Might Learn Logo Might Learn

AJB Class 6 Assamese Chapter 1 Answer বিহু আদৰণি

পাঠ ১

 বিহু আদৰণি 

ক্ৰিয়া-কলাপ

* অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ:

চ’তাই           = চ’ত মাহ

থেৰেজু        = এবিধ ওখ ডাঙৰ গছ আৰু তাৰ বগৰীৰ নিচিনা ফল

বৰ্হমথুৰি      = বহল দীঘলীয়া পাতেৰে দীঘল দীঘল থুৰি মেলা এহিধ ওখ ডাঙৰ আওকাঠী গছ 

মাখিয়তী      = এবিধ বনৰীয়া সৰু গছ। তাৰে কোবালে বছৰেকলৈ গৰুক মহ, ডাঁহে কামুৰিব নোৱাৰে বুলি বিশ্বাস কৰা হয় ।  

তৰা             = প্ৰায় দ ঠাইত হোৱা দীঘল দীঘল বৌখা আৰু মূৰত দীঘলীয়া পাত থকা এবিধ বন-গছ।

                       ইয়াৰ বৌখাবোৰ শুকুৱাই তাৰে পঘা, জৰি আদি বাটে

আওলা        = আগচালি; ঘৰৰ  পানীপাছৰ খুঁটাৰ বাহিৰে ওলাই থকা চাল 

চাত             = লগ হোৱা; গৰুৰ গালৈ মাৰিবৰ বাবে বাঁহৰ মাৰিত পাচলি সুমুৱাই তৈয়াৰ কৰি লোৱা যতন

ৰঙ্গচা          = ৰঙচুৱা 

খোলা          = খোৱা বস্তু ভজা মাটি আদিৰ মেলাহি পাত্ৰ বা তাৰ ভগা এক খণ্ড

সুগৰ           = সুৰত বন্ধা

[১] কবিতাটিৰ  সাৰাংশ লিখাঁ।

উত্তৰঃ আমাৰ সমাজত বিহু আহিলে কেনেদৰে সাজু  হয় তাৰে বৰ্ণনা দিছে। যেনেকৈ কবিয়ে বিহুলৈ বুলি জেতুকা, থেৰেজু, বৰ্হমথুৰি আনিছে, মাকে শালৰ গামোচা কাটিছে, বায়েকে নাহৰৰ ডাল আনিছে, খুড়ীয়েকে পিঠা বনাইছে, আইতাকে থাপনাৰ মছিচে আদি কামবোৰ কৰিছে।

[২] কবিয়ে চ’তাই বুলি কাক সম্বোধন কৰিছে?

উত্তৰঃ কবিয়ে চতাই বুলি চত মাহক সম্বোধন কৰিছে।

[৩] কবিয়ে চ’তাইক কি কৰিবলৈ অনুৰোধ কৰিছে?

উত্তৰঃ কবিয়ে চতাইক ৰঙালীক আদৰি আনিবলৈ অনুৰোধ কৰিছে।

[৪] কবিয়ে পদূলিমুখত কাৰ কাৰণে বাট চাই থকাৰ কথা কৈছে?

উত্তৰঃ কবিয়ে পদূলিমুখত ৰঙালী কাৰণে বাট চাই থকাৰ কথা কৈছে।

[৫] (ক) বিহুক আদৰিবৰ কাৰণে কবিয়ে নিজে কি কি কৰিছে?

উত্তৰঃ বিহুক আদৰিবৰ কাৰণে কবিয়ে জেতুকা, থেৰেজু, বৰ্হমথুৰি আনিছে, মাখিয়তা পাত আৰু তৰাৰ পঘাৰে আওলা জুৰিছে, হালধি, বেঙেনা আৰু থেকেৰা দি বাহ চাত বনাইছে। লগতে ঢোল, টকা, পেপা সুগৰ কৰি চোতাল বাট সাৰিছে।

(খ) কবিৰ মাকে কি কি কৰিছে?

উত্তৰঃ কবিৰ মাকে শালৰ পৰা আচুৰ ভমকা ফুলৰ গামোচা কাটিছে।

(গ) কবিৰ বায়েকে কি কি কৰিছে?

উত্তৰঃ কবিৰ বায়েকে খোপালৈ বুলি বহল পাতৰ নাহৰ ডালি আনিছে।

(ঘ) কবিৰ দেউতাকে কি কি কৰিছে?

উত্তৰঃ কবিৰ দেউতাকে নাহৰৰ ডালি আনিছে।

(ঙ) কবিৰ খুড়ীয়েকে কি কি কৰিছে?

উত্তৰঃ কবিৰ খুড়ীয়েকে তিল আৰু গুড় লৈ পিঠা বনাইছে।

(চ) কবিৰ আইতাকে কি কি কৰিছে?

উত্তৰঃ কবিৰ আইতাকে থাপনাৰ আগ মছিছে।

[৬] বিহুত ব্যৱহাৰ কৰা কেইবিধমান বাদ্যযন্ত্ৰৰ নাম লিখাঁ।

উত্তৰঃ ঢোল, পেপা, টকা, গগনা, তাল আদি।

[ ৭] কবিয়ে জেতুকা, থেৰেজু আৰু বৰ্হমথুৰি যোগাৰ কৰাৰ কাৰণ কি?

উত্তৰঃ  কবিরে জেতুকাৰে হাতত, নখত ৰং লগাবৰ বাবে ; থেৰে খাৰ বাবে আৰু বৰ্হমথুৰিৰে ওঁঠত ৰং লগাবৰ বাবে যােগাৰ কৰিছে।

[ ৮] বিহুত মাখিয়তি পাত, তৰা, হালধী, বেঙেনা, থেকেৰা আদি কিয় লাগে বাৰু?

উত্তৰঃ বিহুত গৰুক গা ধুৱাবলৈ আৰু গাত মাৰিবলৈ মাখিয়তি পাত, তৰা, হালধী, বেঙেনা, থেকেৰা আদি লাগে।

[ ৯] কোনটো বিহুক ৰঙালী বিহু বুলি কোৱা হয়? সেই বিহুটোক ৰঙালী বোলাৰ কাৰণ কি?

উত্তৰঃ বহাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয়। সেই বিহুত সকলোৰে ৰং ধেমালী কৰে কাৰণে ৰঙালী বিহু বুলি কোৱা হয়।

← Previous Chapter NEXT Chapter →

Check By- Mukesh Borah

Post ID : DABP005890

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects