Might Learn Logo Might Learn Shop Might Learn

AJB Class 5 Science Chapter 7 Answer আহাৰ আৰু স্বাস্থ্য

Chapter 7

আহাৰ আৰু স্বাস্থ্য

১। প্রধান পুষ্টিকৰ বস্তুবােৰ কি কি?

উত্তৰঃ প্ৰধান পুষ্টিকৰ খাদ্য়বোৰ হৈছে – কাৰ্বহাইড্ৰেট, চৰ্বী, প্ৰ’টিন, ভিটামিন বা খাদ্য়প্ৰাণ আৰু বিবিধ খনিজ পদাৰ্থ।

২। কার্বহাইড্রেট আৰু চৰ্বীয়ে আমাক কি দিয়ে? এইবােৰৰ কেইবিধমান প্রধান উৎসৰ নাম লিখা।

উত্তৰঃ কাৰ্বহাইড্ৰেট আৰু চৰ্বীয়ে আমাক শক্তি দিয়ে।

    কাৰ্বহাইড্ৰেটৰ কেইবিধমান প্ৰধান উৎসৰ নাম হৈছে – চাউল, আটা, ময়ডা, আলু আদি। 

আৰু চৰ্বীৰ কেইবিধমান প্ৰধান উৎস হৈছে – ঘিঁ, মাখন, গাখীৰ, কণী, বাদাম, মাছ, মাংস আদি।

৩। প্ৰটিনৰ প্রধান ভূমিকা কি? প্ৰটিনৰ কেইবিধমান উৎসৰ নাম লিখা।

উত্তৰঃ শৰীৰত কেতিয়াবা দুখ পালে, আঘাত পোৱা অংশবোৰ প্ৰ’টিনৰ সহায়ত পুনৰ গঠিত হয়। প্ৰ’টিনে শৰীৰক বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা দিয়ে। প্ৰটিনৰ কেইদিনৰ উপাদান হ’ল চৰায়বিন, আৰু গাজৰ আদি।

৪। ভিটামিন কিমানবিধ আৰু কি কি লিখা।

উত্তৰঃ ভিটামিন ছয়বিধ – ভিটামিন এ, ভিটামিন বি, ভিটামিন ছি, ভিটামিন ডি. ভিটামিন ই আৰু ভিটামিন কে।

৫। ভিটামিন-বি আৰু ভিটামিন-ছি কিয় আৱশ্যক লিখা।

উত্তৰঃ আহাৰত ভিটামিন নাথাকিলে শৰীৰৰ বিভিন্ন অংগ-পতংগৰ গঠন আৰু বৃদ্ধি ঠিকমতে নহয়। ইয়াৰ অভাৱত বেৰীবেৰী ৰোগ হয়। মাংসপেশীৰ গঠনৰ বাবে ভিটামিন ছিৰ আৱশ্য়ক। ভিটামিন ছিৰ অভাৱ হ’লে শৰীৰত স্কাৰ্ভি ৰোগ হয়।

৬। কণীত কি কি থাকে উল্লেখ কৰা।

উত্তৰঃ কণীত ভিটামিন ছিৰ বাহিৰে আন সকলোবিধ ভিটামিন থাকে।

৭। শাক-পাছলি কিয় খাব লাগে লিখা।

উত্তৰঃ শাক-পাচলিত পুষ্টিকৰ দ্ৰব্য় বেছিকৈ থাকে। সেয়েহে শাক-পাছলি বেছিকৈ খাব লাগে।

৮। আঁহযুক্ত আহাৰ খােৱাৰ প্ৰয়ােজনীয়তা কি?

উত্তৰঃ আঁহযুক্ত আহাৰত থকা আঁহে আমি খোৱা বস্তুবোৰৰ অলাগতিয়াল অংশবোৰ আমাৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects