Might Learn Logo Might Learn Might Learn Shop

AJB Class 5 Social Science Chapter 8 Answer সমাজ আৰু সামাজিক জীৱন প্ৰণালী

Chapter 8

সমাজ আৰু সামাজিক জীৱন প্ৰণালী

১। একোটিকৈ বাক্যত উত্তৰ লিখাঁ।

ক) সমাজ কাক বোলে?

উত্তৰঃ সাধাৰণতে আচাৰ-ব্য়ৱহাৰ, চিন্তাধাৰা, আহাৰ, বসবাস আদিত মিল থকা কিছুমান লোকৰ সমষ্টিকে বা একেলগে থকাকে সমাজ বোলে।

খ) সামাজিক জীৱন কি লিখাঁ।

উত্তৰঃ যিবোৰ পৰিস্থিতিৰ সৈতে সহাৱস্থান অৰ্থাৎ খাপ-খুৱাই জীৱন-নিৰ্বাহ কৰিব লগীয়া হয়, সামগ্ৰিকভাৱে সেয়াই হ’ল সামাজিক জীৱন।

গ) সামাজিক কৰ্তব্য কাক বোলে?

উত্তৰঃ সমাজত বাস কৰা প্ৰতিজন মানুহেই সমাজৰ প্ৰতি দায়বদ্ধ। দায়বদ্ধ হোৱাৰ কাৰণেই মানুহে সমাজৰ প্ৰতি কিছুমান দায়িত্ব আৰু কিছুমান কৰ্তব্য় পালন কৰিবলগীয়া হয়। সেই দায়িত্ব বা কৰ্তব্য়বোৰেই সামাজিক কৰ্তব্য়।

ঘ) মানুহৰ সামাজিক জীৱন কিয় ভিন্ন হয় লিখাঁ ।

উত্তৰঃ সমতল, পাহাৰীয়া, মৰুভূমি আদি অঞ্চলৰ মানুহৰ সামাজিক জীৱন বিভিন্ন। বৃত্তিগত ভিন্নতায়ো সামাজিক জীৱন ভিন্নতাৰ অন্য়তম কাৰণ। ধৰ্ম আৰু মতাদৰ্শৰ পাৰ্থক্য়ৰ বাবেও সামাজিক জীৱন ভিন্ন হয়। 

ঙ) আমি সামাজিক জীৱনৰ মেৰুদণ্ড বুলি কাক কওঁ?

উত্তৰঃ ইজনৰ প্ৰতি থকা সিজনৰ মনোভাবকেই আমি সামাজিক জীৱনৰ মেৰুদণ্ড বুলি কওঁ।

২। খালী ঠাইপূৰ কৰাঁ।

ক) সামাাজিক পৰিবেশেই সামাজিক জীৱনৰ সূচনা কৰে

খ) আমাৰ সমাজখনৰ নাম হ’ল   মানৱ       সমাজ          

গ) মানুহ      সামাজিক       প্ৰাণী

ঘ) সমাজত জীৱন-যাপন কৰিলে আমি দায়িত্ব আৰু কৰ্তব্য় পালন  কৰিবলৈ শিকোঁ।

ঙ) সামাজিক জীৱনে আমাক  সুৰক্ষা  আৰু  নিৰাপত্তা   প্ৰদান কৰে।

চ) সমাজৰ প্ৰাথমিক গোট হ’ল    পৰিয়াল

৩। চমু উত্তৰ লিখাঁ (২০ টা মান শব্দৰ ভিতৰত)।

ক) অঞ্চলভেদে সামাজিক জীৱন ভিন্ন কিয় হয় লিখাঁ।

উত্তৰঃ অঞ্চলভেদে সামাজিক জীৱন ভিন্ন হয় কাৰণ- ভৈয়াম বা সমতলৰ মানুহৰ সামাজিক জীৱনৰ লগত পাহাৰীয়া ঠাইৰ মানুহৰ সামাজিক জীৱনৰ পাৰ্থক্য় আছে। জলবায়ুয়েও মানুহৰ সামাজিক জীৱনৰ ভিন্নতা আনিব পাৰে। মৰুভূমিত বাস কৰা মানুহৰ সামাজিক জীৱনৰ লগত নৈপৰীয়া মানুহৰ সামাজিক জীৱন একে নহয়। 

খ) সমাজত বসবাস কৰি আমি কি কি কথা আয়ত্ত কৰিবলৈ সক্ষম হৈছো লিখাঁ।

উত্তৰঃ সমাজত বসবাস কৰি আমি দলবদ্ধ হ’বলৈ শিকিছো। সমাজেই আমাক নিয়ম-কানুন শিকাই স্বাভাৱিক জীৱন-যাপন কৰাত সহায় কৰিছে। সমাজত থাকিলে স্বয়ংক্ৰিয়ভাৱেই কিছুমান নিয়ম-নীতিৰ দ্বাৰা আমি পৰিচালিত হওঁ। আমি ইজনে-সিজনক শ্ৰদ্ধা কৰিবলৈ, বিপদত সহায় কৰিবলৈ, আৰ অনুভূতিক বুজিবলৈ, সামাজিক সমস্য়াসমূহ সমাধান কৰিবলৈ আমি আমাৰ সমাজখনত বসবাস কৰাৰ কাৰণে আয়ত্ত কৰিব পাৰিছো। 

গ) মানুহক কিয় সামাজিক প্ৰাণী বুলি কোৱা হয় লিখাঁ।

উত্তৰঃ  এক ক্ৰমবিকাশৰ ধাৰাৰ মাজেৰে আহি আহি মানুহে আজিৰ এই অৱস্থা পাইছেহি। গছৰ বাকলি পিন্ধি অঘৰী জীৱন কটোৱা মানুহে আজি নিজৰ পচন্দ মতে বিভিন্ন সাজপাৰ পিন্ধিবলৈ আু বিভিন্ন ঘৰত নিজাববীয়াকৈ থাকিবলৈ লৈছে। শিলে শিলে ঘঁহাই জুই জ্বলোৱা মানুহে ৰন্ধন গেছ ব্য়ৱহাৰ কৰিবলৈ লৈছে। মানুহৰ মানসিক দিশৰ ক্ষেত্ৰতো পৰিৱৰ্তনৰ সূচনা হৈছে। সামাজিকভাৱে জীয়াই থকাৰ প্ৰাথমিক জ্ঞানখিনি মানুহে পৰিয়াল আৰু পৰিৱেশৰ মাজত থাকিয়েই শিকে। দৰাচলতে পৰিয়ালৰ পৰিবেশৰ মাজত মানুহে প্ৰথম সমাজৰ ধাৰণাৰ সৈতে পৰিচিত হয়। পৰিয়ালক বহল মানৱ সমাজখনৰ ক্ষুদ্ৰ ৰূপ বা প্ৰাথমিক ৰূপ বুলি ক’ব পাৰি। কাৰণ পৰিয়ালেই হৈছে সমাজৰ প্ৰাথমিক গোট। ইয়াৰ কাৰণেই মানুহক সামাজিক প্ৰাণী বুলি কোৱা হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects