বৰগীত
পাঠঃ ঊনৈছ
ক্ৰিয়া-কলাপঃ
◯ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ
ছানি = আৱৰি
সুৰভী = গৰুৰ পোৱালি
তেজয় = ত্যাগ কৰে
বিনোদ = আনন্দ
ৰঙ্গে = আনন্দত
চাৰে = চৰায়
ধেনু = গাই গৰু
ত্ৰিভুৱনে = তিনিখন ভুৱন—– স্বৰ্গ, মৰ্ত্য, পাতল
নোহন্ত = নহয়
আৰা = এওঁলোক
[ ১] প্ৰথমে কোৱাঁ, তাৰ পাছত লিখাঁঃ
ক) কবিয়ে বৃন্দাবনলৈ কিয় যাবলৈ বিচাৰিছে?
উত্তৰঃ কবিয়ে বৃন্দাবনলৈ মনোমোহা দৃশ্য চাবলৈ যাব বিচাৰিছে।
খ) গৰুৰ পোৱালিবোৰে কিয় হেম্বেলিয়াবলৈ এৰিছে?
উত্তৰঃ গৰুৰ পোৱালিবোৰে আনন্দতে হেম্বেলিয়াবলৈ এৰিছে।
গ) কবিয়ে ব্ৰজৰ প্ৰজাসকলৰ বৰ ভাগ্য বুলি কিয় ক’বলৈ বিচাৰিছে?
উত্তৰঃ বৃন্দাবনত যি আনন্দ জোৱাৰ উঠিছে সেই জোৱাৰ ত্ৰিভূৱনত পোৱা নাযায় বুলি কবিয়ে কৈছে। সেই কাৰণে ব্ৰজপ্ৰজাসকলক বৰ ভাগ্য বুলি কৈছে।
[ ২] কবিতাটিৰ কথাখিনি গদ্যত লিখাঁ।
[ ৩] বুজা আৰু লিখাঁঃ
তিনিখন ভূৱনৰ সমাহাৰ —– ত্ৰিভূৱন
তিনিটা নয়ন যাৰ —– ত্ৰিনয়ন
নটা ৰত্ন একেলগে —- নৱৰত্ন.
চাৰিটা আলিৰ সংগমস্থল —- চাৰিআলি
তিনিটা আলিৰ সংগমস্থল —– তিনিআলি।
Type: Nayan Moni Deka
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post