Chapter 3
গছৰ বিভিন্ন অংশ
১) ভ্ৰূণৰ অংশ দুটা কি? বীজৰ অংকুৰণত কোনটো অংশ কোনফালে বাঢ়ে?
উত্তৰঃ ভ্ৰূণৰ অংশ দুটা হৈছে – ভ্ৰূণমূল আৰু জন্মকাণ্ড। বীজৰ অংকুৰণত ভ্ৰূণমূলটো মাটিৰ পিনে তললৈ বাঢ়ে।
২) বীজৰ অংকুৰণত ভ্রণমূল আৰু জন্মকাণ্ড কোন কোন দিশত বাঢ়ে দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰা।
উত্তৰঃ এটা ভাল উৰহী গুটি এদিন পানীত তিয়াই থোৱা হ’ল। এটুকুৰা ব্ল’টিং পেপাৰ চুঙাৰ দৰে মেৰিয়াই লৈ অলপ বহল মুখৰ বটল এটাৰ ভিতৰত থিয় কৈ সুমুয়াই দিয়া হ’ল। তিয়াই থোৱা উৰহীৰ গুটিটো ব্ল’টিং পেপাৰ আৰু বটলৰ ভিতৰবেৰৰ মাজত থোৱা হ’ল। পানী ছটিয়াই ব্ল’টিং পেপাৰখন তিওৱা হ’ল। ৩/৪ দিনৰ পিছত গুটিৰ পৰা ভ্ৰূণমূলডাল উলাই মাটিৰ তলৰ পিনে বাঢ়ে। আৰু জন্মকাণ্ডডালো ওলাই পোহৰৰ ফালে বাঢ়ে।
৩) পৰাগযােগ কাক বােলে? পৰাগযােগৰ বাবে ফুলে কি কি ব্যৱস্থা গ্ৰহণ কৰে?
উত্তৰঃ পুংকেশৰৰ পৰা পৰাগৰেণু আহি গৰ্ভকেশৰৰ গৰ্ভমুণ্ডত পৰাকে পৰাগযোগ বোলে।
পৰাগযোগৰ বাবে ফুলবোৰৰ চুপহি থাকে। চুপহিবোৰত ৰং-বিৰঙৰ পাহি থাকে। এই পাহিবোৰে পৰাগযোগৰ বাবে পখিলাক আকৰ্ষণ কৰে।
৪) কাণ্ডৰ মাজেৰে পানী গছৰ সকলাে অংশলৈ যায়। তাকে দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰা।
উত্তৰঃ গিলাচত পানী লৈ দুটাত কেইটোপালমান ৰঙা চিয়াঁহী আৰু দুটাত সেউজীয় চিয়াঁহী মিহলােৱা হ’ল। ঠাৰিৰে সৈতে তিনিটা বগা ৰঙৰ ফুল যােগাৰ কৰা হ’ল। ঠাৰিৰে সৈতে দুটা ৰঙা আৰু সেউজীয়া পানীৰ গিলাচ দুটাত থােৱা হ’ল। তৃতীয় ফুলৰ ঠাৰিডাল দীঘে দীঘে ব্লেডেৰে আধালৈকে কাটি দুফাল কৰি লােৱা হয়। বাকী দুটা গিলাচ ওচৰা উচৰিকৈ থৈ এইটো ফুলৰ এফাল ঠাৰি এটা গিলাচত আৰু আনটো ফাল আনটো গিলাচত থােৱা হ’ল। লাহে লাহে ফুলৰ ৰং সলনি হ’ল। এটা ফুলৰ পাহিবােৰ সেউজীয়া হ’ল , এটাৰ পাহিবােৰ ৰঙা হ’ল। তৃতীয়টো ফুলৰ পাহিত দুয়ােটা ৰঙৰ সমাৱেশ ঘটে।
৫) ফুলৰ ছবি এখন আঁকি বিভিন্ন অংশ দেখুওৱা ।
উত্তৰঃ

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post