Might Learn Logo Might Learn Shop Might Learn

AJB Class 5 Science Chapter 8 Answer খাদ্যবস্তু সংৰক্ষণ

Chapter 8

খাদ্যবস্তু সংৰক্ষণ

১। খোৱাবস্তু প্ৰায়ে নষ্ট কৰা বেক্টেৰিয়া দুবিধ কি?

উত্তৰঃ খোৱাবস্তু প্ৰায়ে নষ্ট কৰা বেক্টেৰিয়া দুবিধ হৈছে ছাম’নেলা আৰু ক্লছষ্ট্ৰডিয়াম।

২। দূষিত পানীৰ কাৰণে হ’ব পৰা ছয়বিধ বেমাৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ দূষিত পানীৰ কাৰণে হ’ব পৰা ছয়বিধ বেমাৰৰ নাম হৈছে – টাইফয়ড, কলেৰা, ডিছেণ্ট্ৰি, গেষ্ট্ৰ’ৰাটাইটিছ, ডায়েৰিয়া আৰু যক্ষ্মা।
৩। খোৱাবস্তু কেনেদৰে সংৰক্ষণ কৰিব পাৰি চমুকৈ লিখা।

উত্তৰঃ খোৱাবস্তু বিভিন্ন ধৰণে সংৰক্ষণ কৰিৱ পাৰি – 

– বিভিন্ন ধৰণৰ শস্য় আৰু গছৰ গুটি  ওখ, শুকান ঠাইত সাজি লোৱা ভঁৰালত সংৰক্ষণ কৰা হয়।

– ফল-মূল, শাক-পাচলি, গাখীৰ, কণী আদি বেছ কম উষ্ণতাত থ’লে বঙুদিনলৈ নষ্ট নোহোৱাকৈ থাকে।

– শাক-পাচলি, ফল-মূলসমূহ শুকুৱাই বতাহ সোমাব নোৱাৰাকৈ ৰাখিলে এইবোৰত ভেঁকুৰ নগজে।

– আচাৰ বহুদিনলৈ ভালে ৰাখিবলৈ আমাৰত নিমখ বা ভিনেগাৰ মিহলাব লাগে।৪। খোৱাবস্তুৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতাৰ বিষয়ে লিখা।

উত্তৰঃ সংৰক্ষণ কৰিলেও কিছু সাৱধান নহ’লে খাদ্য় সহজে দূষিত হ’ব পাৰে। খোৱাবস্তু বিভিন্ন বীজাণুৰ দ্বাৰা সহজে দূষিত হয়। সেইবাবে খোৱাবস্তু খুব পৰিষ্কাৰকৈ ৰখা দৰকাৰ। লেতেৰা হাতেৰে খোৱাবস্তু কেতিয়াও চুব আৰু খাব নালাগে। অপৰিষ্কাৰ হাতত লাগি থকা বেক্ট্ৰিয়াৰ বেক্টেৰিয়া খোৱাবস্তুৰ লগত মিহলি হয়। বীজাণুৰ দ্বাৰা দূষিত খা্য় খালে আমাৰ নানা ধৰণৰ অসুখ-বিসুখ হ’ব পাৰে। খোৱাবস্তু সদায় ভালদৰে ধুই চাফা পাশ্ৰত ৰাখিব লাগে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects