AJB Class 6 Mahapurush Shankardev Chapter 13 Answer

অনুশীলনীঃ-

১। দ্বিতীয়বাৰ তীৰ্থভ্ৰমণ কৰিবলৈ শংকৰদেৱ কোন ঠাইৰপৰা কিমানজন সংগী লৈ গৈছিল ? ভ্ৰমণৰ বাটত শংকৰদেৱৰ দৃষ্টি কাঢ়ি নিয়া এটা ঘটনা উল্লেখ কৰাঁ ।

উত্তৰঃ- দ্বিতীয়বাৰ তীৰ্থভ্ৰমণ কৰিবলৈ শংকৰদেৱ পাটবাউসীৰপৰা আৰু এশ বিছজন সংগীৰ লগতে প্ৰিয় সখা তথা শিষ্য় মাধৱক লৈ গৈছিল। ভ্ৰমণৰ বাটত শংকৰদেৱৰ দৃষ্টি কাঢ়ি নিয়া এটা ঘটনা হ’ল –

এঠাইত তেওঁ হাবিৰ মাজত ব্য়াধৰ ফান্দত পৰা এটা ময়ূৰ চৰাই ধৰফৰাই থকা দেখিলে। এই দৃশ্য় শংকৰদেৱৰ চকুত পৰিল। ময়ূৰটোৰ মৃতপ্ৰায় অৱস্থা দেখি শংকৰদেৱে বৰ বেজাৰ পালে। সংগী ভকত এজনৰ হতুৱাই ময়ূৰটোক হাবিত মুকলি কৰিবলৈ কৈ তাৰ ঠাইত ব্য়াধৰ কাৰণে এটি সিকি (পঁচিছ পইছাৰ মুদ্ৰা) থোৱালে।

২। হৰিণা পোৱালিটোৰ ঠাইত আধলিটো মানুহজনে কিয়, কাৰ বাবে কাৰ নিৰ্দেশত থৈ আহিছিল ?

উত্তৰঃ- হৰিণা পোৱালিটোৰ ঠাইত আধলিতো মানুহজনে ব্য়াধিজনৰ পৰিয়ালটো পোহ-পাল দিবলৈ, ব্য়াধিজনৰ বাবে আৰু শংকৰদেৱৰ নিৰ্দেশত থৈ আহিছিল।

Type Sumit Patar.

Author By- Himadree Bora

Post ID : DABP006639