Chapter 13
আকাশৰ কথা
১।উত্তৰ লিখা।
(ক) তৰা কাক বোলে?
উত্তৰঃ নিশাৰ আকাশত যিবোৰ তিৰবিৰাই ঢিমিক-ঢামাক কৰি থাকে তাকে তৰা বোলে।
(খ) পৃথিৱীৰ এটা উপগ্ৰহৰ নাম লিখাঁ।
উত্তৰঃ চন্দ্ৰ পৃথিৱীৰ এটা উপগ্ৰহ।
(গ) বিশ্বব্ৰহ্মাণ্ড কাক বোলে?
উত্তৰঃ সৌৰজগতত থকা জ্যোতিষ্কবোৰৰ ওপৰিও মাহাকাশত আৰু অনেক জ্যোতিষ্ক আছে।অগণন জ্যোতিষ্ক তথা তৰাৰে ভৰি থকা অন্তহীন মহাবিশ্বখনকে বিশ্বব্ৰহ্মাণ্ড বোলে।
(ঘ) জ্যোতিষ্ক কাক বোলে?
উত্তৰঃ ৰাতিৰ আকাশত দেখা পোৱা উজ্জ্বল বস্তুবোৰকে জ্যোতিষ্ক বোলে।
(ঙ) হাতীপটি কাক বোলে?
উত্তৰঃ ৰাতি ফৰকাল আকাশত আকাশৰ মাজভাগত কেতিয়াবা উত্তৰৰ পৰা দক্ষিণলৈ এটা অতি পাতল, শুকুলা ডাৱৰৰ বাট দেখা পোৱা যায়।শুকুলা ডাৱৰৰ বাটটো প্ৰকৃততে নক্ষত্ৰপুঞ্জহে।ইয়াকে হাতীপটি বোলে।
(চ) কক্ষপথ বুলিলে কি বুজা?
উত্তৰঃ গ্ৰহবোৰে গতি কৰা এই পথবোৰ আচলতে কাল্পনিক গ্ৰহহে।এই কাল্পনিক পথবোৰক গ্ৰহবোৰৰ কক্ষপথ বোলে।
(ছ) মহাকৰ্ষণ শক্তি কাক বোলে?
উত্তৰঃ ব্শ্বব্ৰহ্মাণ্ডত থকা যিকোনো দুটা বস্তুৱে এটাই আনটোক আক্ষণ কৰি থাকে।ইয়াকে মহাকৰ্ষণ শক্তি বোলে।
২।খালী ঠাই পূৰ কৰা।
(ক) ৰামধেনুৰ সাতোতা ৰঙৰ সমষ্টিক বেঘনিসেহাসুৰ বোলে।
(খ) সূৰ্যৰ নিচেই ওচৰতে থকা গ্ৰহটো বুধ ।
(গ) পোহৰৰ গতিবেগ প্ৰতি ছেকেণ্ডত ৩,৬০,০০০ কি’লমিটাৰ।
(ঘ) ৭৫ বছৰৰ মূৰে মূৰে দেখা ধুমকেতুটোৰ নাম হেলিৰ ধুমকেতু ।

(চ) সৌৰজগতৰ নক্ষত্ৰটো হ’ল সূৰ্য ।
৩।শুদ্ধ নে অশুদ্ধ লিখাঁ।
(ক) গ্ৰহৰ নিজা পোহৰ নাই।
উত্তৰঃ শুদ্ধ।
(খ) আমি বাস কৰা পৃথিৱীখন এটা গ্ৰহ নহয়।
উত্তৰঃ অশুদ্ধ।
(গ) সৌৰজগতৰ নক্ষত্ৰটোৰ নাম সূৰ্য।
উত্তৰঃ শুদ্ধ।
(ঘ) মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত থকা গ্ৰহৰ থুপটোক গ্ৰহাণুপুঞ্জ বোলে।
উত্তৰঃ শুদ্ধ।
(ঙ) ধুমকেতু এবিধ নক্ষত্ৰ।
উত্তৰঃ অশুদ্ধ।
(চ) চন্দ্ৰ গ্ৰহণত চন্দ্ৰটো পৃথিৱী আৰু সূৰ্যৰ মাজত পৰে।
উত্তৰঃ শুদ্ধ।
(ছ) চন্দ্ৰ কলংক হ’ল চন্দ্ৰত থকা কিছুমান ডাঙৰ গ্ৰহ্বৰ।
উত্তৰঃ শুদ্ধ।
৬।পাৰ্থক্য লিখা।
(ক) গ্ৰহ আৰু নক্ষত্ৰ (খ) আভ্যন্তৰীণ গ্ৰহ আৰু বাহ্যিক গ্ৰহ।
উত্তৰঃ
| গ্ৰহ | নক্ষত্ৰ |
| আকাশত যিবোৰে স্থিৰ পোহৰ বিলাই থাকে। তাকে গ্ৰহ বোলে। | নিজৰ পোহৰ থকা তৰাবোৰক নক্ষত্ৰ বুলি কোৱা হয়। |
| গ্ৰহবোৰৰ নিজা পোহৰ নাই। | নক্ষত্ৰবোৰৰ নিজা পোহৰ আছে। |
(খ) উত্তৰঃ
| আভ্য়ন্তৰীণ গ্ৰহ | বাহ্য়িক গ্ৰহ |
| সূৰ্যৰ ওচৰত থকা গ্ৰহবোৰক আভ্য়ন্তৰীণ গ্ৰহ বোলে। | সূৰ্যৰ পৰা দূৰত থকা গ্লহবোৰক বাহ্য়িক গ্ৰহ বোলে। |
| আভ্য়ন্তৰীণ গ্ৰহবোবৰ হৈছে বুধ, শুক্ৰ, পৃথিৱী, মংগল। | বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। |
৭। সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ কাক বোলে চিত্ৰ আঁকি বুজাই লিখাঁ।
উত্তৰঃ কেতিয়াবা চন্দ্ৰটো, সূৰ্য আৰু পৃথিৱীৰ মাজত অৱসঅথান কৰে। তেতিয়া চন্দ্ৰটোৱে অলপ সময়ৰ বাবে সূৰ্যটো ঢাকি ৰখা যেন লাগে। ফলত অলপ সময়ৰ বাবে সূৰ্যটো নেদেখা হয়। ইয়াকে সূৰ্যগ্ৰহণ বোলে।

পৃথিৱী আৰু চন্দ্ৰই নিজৰ কক্ষপথত ঘূৰি থাকে। এনেদৰে ঘূৰি থাকোতে কেতিয়াবা পৃথিৱীখন চন্দ্ৰ আৰু সূৰ্যৰ মাজত একেডাল সৰলৰেখাত পৰে। তেতিয়া পৃথিৱীৰ ছাটোৱে চন্দ্ৰটোক ঢাকি ৰাখে। ইয়াকে চন্দ্ৰগ্ৰহণ বোলে।

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post