Might Learn Logo Might Learn Might Learn Shop

AJB Class 5 Science Chapter 16 Answer প্ৰাকৃতিক দুৰ্যোগ আৰু ব্যৱস্থাপনা

Unit 16

প্ৰাকৃতিক দুৰ্যোগ আৰু ব্যৱস্থাপনা

প্ৰশ্নাৱলী

( ১ ) প্রাকৃতিক দুর্যোগ কাক বােলে? 

উত্তৰঃ হঠাতে হোৱা যিবোৰ প্ৰাকৃতিক দুৰ্ঘটনাত মানুহ, জীৱ-জন্তুৰ ক্ষতিৰ লগতে বিস্তৰ ক্ষতি হয় তেনেবোৰ দুৰ্ঘটনাক প্ৰাকৃতিক দুৰ্যোগ বোলে।

( 2 ) আমাৰ ইয়াত ছুনামী নহয় কিয়? 

উত্তৰঃ  এই অঞ্চলটো ছুনামিৰ প্ৰাৱল্য অঞ্চল নহয়। সেইবাবে ইয়াত ছুনামি নহয়।

( ৩ ) বানপানী কেনেদৰে হয়? 

উত্তৰঃ বাৰিষাকালত অত্যাধিক বৰষুণৰ ফলত নদীবোৰ পানীৰে উপচি পৰে। নদীত পানী বেছি হলে বানপানীৰ সৃষ্টি হয়। 

( ৪ ) বানপানী হ’লে মানুহৰ কি কি অসুবিধা হয়? 

উত্তৰঃ বানপানীৰ ফলত মানুহৰ বিভিন্ন অসুবিধাৰ সৃষ্টি হয়। সেই অসুবিধাবোৰ তলত উল্লেখ কৰা হয়।

১। বানপানীৰ ফলত মানুহৰ খেতি নষ্ট হয়।

২। বানপানীৰ ফলত জীৱ-জন্তু উটি যোৱাৰ উপৰি মানুহো মৃত্যুমুখত পৰে।

৩। বানপানীৰ ফলত মানুহৰ ঘৰ- দুৱাৰ ভাঙে যাৰ বাবে মানুহে ঘৰ এৰি বিভিন্ন বেলেগ ঠাইত থাকিব লগীয়া হয়।

৪। বিভিন্ন ঠাইত থকাৰ ফলত মানুহৰ খাদ্যৰ নাটনী- খোৱাপানীৰ অভাৱ আদি হয়।

( ৫ ) বানপানী হলে যাতায়াতৰ ক্ষেত্ৰত কি কি অসুবিধা হয়? 

উত্তৰঃ  বানপানী হলে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ অসুবিধা। পানীৰ সুতে কেতিয়াবা গাড়ী বগৰাই দিব পাৰে। বহুতো অসুবিধাৰ সৃষ্টি হয়।

( ৬ ) বানপানীৰ সময়ত ল’বলগীয়া চাৰিটা সাৱধানতা উল্লেখ কৰা। 

উত্তৰঃ বানপানীৰ সময়ত লবলগীয়া চাৰিটা সাৱধানতা হ’ল–

১। হাতত জমা ধন ৰাখিব লাগে।

২। খোৱাপানী, খাদ্যবস্তু আদি যোগাৰ কৰি ৰাখিব লাগে।

৩। পোহৰৰ বাবে মম, টৰ্চ আদি সামগ্ৰী হাতত থাকিব লাগে।

৪। ঔষধ আদি যোগাৰ কৰি ৰাখিব লাগে। 

( ৭ ) ভূমিকম্পৰ সময়ত ল’বলগীয়া চাৰিটা সাৱধানতাৰ কথা উল্লেখ কৰা। 

উত্তৰঃ ভূমিকম্পৰ সময়ত লবলগীয়া চাৰিটা সাৱধানতা হ’ল- 

১। ভূমিকম্প অহাৰ সময়ত ঘৰৰ ভিতৰত থাকিব নালাগে।

২। ভূমিকম্প আহিলে ঘৰৰ পৰা বাহিৰত মুকলি ঠাইত থাকিব লাগে।

৩। গছ-গছনিৰ তলত থাকিব নালাগে।

৪। দৌৰ মাৰি বাহিৰলৈ ওলায় আহিব নালাগে।

( ৮ ) ভূমিকম্প কিয় হয়? 

উত্তৰঃআমাৰ পৃথিৱীত বহুতো ফলক থাকে। এই ফলত কেইখনে গতি কৰি থকা সময়ত ফলকবোৰ কেতিয়াবা ইখনে সিখনৰ ওপৰত উঠি যায়। উঠি যাওতে জোকাৰণি হয়। তেনেদৰে ভূমিকম্প হয়।

( ৯ ) ভূমিকম্প হ’লে মানুহৰ কি কি অসুবিধা হয়? 

উত্তৰঃ  ভূমিকম্পৰ ফলত মানুহৰ কেতিয়াবা ঘৰ-দুৱাৰ আদি ভাঙিযায়। মানুহৰ মৃত্যু হ’ব পাৰে।

( ১০ ) ভূমিস্থলন হােৱাৰ তিনিটা কাৰণ উল্লেখ কৰা। 

উত্তৰঃ ১।পাহাৰ কাটি ঢাল সৃষ্টি কৰিলে ভূমিস্থলন হয়।

২। পাহাৰৰ ওচৰৰ নদীৰ পাৰ সহাৰ ফলত ভূমিস্থলন হয়।

৩। পাহাৰৰ গছ- কাটিলে মাটিবোৰ খহি খহি ভূমিস্থলন হয়।

( ১১ ) ভূমিস্খলনৰ পৰা হাত সাৰিবলৈ কেনে স্থানত ঘৰ সজা অনুচিত? 

উত্তৰঃ ভূমিস্থলনৰ পৰা হাত সাৰিবলৈ পাহাৰৰ কাটি থোৱা ঠাইত ঘৰ বনোৱা অনুচিত। পাহাৰৰ ওচৰৰ নদীৰ পাৰত ঘৰ বনোৱা অনুচিত আদি। 

( ১২ ) ভূমিস্খলনৰ পৰা হাত সাৰিবলৈ ল’বলগীয়া দুটা সাৱধানতা উল্লেখ কৰা। 

উত্তৰঃ ১।ভূমিস্থলন হোৱা ঠাইৰ পৰা নামনিত থকা সুৰক্ষিত অঞ্চললৈ আহিব লাগে।

২। বেইবাদিনোবৰষুণ দি থকা ভূমিস্থলন হোৱা ঠাইৰ মাজেৰে যাত্ৰা কৰিব নালাগে।

( ১৩ ) চাৰিটা প্রাকৃতিক দুৰ্যোগৰ নাম উল্লেখ কৰা। 

উত্তৰঃ ভূমিকম্প, গৰাখহনীয়া, বানপানী, চুনামি। 

( ১৪ ) গড়া-খহনীয়া কি? 

উত্তৰঃ বানপানীৰ সময়ত নদী কাষৰীয়া মাটি খহি যায়। ইয়াকে গৰাখহনীয়া বোলে। 

( ১৫ ) বানপানীয়ে খেতি – বাতিত কিদৰে প্ৰভাৱ পেলায়?

উত্তৰঃ বানপানীৰ ফলত খেতি-বাতি নষ্ট হয়। খেতি বাতি পানীয়ে উটোৱাই নিয়ে। যাৰ ফলত বহুতো অনিষ্ট হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects