AJB Class 6 Mahapurush Shankardev Chapter 2 Answer

অনুশীলনী

১। শংকৰে শিহু পোৱালিটোৰ লগত খেলি থকা দেখি সতানন্দৰ কি কথা মনলৈ আহিছিল ?

উত্তৰঃ- শংকৰে শিহু পোৱালিটোৰ লগত খেলি থকাৰ দেখি সতানন্দৰো খেলিবৰ মন গৈছিল।

২। শংকৰে লগৰীয়াৰ লগত জেদ ধৰি কি চৰাই ধৰিছিল ? সেই চৰাইবোৰ ধৰি শেষত তেওঁ কি কৰিছিল ?

উত্তৰঃ- শংকৰে লগৰীয়াৰ লগত জেদ ধৰি বতা চৰাই ধৰিছিল। সেই চৰাইবোৰৰ লগত খেলি শেষত তেওঁ বনত এৰিদিছিল।

৩। শংকৰৰ সমানে সমানে লুইতত সাঁতুৰিবলৈ গৈ সতানন্দহঁতৰ কি অৱস্থা হয় লিখাঁ । লগৰীয়াবোৰ সিপাৰৰপৰা কি উপায়েৰে ইপাৰ পায়হি ?

উত্তৰঃ- সতানন্দহঁতে শংকৰৰ সমানে সমানে সাঁতুৰিবলৈ যায় যদিও সিপাৰলৈ যাবলৈ সাহে নুকুলায়। কেতিয়াবা সিহঁত সিপাৰ হয় যদিও সিপাৰৰপৰা নাৱত উঠিহে ইপাৰ পায়হি।

৪। শংকৰহঁতে সৰুতে খেলা কেইবিধমান খেলৰ নাম লিখা ঁ ।

উত্তৰঃ- ডুগ্ডুগলি, সাঁতুৰি ইপাৰ-সিপাৰ হোৱা, ভটা ইত্যাদি।

৫। খেৰসুতীয়ে ভেকুৰিৰ মাক- দেউতাকৰ কিয় গোচৰ শুনিব লগা হৈছিল ?

উত্তৰঃ- ভেকুৰিৰ হাত ভগাৰ কাৰণে খেৰসুতীয়ে ভেকুৰিৰ মাক-দেউতাকৰ পৰা গোচৰ সুনিব লগা হৈছিল।

Question Type : Sumit Patar

Answer Type : Himanku Bora

Post ID : DABP006617

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top