Might Learn Logo Might Learn

AJB Class 6 Assamese Chapter 8 Answer ঢোঁৰা কাউৰী আৰু টিপচী চৰাই

ঢোঁৰা কাউৰী আৰু টিপচী চৰাই

পাঠঃ আঠ

ক্ৰিয়া-কলাপ

O অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ

তাকৰ = অলপ; কম; নটা; নোজজোৰা

ভোজন = আহাৰ কৰা কাম; ভক্ষণ

ডৌকা = ডেউকা

[ ১] প্ৰথমে কোৱাঁ, তাৰ পাছত লিখাঃ

ক) ঢোঁৰা কাউৰী আৰু টিপচী চৰাইৰ মাজত ধান অনাৰ চৰ্তটো কি আছিল?

উত্তৰঃ ঢোঁৰা কাউৰী আৰু টিপচী চৰাইৰ মাজত ধান অনাৰ চৰ্তটো আছিল যিয়ে বেছি ধান আনিব সিয়ে কমকৈ ধান অনাটোক খাব।

খ) টিপচীয়ে কাউৰীক ঠোঁটটো কিয় সাগৰৰ পানীত ধুই আহিবলৈ কৈছিল?

উত্তৰঃ টিপচীয়ে কাউৰীক ঠোঁটটো সাগৰৰ পানীত ধুই আহিবলৈ কোৱা কাৰণটো হল ঢোঁৰা কাউৰী ঠোঁটটো বৰ বেয়া গোন্ধ।

গ) ঢোঁৰা কাউৰীয়ে সাগৰত ঠোঁটটো ধুবলৈ গৈ সাগৰক পানী বিচৰাত সাগৰে কাউৰীক কি ক’লে?

উত্তৰঃ ঢোঁৰা কাউৰীয়ে সাগৰত ঠোঁটটো ধুবলৈ গা সাগৰক পানী বিচৰাত সাগৰে কাউৰীক কলে যে কিহতকৈ দিম? যদি কিবা এটা পাত্ৰ দিব পাৰা তেন্তে দিব পাৰোঁ।

ঘ) কাউৰীয়ে কুমাৰৰ ঘৰলৈ টেকেলি বিচাৰি যাওঁতে কুমাৰে কি আনিবলৈ দিলে?

উত্তৰঃ কুমাৰে কাউৰীক মাটি আনিবলৈ কলে।

ঙ) কাউৰীয়ে ম’হৰ ওচৰলৈ কিয় গৈছিল?

উত্তৰঃ কাউৰীয়ে ম’হৰ শিং আনিবলৈ ম’হৰ ওচৰলৈ গৈছিল।

চ) ম’হৰ কথা শুনি কাউৰীয়ে কাৰ ওচৰলৈ গৈছিল?

উত্তৰঃ ম’হৰ কথা শুনি কাউৰীয়ে কুকুৰ ওচৰলৈ গৈছিল।

ছ) কুকুৰে কি খাই ম’হ মাৰি দিব পাৰিব বুলি কাউৰীক কৈছিল?

উত্তৰঃ কুকুৰে গাখীৰ খায় ম’হ মাৰি দিব পাৰিব বুলি কাুৰীক কৈছিল।

জ) কাউৰীয়ে কাৰ ওচৰলৈ গাখীৰ বিচাৰি গৈছিল?

উত্তৰঃ কাউৰীয়ে গাইৰ ওচৰলৈ গাখীৰ বিচাৰি গৈছিল।

ঝ) কাউৰীয়ে ঘাঁহৰ ওচৰলৈ গৈ কি ক’লে?

উত্তৰঃ কাউৰীয়ে ঘাঁহৰ ওচৰলৈ গা ক’লে – দে ঘাঁহ, খুৱাওঁ গাইক, ওলাওক গাখীৰ, খুৱাওঁ কুকুৰক, বান্ধক বল, মাৰক ম’হ, নিওঁ শিং, খান্দো মাটি, দিওঁ কুমাৰক,গঢ়ক টেকেলি, তোলোঁ পানী, পখালোঁ ঠোঁট, ভোজন কৰোঁ টিপচী গোট।

ঞ) ঘাঁহে কাটি নিবলৈ কোৱাত কাউৰীয়ে কমাৰৰ ঘৰ কিয় পালেগৈ?

উত্তৰঃ কাউৰীয়ে কমাৰৰ ঘৰ খন্তি আনিবলৈ পালেগৈ।

ট) কাউৰীৰ পাখিত কেনেদৰে জুই লাগিল? শেষত কাউৰীৰ দশা কি হ’ল?

উত্তৰঃ কমাৰ জুইকুৰা নুমাই গল, কমাৰক জুই আনি দিওতে কাউৰী পাখিত জুই লাগিল।

    শেষত কাউৰী  ডেউকা পুৰি মৰিল।

ঠ) টিপচীয়ে কিয় ৰং পালে বাৰু?

উত্তৰঃ কাউৰী মৰাৰ দেখি টিপচীয়ে ৰং পালে।

ড) সাধুটোৰপৰা কি কথা শিকিলা?

উত্তৰঃ আনক মাৰিবলৈ যাওঁতে নিজে মৰিল।

[ ২] বুজা আৰু লিখাঁঃ

সৰহ — তাকৰ

আদি —- ..শেষ………

অনুকূল —প্ৰতিকূল– ……..

উজনি —–নামনি …………..

আস্তিক — ..নাস্তিক………

পণ্ডিত —– ..মূৰ্খ………

টেঙৰ —— …অজলা…..

দয়ালু —- …নিষ্ঠুৰ………

ঐক্য —- ..অনৈক্য……..

ক্ষমা —– …ভূল………

[ ৩] কোনে, কাক কৈছিল লিখাঁঃ

ক) “সখি❕ মই এতিয়া তোমাক খাব পাওঁ।”

উত্তৰঃ ঢোঁৰা কাউৰীয়ে, টিপচীক কৈছিল।

খ) “মোৰ ঘৰত গঢ়া টেকেলি নাই।”

উত্তৰঃ কুমাৰে, কাউৰীক কৈছিল।

গ) “তুমি যদি মোক গাখীৰ খুৱাব পাৰা, তেন্তে মই ম’হ মাৰি দিব পাৰোঁ।”

উত্তৰঃ কুকুৰে, কাউৰীক কৈছিল।

[ ৪] তুমি জনা অসমৰ আন চৰাইকেইবিধমানৰ নাম লিখাঁ।

[ ৫] বুজা আৰু লিখাঁঃ

সাগৰ — সমুদ্ৰ বাৰিধি জলধি

মেঘ —- জলদ, জলধৰ, ডাৱৰ, অম্বুদ, নীৰদ, বাৰিদ।

ৰাতি — .নিশা, ৰজনী, যামিনী, ক্ষমা, ক্ষণদা, ত্ৰিযামা।

দিন — দিবা, দিবস।

আকাশ— গগণ,শূন্য, ব্যোম, অম্বৰ, নীলিমা।

পানী– জল, অপ, বাৰি, প্ৰাণ।

[ ৬] কাহিনীটো তোমাৰ নিজৰ ভাষাৰে কোৱাঁ।

Type Nayan Moni Deka

Post ID : DABP005897

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects