Might Learn Logo Might Learn Shop Might Learn

AJB Class 5 Social Science Chapter 15 Answer পৃথিৱীৰ জলভাগ আৰু স্থলভাগ

Chapter 15

পৃথিৱীৰ জলভাগ আৰু স্থলভাগ

১। একোটিকৈ বাক্যত উত্তৰ লিখাঁ।

(ক) পৃথিৱীৰ মুঠ কালিৰ জলভাগ আৰু স্থলভাগে কিমান শতাংশ আগুৰি আছে?

উত্তৰঃ পৃথিৱীৰ মুঠ কালিৰ ৭১ শতাংশ জলভাগ আৰু ২৯ শতাংশ স্থলভাগে আগুৰি আছে।

খ) মহাদেশবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন?

উত্তৰঃ মহাদেশবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখন হৈছে এছিয়া মহাদেশ।

গ) কোনখন মহাদেশৰ জনসংস্যা আটাইটকৈ বোছি?

উত্তৰঃ এছিয়া মহাদেশৰ জনসংখ্যা আটাইতকৈ বেছি।

ঘ) আটাইতকৈ বিশাল মহাসাগৰ কোনখন?

উত্তৰঃ আটাইতকৈ বিশাল মহাসাগৰখন হৈছে প্ৰশান্ত মহাসাগৰ।

ঙ) বৃটিছ দ্বীপপুঞ্জ কোনখন মহাসাগৰৰ অন্তৰ্গত?

উত্তৰঃ বৃটিছ দ্বীপপুঞ্জ আটলান্টিক মহাসাগৰত অন্তৰ্গত।

চ) আটাইতকৈ সৰু মহাসাগৰখনৰ নাম কি?

উত্তৰঃ আটাইতকৈ সৰু মহাসাগৰখনৰ নাম হৈছে উত্তৰ মহাসাগৰ।

ছ) উপসাগৰ কাক বোলে?

উত্তৰঃ যি জলভাগৰ তিনিওফালে মাটিৰে আগুৰা তাকে উপসাগৰ বোলে।

জ) কোনখন মহাদেশৰ মাজেৰে বিষুৱৰেখাডাল পাৰ হৈ গৈছে?

উত্তৰঃ আফ্ৰিকা মহাদেশৰ মাজেৰে বিষুৱৰেখাডাল পাৰ হৈ গৈছে।

ঝ) ওছেনিয়া মহাদেশ কোন গোলাৰ্ধত অৱস্থিত?

উত্তৰঃ ওছেনিয়া মহাদেশ সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত অৱস্থিত।

ঞ) ইউৰোপ আৰু এছিয়া মহাদেশক যুগ্মভাৱে কি বোলে?

উত্তৰঃ ইউৰোপ আৰু এছিয়া মহাদেশক যুগ্মভাৱে ইউৰেছিয়া বোলে।

ট) কোনখন মহাদেশৰ জনসংখ্যা আটাইতকৈ কম?

উত্তৰঃ এন্টাৰ্কটিকা মহাদেশৰ জনসংখ্য়া আটাইতকৈ কম।

ঠ) পৃথিৱীৰ বৃহত্তম দ্বীপটোৰ নাম কি?

উত্তৰঃ পৃথিৱীৰ বৃহত্তম দ্বীপটোৰ নাম হৈছে গ্ৰীণলেণ্ড।

 ড) এণ্টাৰ্কটিকা মহাদেশ কোন গোলাৰ্ধত অৱস্থিত?

উত্তৰঃ এন্টাৰ্কটিকা মহাদেশ দক্ষিণ গোলাৰ্ধত অৱস্থিত।

ঢ) কোন গোলাৰ্ধত জলভাগৰ পৰিমাণ বেছি?

উত্তৰঃ দক্ষিণ গোলাৰ্ধত জলভাগৰ পৰিমাণ বেছি।

ণ) প্ৰশান্ত মহাসাগৰৰ দুটা উল্লেখযোগ্য দ্বীপৰ নাম লিখাঁ।

উত্তৰঃ প্ৰশান্ত মহাসাগৰত থকা দুটা উল্লেখযোগ্য় দ্বীপৰ নাম হৈছে- নিউজিলেণ্ড আৰু জাপান।

ত) ভাৰত মহাসাগৰক কোনকেইখন দেশে আগুৰি আছে?

উত্তৰঃ ভাৰত মহাসাগৰক উত্তৰে এছিয়া মহাদেশ, পূবে অষ্ট্ৰেলিয়া আৰু পশ্চিমে আফ্ৰিকা মহাদেশে আগুৰি আছে।

থ) ভাৰত মহাসাগৰত থকা দুটা দ্বীপৰ নাম লিখাঁ।

উত্তৰঃ ভাৰত মহাসগাৰত থকা দুটা দ্বীপৰ নাম হৈছে- শ্ৰীলংকা আৰু জাভা।

দ) দক্ষিন মহাসাগৰে কোনখন মহাদেশক আগুৰি আছে?

উত্তৰঃ দক্ষিণ মহাসাগৰে এন্টাৰ্কটিকা মহাদেশক চাৰিওফালে আগুৰি আছে।

ধ) পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন?

উত্তৰঃ পৃথিৱীৰ বৃহত্তম মহাদেশখন হৈছে এছিয়া মহাদেশ।

ন) ভাৰতবৰ্ষ কোনখন মহাদেশত আছে?

উত্তৰঃ ভাৰতবৰ্ষ এছিয়া মহাদেশত আছে।

প) পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশ কোনখন? ই কোন মহাদেশৰ অন্তৰ্ভুক্ত?

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশখন হৈছে চীন দেশ। ই এছিয়া মহাদেশৰ অন্তৰ্ভুক্ত।

ফ) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন আৰু ই কোনখন মহাদেশত আছে?

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখন হৈছে চাহাৰা মৰুভূমি ই আফ্ৰিকা মহাদেশত আছে।

ব) ইউৰোপ মহাদেশ কোন গোলাৰ্ধত অৱস্থিত?

উত্তৰঃ ইউৰোপ মহাদেশ উত্তৰ গোলাৰ্ধত অৱস্থিত।

ভ) আফ্ৰিকা মহাদেশৰ অন্তৰ্ভৃুক্ত দুখন দেশৰ নাম লিখাঁ।

উত্তৰঃ  আফ্ৰিকা মহাদেশৰ অন্তৰ্ভুক্ত দুখন দেশৰ নাম হৈছে ইজিপ্ত আৰু জিম্বাবৱে। 

ম) ইউৰোপ মহাদেশৰ দুখন উল্লেখযোগ্য দেশৰ নাম লিখাঁ।

উত্তৰঃ ইউৰোপ মহাদেশৰ দুখন উল্লেখযোগ্য় দেশৰ নাম হৈছে গ্ৰেট-ব্ৰিটেইন আৰু স্পেইন।

য) ইউৰোপ মহাদেশত গঢ় লৈ উঠা দুটা প্ৰাচীন সভ্যতাৰ নাম লিখাঁ।

উত্তৰঃ ইউৰোপ মহাদেশত গঢ় লৈ উঠা দুটা প্ৰাচীন সভ্য়তাৰ নাম হৈছে গ্ৰীক সভ্য়তা আৰু ৰোমান সভ্যতা।

ৰ) উত্তৰ আমেৰিকা মহাদেশৰ দুখন উল্লেখযোগ্য দেশৰ নাম লিখাঁ।

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশ দুখন উল্লেখযোগ্য় দেশৰ নাম হৈছে কানাডা আৰু মেক্সিকো।

ল) পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন?

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখন হৈছে ওছেনিয়া।

২। খালী ঠাই পূৰ কৰাঁ।

ক) পৃথিৱীৰ মুঠ কালিৰ প্ৰায়    ২৯    শতাংশ স্থলভাগে আগুৰি আছে।

খ) জলভাগৰ মাজে মাজে   স্থলভাগ    বিস্তৃত হৈ আছে।

গ) জাপান     প্ৰশান্ত    মহাসাগৰৰ অন্তৰ্গত এখন দেশ।

ঘ) শ্ৰীলংকা   ভাৰত   মহাসাগৰৰ অন্তৰ্গত এখন দেশ।

ঙ)    দক্ষিণ   মহাসাগৰে এণ্টাৰ্কটিকা মহাদেশক চাৰিওফালে আগুৰি আছে।

চ) উত্তৰ মহাসাগৰ   সুমেৰু   বৃত্তৰ অন্তৰ্গত।

ছ) মানুহে গ্ৰহণ কৰা প্ৰায়   ২০   শতাংশ খাদ্য আৰু অক্সিজেন সাগৰ-মহাসাগৰৰপৰা আহে।

জ) এছিয়া মহাদেশ   উত্তৰ    গোলাৰ্ধত অৱস্থিত।

ঝ) জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত   দ্বিতীয়  ।

ঞ) ওছেনিয়া মহাদেশ     গ্ৰীষ্ম  মণ্ডলত অৱস্থিত।

৩। ‘ক ‘ অংশৰ লগত ‘খ’ অংশ মিলোৱাঁ।

‘ক’ অংশ‘খ’ অংশ
আৰৱ সাগৰআটাইতকৈ সৰু মহাসাগৰ
ভাৰতবৰ্ষদ্বিতীয় বিশালতম মহাসাগৰ
উত্তৰ মহাসাগৰএছিয়া মহাদেশ অন্তৰ্গত
দক্ষিণ মহাসাগৰভাৰত মহাসাগৰৰ অ্তৰ্গত
আটলান্টিক মহাসাগৰচতুৰ্থ বৃহত্তম মহাদেশ
আফ্ৰিকা মহাদেশকুমেৰু অঞ্চলত অৱস্থিত
দক্ষিণ আমেৰিকা মহাদেশনিগ্ৰোসলকৰ বাসস্থান

উত্তৰঃ 

‘ক’ অংশ‘খ’ অংশ
আৰৱ সাগৰভাৰত মহাসাগৰৰ অন্তৰ্গত
ভাৰতবৰ্ষএছিয়া মহাদেশৰ অন্তৰ্গত
উত্তৰ মহাসাগৰআটাইতকৈ সৰু মহাসাগৰ
দক্ষিণ মহাসাগৰকুমেৰু অঞ্চলত অৱস্থিত
আটলান্টিক মহাসাগৰদ্বিতীয় বিশালতম মহাসাগৰ
আফ্ৰিকা মহাদেশনিগ্ৰোসকলৰ বাসস্থান
দক্ষিণ আমেৰিকা মহাদেশচতুৰ্থ বৃহ্ত্তম মহাদেশ

৪। তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখাঁ

ক) পৃথিৱীৰ মুঠ কালিৰ প্ৰায় ৭১ শতাংশ জলভাগে আগুৰি আছে।

উত্তৰঃ শুদ্ধ।

খ) জলভাগ আৰু স্থলভাগ একো একোটা সুকীয়া গোট।

উত্তৰঃ অশুদ্ধ।

গ) স্থলভাগৰ অধিকাংশ দক্ষিণ গোলাৰ্ধত আছে।

উত্তৰঃ শুদ্ধ।

ঘ) আটলাণ্টিক মহাসাগৰৰ আকাৰ প্ৰশান্ত মহাসাগৰৰ প্ৰায় আধা।

উত্তৰঃ অশুদ্ধ।

ঙ) উত্তৰ মহাসাগৰৰ আকৃতি প্ৰায় ঘূৰণীয়া। 

উত্তৰঃ শুদ্ধ।

চ) সাগৰ-মহাসাগৰৰ পানীভাগ স্থিৰ।

উত্তৰঃ অশুদ্ধ।

ছ) পৃথিৱীৰ আধাতকৈ বেছি লোক এছিয়া মহাদেশত বাস কৰে।

উত্তৰঃ শুদ্ধ।

জ) পৃথিৱীৰ সবাতোকৈ অধিক জনসংখ্যা থকা দেশখন ইউৰোপ মহাদেশত অৱস্থিত।

উত্তৰঃ অশুদ্ধ।

ঝ) আফ্ৰিকাৰ আধা অংশত গ্ৰীষ্মকাল হ’লে আধা অংশত শীতকাল হয়।

উত্তৰঃ শুদ্ধ।

ঞ) ইউৰোপ মহাদেশ সমমণ্ডলত অৱস্থিত।

উত্তৰঃ  শুদ্ধ।

৫। চমু উত্তৰ লিখাঁ (আনুমানিক ২০ ৰপৰা ৩০টা শব্দৰ ভিতৰত)।

ক) পৃথিৱীৰ জলভাগ আৰু স্থলভাগৰ বিষয়ে লিখাঁ। জলভাগ আৰু স্থলভাগৰ পৰিমাণ দেখুৱাই চিত্ৰ আঁকিবা।

উত্তৰঃ জলভাগ আৰু স্থলভাল সংমিশ্ৰিত হৈ আছে। জলভাগৰ মাজে মাজে স্থলভাগ বিস্তৃত হৈ আছে। স্থলভাগৰ অধিকাংশ উত্তৰ গোলাৰ্ধত আছে। আনহাতে দক্ষিণ গোলাৰ্ধৰ অধিকাংশ জলভাগে আগুৰি আছে। দক্ষিণ গোলাৰ্ধত স্থলভাগৰ পৰিমাণ তেনেই কম। পৃথিৱীৰ উপৰিভাগত থকা এই বিশাল পানীভাগক পাঁচটা প্ৰধান ভাগত ভাগ কৰা হৈছে। ইয়াৰ প্ৰত্য়েক ভাগকে মহাসাগৰ বোলে। সেইদৰে স্থলভাগকো সাতটা প্ৰধান ভাগক ভাগ কৰা হৈছে। ইয়াৰ প্ৰত্য়েক ভাগক মহাদেশ বোলে।

খ) উত্তৰ মহাসাগৰৰ বিষয়ে এটি টোকা লিখাঁ।

উত্তৰঃ উত্তৰ মহাসাগৰ আটাইতকৈ সৰু মহাসাগৰ। ই প্ৰশান্ত মহাসাগৰৰ  অংশ। ইয়াৰ কালি প্ৰায় ১৪,০৫৬,০০০ বৰ্গ কিল’মিটাৰ। এই মহাসাগৰৰ আকৃতি প্ৰায় ঘূৰণীয়া। এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশে উত্তৰ মহাসাগৰক আগুৰি আছে। 

  উত্তৰ মহাসাগৰে উত্তৰ মেৰু বিন্দুক আগুৰি আছে। ই সুমেৰু বৃত্তৰ অন্তৰ্গত। এই মহাসাগৰ প্ৰায় ৫ মিটাৰ ডাঠ বৰফেৰে ঢাক খাই থাকে।

গ) আফ্ৰিকা মহাদেশৰ আধা অংশত গ্ৰীষ্মকাল হ’লে বাকী আধা অংশত শীতকাল হয়। এনে হোৱাৰ কাৰণ কি?

উত্তৰঃ আফ্ৰিকা মহাদেশৰ আধা অংশত গ্ৰীষ্মকাল হ’লে বাকী আধা অংশত শীতকাল হয়। ইয়াৰ কাৰণ হৈছে- বিষুৱ ৰেখাডাল আফ্ৰিকা মহাদেশৰ প্ৰায় মাজভাগেৰে পাৰ হৈ গৈছে। ফলত  মহাদেশখন উত্তৰ আjৰু দক্ষিণ দুয়োটা গোলাৰ্ধতে অৱস্থান কৰিছে। সেয়ে আফ্ৰিকাৰ আধা অংশত গ্ৰীষ্মকাল হ’লে বাকী আধা অংশত শীত কাল হয়।

ঘ) এণ্টাৰ্কটিকা মহাদেশৰ বিষয়ে এটি টোকা লিখাঁ।

উত্তৰঃ এন্টাৰ্কটিকা মহাদেশ দক্ষিণ মেৰু অঞ্চলত অৱস্থিত। ই কুমেৰু বৃত্তৰ অন্তৰ্গত। ইয়াৰ মুঠ কালি প্ৰায় ১৩,২০৯,০০০ ব্ৰগ কিল’মিটাৰ। 

     কুমেৰু বৃত্তৰ অন্তৰ্গত হোৱাৰ বাবে এন্টাৰ্কটিকা মহাদেশ বাৰমাহে বৰফেৰে আবৃত হৈ থাকে। সেয়ে এই মহাদেশত মানুহৰ বসতি নাই। কিন্তু পেঙ্গুইন, চীল আদি কিছুমান জীৱ-জন্তু এন্টাৰ্কটিকা মহাদেশত বাস কৰিবলৈকে সক্ষম হৈছে। 

ঙ) পৃথিৱীৰ মহাদেশ আৰু মহাসাগৰবোৰৰ এখন তালিকা প্ৰস্তুত কৰাঁ।

উত্তৰঃ

মহাদেশমহাসাগৰ
১। এছিয়া২। আফ্ৰিকা৩। ইউৰোপ৪। উত্তৰ আমেৰিকা৫। দক্ষিণ আমেৰিকা৬। ওছেনিয়া৭। এন্টাৰ্কটিকা১। প্ৰশান্ত মহাসাগৰ২। আটলান্টিক মহাসাগৰ৩। ভাৰত মহাসাগৰ৪। দক্ষিণ মহাসাগৰ৫। উত্তৰ মহাসাগৰ
✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects