশুদ্ধ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects