Might Learn Logo Might Learn

AJB Class 6 Assamese Chapter 12 Answer বুদ্ধিয়ক টেটোন

বুদ্ধিয়ক টেটোন

পাঠঃবাৰ

ক্ৰিয়া-কলাপ

⚪ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ

কপাল ফুল = সৌভাগ্যৰ উদয় হোৱা

জগৰ = দোষ

পোহাৰ = খুচুৰা বস্তু বেচা দোকান

পোহাৰী = অলপীয়া মূল্যৰ বস্তু বেচি ফুৰা তিৰোতা

গুচৰীয়া = যিয়ে গোচৰ দিয়ে

উপায়ান্তৰ = আন উপায়

ৰগৰ = ধেমালী

হাউলি = ৰজা-মহাৰজা, ডাঙৰ লোকৰ ঘৰ-বাৰী

টোম = বাঁহৰ কাঠী বা তমালেৰে সেৰেঙাকৈ বোৱা একপ্ৰকাৰ পাচি।

হেংদাং = আহোম ৰজাই বা সেই কালৰ ডাঙৰ লোকে ব্যৱহাৰ কৰা তৰোৱাল

[ ১] বাক্যত উত্তৰ লিখাঁঃ

ক) টেটোন ঘৰৰখীয়া কৰি ঘৰৰ বাকীবোৰ মানুহ কলৈ গৈছিল?

উত্তৰঃ টেটোনক ঘৰৰখীয়া কৰি ঘৰৰ দেউতাক গল হাল বাবলৈ, মাক গল ভূঁই ৰুবলৈ, বায়েক গল মাছ মাৰিবলৈ।

খ) ভিনিহিয়েকে টেটোনক কি সুধিছিল আৰু তাৰ উত্তৰত টেটোনে কি কৈছিল?

উত্তৰঃ ভিনিহিয়েকে টেটোনক সুধিলে, ”বাপেৰ আছেনে ঘৰত”?

দেউতাকক ‘বাপেৰ’ বোলাত খং উঠিলত টেটোনে উত্তৰ দিছিল, ”পিতাই পাতাল ছিৰি তলৰ মাটি ওপৰ কৰিবলৈ গ’ল।”

ভিনিয়েকে সুধিলে, ”মাৰ কত হেৰৌ”?

টেটোনে উত্তৰ দিলে, ”আই গৈছে সাদিনীয়া পঁইতা খাই মৰাক জীয়াবলৈ”।

আকৌ ভিনিয়েকে সুধিলে , ”বায়েৰ একা”?

টেটোনে উত্তৰ দিলে, ”বাই গ’ল সাগৰ চালি মাণিক তুলিবলৈ?”

গ) টেটোনক কিয় ঘৰৰপৰা খেদি পঠিওৱা হৈছিল?

উত্তৰঃ ভিনিয়েকক অনাদৰ কৰা বুলি জগৰীয়া কৰি টেটোনক ঘৰৰ পৰা খেদি পঠিওৱা হৈছিল।

ঘ) টেটোনক কোনে আৰু কিয় বান্ধিছিল?

উত্তৰঃ টেটোনক গৃহস্থই, চোৰ কৰিবলৈ যোৱা কাৰণে বান্ধিছিল।

ঙ) গৰুৰ গৰাকীয়ে কিয় ৰজাক গোচৰ দিবলৈ ওলাইছিল?

উত্তৰঃ টেটোনে গৰুটো মৰা কাৰণে গৰুৰ গৰাকীয়ে ৰজাক গোচৰ দিবলৈ ওলাইছিল।

চ) টেটোনৰ তৃতীয় জগৰটো কি আছিল?

উত্তৰঃ বুঢ়ীৰ বুকুত গোৰ মাৰি দিয়া টেটোনৰ তৃতীয় গোচৰ আছিল।

ছ) জগৰীয়া টেটোনে বিচাৰ চ’ৰাত ৰজাক কি বুলি উত্তৰ দিছিল?

উত্তৰঃ জগৰীয়া টেটোনে ৰজাক কলে-

                    স্বৰ্গদেউ ঈশ্বৰ, ”চোৰেনো কৰবাত ঢোল বজাই গৃহস্থক জগায়নে”।

টেটোনে আকৌ কলে,” স্বৰ্গদেউ ঈশ্বৰ, মই একো জগৰ লগোৱা নাই। গৰুৰ গৰাকীয়ে তাৰ গৰুটো একে মাৰে কোনোবাই মাৰক বুলি কোৱাত হে মই একে মাৰে গৰুটো মাৰিলো”।

এইবাৰ টেটোনে আকৌ কলে, ”বুঢ়ীয়ে পইছা দি কলআষি লৈ বুকুত গোৰ মাৰিবলৈ কোৱাত হে সি বুকুত গুৰিয়াইছিল”।

জ) ৰজাই টেটোনক কিয় ধন দিবলগীয়া হৈছিল?

উত্তৰঃ টেটোনৰ প্ৰতিটো উত্তৰ প্ৰতি এইটো এশ টকীয়া কথা, এইটো হাজাৰ টকীয়া কথা, এইটো লাফটকীয়া কথা বুলি কোৱাত ৰজাই ধন দিবলগীয়া হৈছিল।

ঝ) তগৰ কোন? তগৰে টেটোনক কিয় মাতিছিল?

উত্তৰঃ তগৰ ন্যায়সোধা ফুকনৰ জীয়ৰী। তগৰে টেটোনক ভাত খাবলৈ মাতিছিল।

ঞ) তগৰক টেটোনে টোমটো কিয় দিছিল?

উত্তৰঃ ভাত খোৱাৰ কাৰণে তগৰক টেটোনে টোমটো দিছিল।

ট) টেটোনে ৰজাক কি প্ৰশ্ন সুধিছিল আৰু উত্তৰত ৰজাই কি বুলি কৈছিল?

উত্তৰঃ টেটোনে ৰজাক সুধিছিল, ”স্বৰ্গদেউ ঈশ্বৰ, কোনে, কাৰ ধন ৰাখি, কাক গা-পা ধুৱাই, বৰপীৰা পাৰি বহুৱাই, ভাত খুৱাই দি, শৰাইট তামোন-পাণ যাচে”?

ৰজাই উত্তৰ দিলে, ”হেৰ’ এইটোনো সুধিবলগা কথা নে? ঘৈণীয়েকে গিৰীয়েকক এনে কৰে আকৌ”?

ঠ) ন্যায়সোধা ফুকনৰ কিয় খং উঠিছিল আৰু শেষত সেই খং কিদৰে আঁতৰিল?

উত্তৰঃ তগৰক টেটোনলৈ বিয়া দিবলৈ হেৱাত ন্যায়সোধা ফুকনৰ খং উঠিল। শেষত ৰজাই বুজাই কোৱাত খং আতৰিল।

[ ২] কোনে, কাক আৰু কিয় কৈছিলঃ

ক) ‘এতেকে তগৰৰ সৈতে মোৰ বিয়া পাতি দিব লাগে।’

উত্তৰঃ টেটোনে, ৰজা আৰু ন্যায়সোধা ফুকনৰ আগত কৈছিল।

খ) ‘কটা যোৱা বন্দী, তোক মই এতিয়া এই হেংদাঙেৰে কাটি দুখণ্ড কৰিম।’

উত্তৰঃ ন্যায়সোধা ফুকনে, টেটোনক কৈছিল কাৰণ তগৰক বিয়া পাতিম বুলি কোৱা কাৰণে।

[ ৩] ক) বাক্য সাজাঃ

কপাল পুল, গপত গংগাটোপ, অঁকোৱা-পকোৱা, আদৰ-সৎকাৰ, আহল-বহল, লগুৱা-লিকচৌ, বুদ্ধিত বৃহস্পতি, জীৱন-যাপন।

খ) প্ৰথমে অৰ্থ জানি ল’বা আৰু তাৰ পাছত বাক্য সাজিবাঃ

কপাল ফুট, গা-ধৰ, গা-এৰ, পেট-পা, পেট-ভাটৌ, পেটে-পেটে, চকু-চৰহা, চকু-ৰাখ, দাঁতে ওঁঠে লাগ, কঁকাল পৰ, হাত লৰ, হাত-দীঘল।

[ ৪] বুজা আৰু লিখাঁঃ

বুদ্ধি + অক = বুদ্ধিয়ক

বন + অনি = বননি

ল’ৰা + আলি = লৰালি

মাটি + ঈয়া = মাটীয়া

লগ + অৰীয়া =লগৰীয়া.

মৰম + ইয়াল = মৰমীয়াল

শেষ + অতীয়া = শেষতীয়া

ওপৰত কিছুমান শব্দৰ লগত কিছুমান চিন যোগ হৈছে। শব্দবোৰক প্ৰাতিপদিক আৰু চিনবোৰক প্ৰত্যয় নামেৰে অভিহিত কৰা হৈছে। প্ৰত্যয়ক পৰসৰ্গও বোলে। সৰ্গ হ’ল এনে কিছুমান চিন যিবোৰে ধাতু বা শব্দৰ মূলৰূপৰ আগত বা পাছত বহি অৰ্থৰ পৰিৱৰ্তন কৰে।

যিবোৰ ধাতু বা মূলৰূপৰ আগত বহে সেইবোৰ হ’ল পূৰ্বসৰ্গ বা উপসৰ্গ আৰু ধাতু বা মূলৰূপৰ পিছত বহাবোৰ পৰসৰ্গ বা প্ৰত্যয়।

প্ৰত্যয় মূলত দুই প্ৰকাৰৰ—- কৃৎ প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়। প্ৰাতিপদিকৰ পিছত যোগ হোৱা প্ৰত্যয়বোৰ তদ্ধিত প্ৰত্যয়। আমাৰ ভাষাত তদ্ধিত প্ৰত্যয় দুবিধ। কিছুমান তদ্ধিত প্ৰত্যয় সংস্কৃত আৰু কিছুমান অসমীয়া।

Type : Nayan Moni Deka

Post ID : DABP005932

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects