AJB Class 6 Assamese Chapter 7 Answer মঙলতিৰ মঙল

মঙলতিৰ মঙল

পাঠঃ সাত

ক্ৰিয়া-কলাপ

O অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ

লুৰি = সংগ্ৰহ কৰা কাৰ্য; খৰি সংগ্ৰহ কৰা কাৰ্য

হুই = চিঞৰ-বাখৰ কৰি জুমুৰি দি ধৰা

কড়ি = সাগৰত পোৱা এবিধ বগা সৰু শামুকৰ খোলা

সৰহাই = সৰহকৈ; বেছিকৈ

শিয়ান = টেঙৰ

[ ১] প্ৰথমে কোৱাঁ, তাৰ পাছত লিখাঁঃ

ক) ভাত-পানী নহ’লেও বুঢ়াক কি লাগিছিল?

উত্তৰঃ ভাত-পানী নহ’লেও বুঢ়াক জুইকুৰা লাগিছিল।

খ) জুই ধৰা দেখি বুঢ়াক কোনে হুই মাৰি ধৰেহি?

উত্তৰঃ জুই ধৰা দেখি বুঢ়াক নাতি-পুতি সোপাই হুই মাৰি ধৰেহি।

গ) বুঢ়াক কিয় মঙলতিৰ কাষ চাপিছিল?

উত্তৰঃ বুঢ়াই জুই ধৰিলেও জুই কাষত বহিব নাপায় পাছত ঘৰৰ চুকত ঠেৰেঙা লাগি শুই থাকিব লগীয়া হয়। সেই কাৰণে বুঢ়া মঙলতিৰ কাষ চাপিছিল।

ঘ) মঙলতিয়ে বুঢ়াক কি বুলি বুদ্ধি দিছিল?

উত্তৰঃ মঙলতিয়ে বুঢ়াক বেছিকৈ খৰি দিবলৈ বুদ্ধি দিছিল।

ঙ) বুঢ়াই মঙলতিৰ দৰে শিয়ান পৃথিৱীত নোলাব বুলি কিয় ভাবিছিল?

উত্তৰঃ মঙলতিৰ বুঢ়ীয়ে কোৱা মতে কাম কৰোতে তেওঁ নাতি পুতি সকলে পুৱাব নোৱাৰি বুলি ছিটিকি জাঁপ মাৰিছিল। সেই বাবে বুঢ়াই মঙলতিৰ দৰে শিয়ান পৃথিৱীত নোলাব বুলি কৈছে।

[ ২] উদাহৰণটো চাই বাকীকেইটা কৰাঁঃ

উদাহৰণঃ জুই = অগ্নি

পানী = ..জল………..

টোপনি = .নিদ্ৰা………..

মাটি = ..ভূমি…………

হাঁহি = ………….

পৃথিৱী = …ধৰণী……….

[ ৩] কবিতাটোত মেজিত খৰি জপাৰ কথা আছে। মেজি কেতিয়া জাপে আৰু কেনেকৈ জাপে জানিবলৈ যত্ন কৰাঁ।

[ ৪] বিপৰীত লিংগ বুজোৱা শব্দ লিখাঁঃ

ককা-আইতা

বুঢ়া-বুঢ়ী

নাতি-নাতিনি

ৰজা-ৰাণী

বৰুৱা-বৰুৱানী

বোন্দা-বোন্দী।

[ ৫] খালী ঠাই পূৰ কৰাঁঃ

ক) _ দেখে _

নাতিপুতি _ বহে

ধৰেহি _ হুই।

উত্তৰঃ যেই দেখে জুই

নাতি-পুতি সোপাই বহে

ধৰেহি মাৰি হুই।

খ) ”আহহঁক _ আহ।”

জুই দেখি নাতিহঁতৰ

_ লুকাল _ ||

‘ককা ঔ _ তাপ!’

পুৱাব নোৱাৰি _

_ মাৰিলে জাঁপ ||

উত্তৰঃ ” আহহঁক ঔ আহ”

জুই দেখি নাতিয়েকহঁতৰ

পেটতে লুকাল সাহ।।

‘ককা ঔ ইমান তাপ ‘

পুৱাব নোৱাৰি চেৰচেৰাই

ছিটিকি মাৰিলে জাঁপ।।

[ ৬] কোনবোৰ দিনত জুই পুৱায়?তোমালোক কোনোবাই জুই পুৱাই পাইছানে?জুই পুৱাই হোৱা এটি অভিজ্ঞতাৰ বিষয় চমুকৈ লখাঁ।

[ ৭] জুই জ্বলাবলৈ খৰি লাগে। খৰি ক’ৰপৰা, কেনেকৈ সংগ্ৰহ কৰা হয় লিখাঁ।

Type Sri Nayan Moni Deka

Post ID : DABP005896

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top