Might Learn Logo Might Learn Shop Might Learn

AJB Class 5 Social Science Chapter 11 Answer স্থানীয় প্ৰশাসনৰ এটি অনুষ্ঠান-গাওঁ পঞ্চায়ত

Chapter 11

স্থানীয় প্ৰশাসনৰ এটি অনুষ্ঠান-গাওঁ পঞ্চায়ত

১।একোটিকৈ বাক্যত উত্তৰ লিখাঁ।

(ক) পৌৰ নিগম কাক বোলে?

উত্তৰঃ নগৰখন যদি বেছি ডাঙৰ হয় অৰ্থাৎ মহানগৰ হয় তেতিয়া সেই অনুষ্ঠানক পৌৰনিগম বোলে।

(খ) কিমান জনসংখ্যাৰ এলেকাত একোখন গাওঁ পঞ্চায়ত গঠন কৰা হয়?

উত্তৰঃ সাধাৰণতে ৬হাজাৰতকৈ বেছি আৰু ১০হাজাৰতকৈ কম জনসংখ্যা থকা একোটা এলেকাত একোখন গাওঁ পঞ্চায়ত গঠন কৰা হয়।

(গ) গাওঁ পঞ্চায়তৰ এলেকাসমূহ কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ গাওঁ পঞ্চায়তৰ এলেকাসমূহ ১০ টা ভাগত ভাগ কৰা হৈছে।

(ঘ) গাওঁ পঞ্চায়তৰ সভাপতিজনক কোনে নিৰ্বাচিত কৰে?

উত্তৰঃ গাওঁ পঞ্চায়তৰ সভাপতিজনক জনসাধাৰণে নিৰ্বাচিত কৰে।

(ঙ) গাওঁ পঞ্চায়ত এখনৰ কাৰ্যকাল কিমান বছৰ?

উত্তৰঃ গাওঁ পঞ্চায়ত এখনৰ কাৰ্যকাল ৫ বছৰ।

(চ) গাওঁ পঞ্চায়তৰ উপ সভাপতি আৰু সদস্যসকলে কাৰ ওচৰত ইস্তফা দিব লাগে?

উত্তৰঃ গাওঁ পঞ্চায়তৰ উপ সভাপতি আৰু সদস্যসকলে সভাপতি বা সভানেত্ৰীৰ ওচৰত ইস্তফা দিব লাগে।

(ছ) গাওঁ পঞ্চায়তৰ সভাপতিজনে কাৰ ওচৰত ইস্তফা দিব লাগে?

উত্তৰঃ গাওঁ পঞ্চায়তৰ সভাপতিজনে উপায়ুক্তৰ ওচৰত ইস্তফা দিব লাগে।

(জ) গাওঁ পঞ্চায়তৰ সচিবজনক কোনে নিযুক্তি প্ৰদান কৰে?

উত্তৰঃ গাওঁ পঞ্চায়তৰক সচিবজনক ৰাজ্যচৰকাৰে নিযুক্তি প্ৰদান কৰে।

(ঝ) গাওঁ পঞ্চায়তৰ দুখন সভাৰ মাজৰ ব্যৱধান কিমান বছৰ?

উত্তৰঃ দুই বছৰ।

(ঞ) গাওঁ সভাৰ বৈঠক বছৰত কিমানবাৰ বহে?

উত্তৰঃ চাৰিবাৰ বহে।

২।খালী ঠাই পূৰ কৰা।

(ক) নগৰ অঞ্চলৰ বাবে থকা স্থানীয় প্ৰশাসনৰ অনুষ্ঠানটোৰ নামপৌৰসভা 

(খ) গাওঁ পঞ্চায়ত এখনৰ কাৰ্যকাল ৫ বছৰ।

(গ) গাওঁ পঞ্চায়তৰ সভাপতিয়ে জিলা উপায়ুক্ত ক  ইস্তফা পত্ৰ দিব লাগে।

(ঘ) গাওং পঞ্চায়ৰ সচিবজনক ৰাজ্য চৰকাৰে নিযুক্তি দিয়ে।

(ঙ) গাওঁ পঞ্চায়তৰ কাৰ্যালয় পৰিচালনাৰ দায়িত্বপ্ৰধানসচিব ৰ।

(চ) গাওঁ পঞ্চায়তৰ সভাসমূহ দুই মাহৰ মূৰে মূৰে অনুষ্ঠিত হয়।

(ছ) গাওঁসভাই যিকোনো সিদ্ধান্ত ল’বৰ বাবে পঞ্চায়ত এলেকাৰ মুঠ সদস্যৰ শতকৰা দহ  ভাগ সদস্য উপস্থিত থাকিব লাগিব।

৩।’ক’ অংশ ‘খ’ অংশৰ লগত মিলোৱা।

‘ক’ অংশ‘খ’ অংশ
গাঁওসভাগাঁও পঞ্চায়তৰ ৰাজহুৱা সভা
পৌৰনিগমডাঙৰ নগৰ অৰ্থাৎ মহানগৰৰ স্থানীয়
থূলনগৰ অঞ্চলৰ স্থানীয় প্ৰশাসনৰ অনুষ্ঠান
পৌৰসভাগাঁওসবাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণৰ বাবে প্ৰয়োজনীয় সদস্য সংখ্যা

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
গাঁওসভাগাঁও পঞ্চায়তৰ ৰাজহুৱা সভা
পৌৰনিগমডাঙৰ নগৰ অৰ্থাৎ মহানগৰৰ স্থানীয়
থূলগাঁওসভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণৰ বাবে প্ৰয়োজনীয় সদস্য সংখ্যা
পৌৰসভানগৰ অঞ্চলৰ স্থানীয় প্ৰশাসনৰ অনুষ্ঠান

৪। তলৰ বাক্যবোৰ ‘শুদ্ধ’ নে ‘অশুদ্ধ’ লিখা।


(ক) গাওঁ এখনত উদ্ভৱ হোৱা সমস্যাসমূহ তাত বাস কৰা লোকসকলে নিজ নিজ মত আৰু বুদ্ধিৰে সমাধান কৰে।

উত্তৰঃ অশুদ্ধ।

(খ) গাওঁপঞ্চায়তৰ সভাপতিজনক পঞ্চায়তখনৰ আন দহজন সদস্যই নিৰ্বাচন কৰে।

উত্তৰঃ শুদ্ধ।

(গ) গাওঁ পঞ্চায়ত এখনৰ উপ-সভাপতিজনে সভাপতিৰ ওচৰত ইস্তফা-পত্ৰ দিব লাগে।

উত্তৰঃ শুদ্ধ।

(ঘ) গুৱাহাটী মহানগৰীত থকা স্থানীয় প্ৰশাসনৰ অনুষ্ঠানটোৰ নাম হ’ল পৌৰনিগম।

উত্তৰঃ শুদ্ধ।

(ঙ) গাওঁ পঞ্চায়তখনৰ এলেকাসমূহ আঠটা ভাগত ভগোৱা হয়।

উত্তৰঃ অশুদ্ধ।

৫।চমু উত্তৰ লিখাঁ।(২০ টা শব্দৰ ভিতৰত)

(ক) গাওঁ পঞ্চায়ত কি?

উত্তৰঃ  গাঁও অঞ্চলৰ বিভিন্ন সমস্য়া সমাধানৰ বাবে আৰু অঞ্চলটোৰ উন্নয়নৰ হকে কাম কৰিবলৈ স্থানীয় প্ৰশাসনৰ যি অনুষ্ঠান গঢ়ি তোলা হয় তাকে গাঁও পঞ্চায়ত বোলে।

(খ) গাওঁ পঞ্চায়তৰ কাৰ্যকালৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ এখন গাওঁ পঞ্চায়তৰ কাৰ্যকাল পাঁচ বছৰ।গাওঁ পঞ্চায়ত এখনৰ প্ৰথমখন সভা বহাৰপৰা পাঁচ বছৰলৈ এই পঞ্চায়তখন বাহাল থাকে।তাৰ পাছত পুনৰ নিৰ্বাচনৰ যোগেদি পঞ্চায়ত গঠন কৰা হয়।এই পাঁচ বছৰৰ ভিতৰতে কোনো সদস্যই নিজৰ পদৰপৰা ইস্তফা দিব পাৰে।সভাপতি বা সভানেত্ৰীগৰাকীয়ে উপায়ুক্তগৰাকীক ইস্তফা-পত্ৰ দিব লাগে।আনহাতে উপ-সভাপতি আৰু আন আন সদস্যসকলং সভাপতিগৰাকীক ইস্তফা-পত্ৰ দিব লাগে।

(গ) গাঁওসভা কাক বোলে?

উত্তৰঃ গাঁওসভা হৈছে গাঁও পঞ্চয়াতৰ প্ৰধান অংগ। গাঁওসভা গাঁও প়্চায়তৰ ৰাজহুৱা সভা। এই সভা বছৰত কমেও চাৰিবাৰ অনুষ্ঠিত হয়। এই সভাত অঞ্চলটোৰ উন্নয়নৰ কথাবোৰ আলোচনা কৰা হয়। গাঁও সভাৰ বৈঠকত গাঁও পঞ্চায়তৰ সভাপতিয়ে সভাপতিত্ব কৰে।

(ঘ) থূল কি?

উত্তৰঃ গাওঁসভাৰ বৈঠকত এই নিৰ্দিষ্ট সংখ্যক সদস্য উপস্থিত থাকিলে ইয়াক থূল বুলি কোৱা হয়।

(ঙ) গাওঁ-পঞ্চায়তৰ উপ-সভাপতিজন কেনেদৰে নিৰ্বাচিত হয়?

উত্তৰঃ পঞ্চায়তখন গঠন হোৱাৰ পাছত সভাপতি আৰু আন সদস্যসকলক লৈ এখন সভা বহে।সেই সভাত সভাপতি আৰু ১০ গৰাকী সদস্যই মিলি উপ-সভাপতি গৰাকীক মনোনীত কৰে।

৬।গাওঁ পঞ্চায়ত এখন কেনেকৈ গঠন কৰা হয় চমুকৈ আলোচনা কৰা। 

উত্তৰঃ এজন সভাপতি বা সভানেত্ৰী আৰু দহজন সদস্য়ৰে গাঁও পঞ্চায়ত এখন গঠন কৰা হয়। এই এঘাৰজন সদ্য়সৰ এঘাৰটি পদৰ বাবে গাঁও অঞ্চলৰ যোগ্য়তা থকা লোকসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। গাঁও পঞ্চায়তখনৰ অন্তৰ্ভুক্ত এখন বা ততোধিক গাঁৱৰ ৰাইজে তেওঁলোকৰ ভোটদান কৰি সদস্য়সকলক নিৰ্বাচন কৰে। গাঁও পঞ্চায়ত এখনৰ অধীনত গাঁও থাকিব এই বিষয়টো ৰাজ্য়ৰ চৰকাৰে নিৰ্ধাৰণ কৰে। সাধাৰণতে ৬,০০০ ৰ অধিক ব ১০,০০০ তকৈ কম জনসংখ্যাৰ একোটা এলেকাত গাঁও পঞ্চায়ত গঠন কৰা হয়। 

৭।গাওঁ পঞ্চায়ত এখনৰ যিকোনো পাঁচটা কাৰ্য উল্লেখ কৰা।

উত্তৰঃ 

১। গাওঁ পঞ্চায়তখনৰ বাৰ্ষিক বাজেট প্ৰস্তুত কৰা।বাজেট মানে হ’ল আগন্তুক বৰ্ষটোত কৰিবলগীয়া কামৰ বাবে খৰচ আৰু আয়ৰ  উৎস বৰ্ণনা।

২। গাওঁ পঞ্চায়তখনত অন্তৰ্ভুক্ত গাওঁবোৰৰ জৰুৰী তথ্য সংৰক্ষণ কৰা।

৩। কৃষি ব্যৱস্থাৰ উন্নতি কৰা।

৪।গাওঁ অঞ্চলৰ গৃহ নিৰ্মাণ।

৫। প্ৰাকৃতিক দুৰ্যোগৰ বাবে সাহায্য পুঁজি গঠন কৰা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects