Might Learn Logo Might Learn Might Learn Shop

AJB Class 5 Science Chapter 4 Answer জীৱৰ চলন

Chapter 4

জীৱৰ চলন

১) জীৱৰ চলন মানে কি বুজা?

উত্তৰঃ  সকলো ধৰণৰ জীৱই লৰচৰ কৰি থকাকে জীৱৰ চলন বোলা হয়।

২) উদ্ভিদৰ চলন আছেনে? যদি আছে, এটা উদাহৰণ দিয়া।

উত্তৰঃ উদ্ভিদৰ চলন আছে। ইয়াৰ এটা উদাহৰণ হৈছে – উদ্ভিদৰ কাণ্ড পোহৰৰ ফালে বাঢ়ে।

৩) বেক্টেৰিয়াৰ চলন কেনেকৈ হয়?

উত্তৰঃ বেক্টেৰিয়াই সংকোচন আৰু প্ৰসাৰণৰ সহায়ত চলাচল কৰে।

৪) প্রাণীয়ে কিয় চলাচল কৰিবলগীয়া হয়?

উত্তৰঃ প্ৰাণীয়ে খাদ্য় গোটাবৰ বাবে চলাচল কৰিবলগীয়া হয়।

৫) হাড় আৰু পেশী প্রাণীৰ শৰীৰৰ বাবে কিয় দৰকাৰী লিখা।

উত্তৰঃ হাড় আৰু পেশী শৰীৰৰ বাবে অতি দৰকাৰী। এইবোৰৰ সহায়তে শৰীৰৰ কোমল অংগবোৰ নিৰাপদে থাকে। হাড় আৰু পেশীৰ সহায়ত শৰীৰে বিভিন্ন অংগী-ভংগী কৰিব পাৰে।

৬) উদ্ভিদৰ শিপাৰ চলন কিদৰে হয়?

উত্তৰঃ শিপাই মাটিত থকা পানীৰ দিশত গতি কৰে।

৭) ভুল / শুদ্ধ নির্ণয় কৰা। শুদ্ধ উত্তৰটোত ✓ চিন দিয়া।

(ক) বেক্টেৰিয়াত হাড় আছে।

উত্তৰঃ অশুদ্ধ।

(খ) মাখিয়ে মাথোঁ পাখিৰ সহায়ত চলাচল কৰে।

উত্তৰঃ অশুদ্ধ।

(গ) প্রাণীয়ে হাড় আৰু পেশী দুয়ােটাৰ সহায়ত লৰচৰ কৰে।

উত্তৰঃ শুদ্ধ।

(ঘ) শৰীৰৰ চলনৰ বাবে মাংসপেশীৰ প্ৰসাৰণ আৰু সংকোচন হ’ব লাগিব।

উত্তৰঃ অশুদ্ধ।

(ঙ) কিছুমান সাপজাতীয় প্রাণীৰ ঠেং থাকে।

উত্তৰঃ শুদ্ধ।

(চ) এমিবাই ফ্লেজেলাৰ সহায়ত চলাচল কৰে।

উত্তৰঃ অশুদ্ধ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects