Might Learn Logo Might Learn Might Learn Shop

AJB Class 5 Social Science Chapter 9 Answer জীৱিকা আৰু পৰস্পৰ নিৰ্ভৰশীলতা

Chapter 9

জীৱিকা আৰু পৰস্পৰ নিৰ্ভৰশীলতা

১। একোটিকৈ বাক্যত উত্তৰ লিখাঁ।

ক) কৃষিজীৱী কাক বোলে?

উত্তৰঃ কৃষিৰ লগত জড়িত লোকসকলক কৃষিজীৱী বোলে।

খ) অসমৰ শুৱালকুছি কোনটো উদ্যোগৰ লগত জড়িত?

উত্তৰঃ অসমৰ শুৱালকুছি বয়ন-শিল্প উদ্য়োগৰ লগত জড়িত।

গ) অসমৰ কিমান শতাংশ লোক কৃষি কাৰ্যৰ লগত জড়়িত?

উত্তৰঃ অসমৰ ৮২% লোক কৃষি কাৰ্যৰ লগত জড়িত।

ঘ) পচন সাৰ কেনেকৈ প্ৰস্তুত কৰা হয়?

উত্তৰঃ  গোবৰ, জাবৰ-জোঁথৰ আধি পচাই পচন সাৰ প্ৰস্তুত কৰা হয়।

ঙ) তুন্দ্ৰা অঞ্চলত খেতি-বাতি কিয় কৰিব পৰা নাযায়?

উত্তৰঃ তুন্দ্ৰা অঞ্চলসমূহ বৰফেৰে আবৃত হৈ থাকে কাৰণে তাত খেতি-বাতি কৰিব পৰা নাযায়।

চ) অসমৰ বেছিভাগ মানুহৰ প্ৰধান বৃত্তি কি?

উত্তৰঃ অসমৰ বেছিভাগ মানুহৰ প্ৰধান বৃত্তি হৈছে কৃষি।

ছ) কৃষি বনুৱা কাক বোলে?

উত্তৰঃ খেতিপথাৰত বা বাগানবোৰত যিসকল লোকে দিন-হাজিৰা বা দৈনিক মজুৰীৰ ভিত্তিত কাম কৰে তেনে লোকক কৃষি বনুৱা বোলে।

জ) সমাজৰ সেৱা কাৰ্যৰ লগত জড়িত দুটা বৃত্তিৰ নাম লিখাঁ।

উত্তৰঃ সমাজৰ সেৱা কাৰ্যৰ লগত জড়িত দুটা বৃত্তিৰ নাম হৈছে- ডাক্তৰ আৰু শিক্ষক

২। খালী ঠাই পূৰ কৰাঁ।

ক) আমাৰ ভাৰতবৰ্ষৰ বেছিভাগ মানুহৰ প্ৰধান জীৱিকা হৈছে  কৃষি ।

খ) গোবৰ, জাবৰ-জোঁথৰ আদি পচাই পচন সাৰ প্ৰস্তুত কৰা হয়। 

গ) ভাৰতৰ বয়ন উদ্যোগসমূহত প্ৰয়োজনতকৈ  অধিক লোকজড়িত হৈ আছে।

ঘ) খেতিপথাৰত নতুন নতুন বৈজ্ঞানিক পদ্ধতি প্ৰয়োগৰ ফলত উৎপাদন পৰিমাণ বৃদ্ধি    পাইছে।

ঙ) আজিকালি খেতিপথাৰত    শাৰীৰিক   শ্ৰমৰ প্ৰয়োজন কমি আহিছে।

৩। তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখাঁ।

ক) ভাৰতবৰ্ষৰ ৭০ শতাংশ লোক কৃষিজীৱী।

উত্তৰঃ শুদ্ধ।

খ) খেতিপথাৰসমূহত উন্নত আধুনিক যন্ত্ৰপাতিৰ ব্যৱহাৰ কৰাৰ ফলত উৎপাদন হ্ৰাস পাইছে।

উত্তৰঃ অশুদ্ধ।

গ) কম পৰিমাণৰ মাটিত খেতিয়কে নাঙলেৰে মাটি চহ কৰে।

উত্তৰঃ শুদ্ধ।

ঘ) তুন্দ্ৰা অঞ্চলৰ লোকসকলৰ প্ৰধান জীৱিকা হৈছে চিকাৰ কৰা।

উত্তৰঃ শুদ্ধ।

ঙ) উদ্যোগসমূহত দৈনিক মজুৰিৰি ভিত্তিত কাম কৰা লোকক কৃষি বনুৱা বোলে।

উত্তৰঃ অশুদ্ধ।

৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱাঁ।

‘ক’ অংশ‘খ’ অংশ
(ক)ভাৰতবৰ্ষখেতিয়কসকলে খেতিপথাৰত ব্যস্ত হৈ পৰে
(খ) ট্ৰেক্টৰ, পাৱাৰটিলাৰ আদিবয়ন শিল্পৰ লগত জড়িত অঞ্চল।
(গ)বাৰিষা কালতখেজুৰ, উটৰ গাখীৰ, মাংস আদি খাদ্য় খাই জীয়াই থাকে
(ঘ)শুৱালকুছিএখন কৃষিপ্ৰধান দেশ
(ঙ)শিক্ষকসকলবেছি পৰিমাণৰ মাটি চহাবলৈ ব্যৱহাৰ কৰা হয়
(চ) মৰুভূমি অঞ্চলৰ লোকসকলে সমাজৰ সেৱা কাৰ্যৰ লগত জড়িত হৈ থাকে

উত্তৰঃ 

‘ক’ অংশ‘খ’ অংশ
(ক)ভাৰতবৰ্ষ এখন কৃষিপ্ৰধান দেশ।
(খ)ট্ৰেক্টৰ, পাৱাৰটিলাৰ আদি বেছি পৰিমাণৰ মাটি চহাবলৈ ব্যৱহাৰ কৰা হয়।
(গ)বাৰিষা কালতখেতিয়কসকল খেতিপথাৰত ব্যস্ত হৈ পৰে।
(ঘ)শুৱালকুছিবয়ন শিল্পৰ লগত জড়িত অঞ্চল।
(ঙ)শিক্ষকসকলসমাজৰ সেৱা কাৰ্যৰ লগত জড়িত হৈ থাকে।
(চ) মৰুভূমি অঞ্চলৰ লোকসকলেখেজুৰ, উটৰ গাখীৰ, মাংস আদি খাদ্য় খাই জীয়াই থাকে।

৫। চমু উত্তৰ লিখাঁ ( ২০ টা শব্দৰ ভিতৰত )।

ক) বৃত্তি বুলিলে কি বুজা? তুমি সমাজ জীৱনত দেখা কেইটামান বৃত্তিৰ উদাহৰণ দিয়াঁ।

উত্তৰঃ এজন মানুহে নিজৰ লগতে নিজৰ পৰিয়ালৰ লোকসকলৰ বিভিন্ন প্ৰয়োজন পূৰাবলৈ মানুহজনে কৰা কামটোকে মানুহজনৰ বৃত্তি বা জীৱিকা বোলে। মই সমাজ জীৱনত দেখা কেইটামান বৃত্তিৰ উদাহৰণ হ’ল- শিক্ষক, ডাক্তৰ, নাৰ্চ, আৰক্ষী, খেতিয়ক ইত্য়াদি।

খ) কৃষি বনুৱাসকলে খেতিপথাৰত কাম নাথাকিলে কেনেদৰে জীৱন নিৰ্বাহ কৰে লিখাঁ।

উত্তৰঃ কৃষি বনুৱাসকলে খেতিপথাৰত কাম নাথাকিলে তাঁত বোৱা, বাঁহ-বেতৰ কাম কৰা, শিলৰ কুঁৱেৰীত কাম কৰা, ৰিক্সা চলোৱা, তামোল-নাৰিকলৰ ব্য়ৱসায় কৰা আদি বিভিন্ন কাম কৰি জীৱিকা নিৰ্বাহ কৰে।

গ) সাগৰৰ পাৰৰ লোকসকলৰ বৃত্তি কেনেধৰণৰ হয় লিখাঁ।

উত্তৰঃ সাগৰৰ পাৰৰ লোকসকলৰ বৃত্তি মাছধৰা, জালবোৱা, নাও বা জাহাজ নিৰ্মাণ কৰা আদি বিভিন্ন ধৰণৰ হয়।

ঘ) কৃষি কাৰ্যত বৈজ্ঞানিক পদ্ধতি ব্য়ৱহাৰৰ ফলত হোৱা সুবিধাবোৰ কি কি?

উত্তৰঃ কৃষি কাৰ্যত বৈজ্ঞানিক পদ্ধতি ব্য়ৱহাৰৰ ফলত হোৱা সুবিধাবোৰ হৈছে শস্য়ৰ উৎপাদনৰ হাৰ আৰু শস্য়ৰ মান বৃদ্ধি পাইছে। ইয়াৰ লগতে উৎপাদন ক্ষেত্ৰত সময় আৰু মানৱ দেহৰ শক্তি খৰচৰ পৰিমাণ হ্ৰাস পাইছে। 

ঙ) মানুহৰ বৃত্তি বা জীৱিকা ভিন্ন হোৱাৰ কাৰণবোৰ কি কি?

উত্তৰঃ প্ৰাকৃতিক পিৰৱেশ, ঠাই এখনৰ ভৌগোলিক অৱস্থান, জলবায়ুৰ প্ৰভাৱ আদি প্ৰাকৃতিক উপাদানৰ বাবে বিভিন্ন ঠাইৰ মানুহৰ জীৱন নিৰ্বাহ প্ৰণালী বা জীৱিকা ভিন্ন হয়।

চ) তুন্দ্ৰা অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা কি কি হয় লিখাঁ।

উত্তৰঃ তুন্দ্ৰা অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা হৈছে চিকাৰ কৰা ।

ছ) মৰুভূমি অঞ্চলৰ মানুহৰ খাদ্য কেনে ধৰণৰ হয় লিখাঁ

উত্তৰঃ  উটৰ গাখীৰ, মাংস, খেজুৰৰপৰা তৈয়াৰী খাদ্য় আদি মৰুভূমি অঞ্চলৰ মানুহৰ খাদ্য়।

জ) মৰুভূমি অঞ্চলৰ মানুহে কিদৰে জীৱিকা নিৰ্বাহ কৰে লিখাঁ।

উত্তৰঃ মৰুভূমি অঞ্চলৰ মানহে, সাপ ধৰি, সাপৰ খেল দেখুৱাই আদি বিভিন্ন মণিহাৰী বস্তু বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে।

৬। চমু টোকা লিখাঁ।

ক) অসমৰ ভৈয়ামৰ কৃষি

উত্তৰঃ অসমৰ ভৈয়াম অঞ্চলৰ মাটি পলসুৱা বা সাৰুৱা। এই মাটিত ধান, চাহ, মৰাপাট, সৰিয়হ, কুঁহিয়াৰ, নানাবিধ মাহজাতীয় শস্য়, শাক-পাচলি আৰু ফল-মূল উৎপন্ন হয়। কম পৰিমাণৰ মাটিত খেতিয়কসকলে নাঙলেৰে মাটি চহাই খেতি কৰে। গোব, জাবৰ-জোঁথৰ আদি পচাই প্ৰস্তুত কৰা পচন সাৰ খেতিপথাৰত প্ৰয়োগ কৰে। আকৌ বেছি পৰিমাণৰ মাটিত খেতিয়কসকলে মানুহৰ উপৰিও যন্ত্ৰৰ ব্য়ৱহাৰ কৰে। মাটি চহাবলৈ, ট্ৰেক্টৰ, পাৱাৰ টিলাৰ ব্য়ৱহাৰ কৰে। তদুপৰি বৈজ্ঞানিক উপায়েৰে প্ৰস্তুত কৰা উন্নমানৰ বীজ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰৰব আৰু পানী যোগানৰ বাবে অগভীৰ নলী-নীদ বা শ্বেল’টিউৱেল ব্য়ৱহাৰ কৰে। খেতিয়কসকলে বাৰিষাৰ আগমনৰ লগে লগে খেতিপথাৰত ব্য়স্ত হৈ পৰে। ধান, মাহ আদি শস্য়ৰ খেতিত আলি বন্ধা, কঠিয়া তোলা, শস্য় কটা, মৰণা মৰা আদি বিবইন্ন কামত বহু পৰিমাণৰ লোক জড়িত হৈ থাকে। 

খ) অসমৰ বয়ন উদ্যোগঃ অসম অতীজৰে পৰা বয়ন শিল্পত আগবঢ়া। অসমৰ শিপিনীয়ে তাঁতশালত এড়ী, মুগা, কপাহী, পাট কাপোৰ বৈ নিজে পিন্ধা উপৰিও ইয়াৰ ব্য়ৱসায়ো কৰে। এই বয়ন শিল্পৰ লগত জড়িত লোকসকলে প্ৰয়োজনীয় কেঁচামালৰ বাবে খেতিয়কসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়।

গ) উদ্যোগৰ পৰস্পৰ নিৰ্ভৰশীলতাঃ বৰ্তমান সময়ত উন্নত পানী যোগান ব্য়ৱস্থা, বিভিন্ন উদ্য়োগত প্ৰয়োজন হোৱা সা-সৰঞ্জাম নিৰ্মাণৰ কাৰখানা, খনিসমূহৰ পৰা অধিক পৰিমাণৰ সম্পদ আহৰণৰ ব্য়ৱস্থা কৰিবলৈ বিভিন্ন বৃত্তিধাৰী লোকৰ প্ৰয়োজন হয়। উদাহৰণ স্বৰূপে, খেতিয়ক এঝনে ট্ৰেক্টৰখনৰ কাৰণে ট্ৰেক্টৰ নিৰ্মাণ কৰা কাৰখানাৰ কৰ্মীসকলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। কাৰখানাৰ কৰ্মীসকলে কাৰখানাসমূহত প্ৰয়োজন হোৱা বিজুলী শক্তিৰ বাবে বিদ্য়ুৎ উৎপাদন কাৰ্যৰ লগত জড়িত লোকৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। কাৰখানাবোৰত, যাতায়ত ব্য়ৱস্থাত নাইবা অন্য়ান্য় উদ্য়োগসমূহত প্ৰয়োজন হোৱা পেট্ৰ’ল, ডিজেল, কয়লা ইত্য়াদিৰ বাবে খনিসমূহৰ ওপৰত নিৰ্ভৰ কৰিবলগা হয়। গতিকে বিভিন্ন উদ্য়োগসমূহো পৰস্পৰ নিৰ্ভৰশীল হৈ থাকে।

ঘ) তুন্দ্ৰা অঞ্চলঃ পৃথিৱীৰ কোনো অঞ্চলত বছৰৰ প্ৰায়ভাগ সময়তেই বৰফ পৰি থাকে। এনে তুন্দ্ৰা অঞ্চলসমূহ বৰফেৰে আৱৰি থকাৰ কাৰণে তাত কৃষিকাৰ্য কৰাতো সম্ভৱ নহয়। সেই ঠাইৰ লোকসকলে চিকাৰজীৱি। তেওঁলোকে জন্তুৰ হাড়, ছাল নাইবা মাছৰ তেল, মাংস, মাছ আদিৰো ব্য়ৱসায় কৰে। 

৭। পাৰ্থক্য লিখাঁ। (এটি বা দুটিকৈ)

ক) পুৰণি কৃষি পদ্ধতি আৰু আধুনিক কৃষি পদ্ধতি

উত্তৰঃ 

পুৰণি কৃষি পদ্ধতিআধুনিক কৃষি পদ্ধতি
পূৰণি কৃষি পদ্ধতিত মাটি চহাবলৈ নাঙলৰ ব্যৱহাৰ কৰিছিল।আধুনিক কৃষি পদ্ধতিত মাটি চহাবৰ কাৰণে ট্ৰেক্টৰ, পাৱাৰটিলাৰ আদি ব্যৱহাৰ কৰা হয়।
পূৰণি কৃষি পদ্ধতিত মৰণা মাৰিবৰ কাৰণে গৰু ব্য়ৱহাৰ কৰা হয়।আধুনিক কৃষি পদ্ধতিত মৰণা মাৰিবৰ কাৰণে মেচিন ব্যৱহাৰ কৰা হয়।

খ) পুৰণি যাতায়াত আৰু যোগাযোগ ব্যৱস্থা আৰু আধুনিক যাতায়াত আৰু যোগাযোগ ব্যৱস্থা।

উত্তৰঃ 

পুৰণি যাতায়াত আৰু যোগাযোগ ব্যৱস্থাআধুনিক যাতায়াত আৰু যোগাযোগ ব্যৱস্থা।

পূৰণি যাতায়ত ব্যৱস্থাত গৰুগাড়ী, ঘোঁৰাগাড়ী, উট ইত্যাদি ব্যৱহাৰ কৰা হয় আৰু পূৰণি যোগাযোগ ব্যৱস্থাত চিঠি-পত্ৰ ইত্য়াদিৰ ব্য়ৱহাৰ কৰা হৈছিল।
আধুনিক যাতায়ত ব্য়ৱস্থাত চাইকেল, বাইক, গাড়ী, ৰেল, বিমান, পানীজাহাজ ইত্যাদি ব্য়ৱহাৰ কৰা হয় আৰু আধুনিক যোগাযোগ ব্যৱস্থাত মবাইল ফ’ন, টেলিফোন,  ইমেইল ইত্যাদি ব্য়ৱহাৰ কৰা হয়।
✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects