Might Learn Logo Might Learn

AJB Class 6 Mahapurush Shankardev Chapter 4 Answer

১। মহেন্দ্ৰ কন্দলীৰ হাতত প্ৰথমে সাঁচিপাতখিলা দেখি শংকৰৰ মনলৈ অহা ঘটনাটোৰ কি আছিল?

উত্তৰঃ- এদিন সতানন্দ, বিতোপনহঁতৰ লগত তেওঁ ভটা খেলি থাকোঁতে ভটা খেলৰ গুটিটো গৈ এজন ব্ৰাহ্মনৰ ঘৰৰ ভিতৰত পৰিল। গুটিটো আনিবলৈ যাবলৈ কোনেও সাহস কৰা নাছিল। সকলোৰে মাজত সাহিয়াল বুলি নাম থকা শংকৰেই ভটা গুটিটো আনিবলৈ বামুণজনৰহ ঘৰলৈ যাব লগা হ’ল। তেতিয়া শংকৰে বামুণজনৰ হাতত এনেকুৱা দুটামান পাত দেখিছিল। এই কথাটো শংকৰৰ মনলৈ আহিছিল।

২। অগৰু কি ? ইয়াক কত পোৱা যায়?

উত্তৰঃ- অগৰু হৈছে সাঁচিকাঠৰ মাজত থকা এবিধ পদাৰ্থ। এই অগৰুৰপৰাই আতৰ নামৰ সুগন্ধিবিধ তৈয়াৰ কৰিব পাৰি। ইয়াক সাঁচিকাঠৰ মাজৰ অংশত পোৱা যায়।

৩। মহেন্দ্ৰ কন্দলীৰ বিষয়ে এটি পৰিচয়মূলক টোকা যুগুত কৰাঁ । 

উত্তৰঃ- 

৪। সাঁচিপাত কেনেকৈ প্ৰস্তুত কৰে আঁতি – গুৰি মাৰি লিখাঁ । 

উত্তৰঃ- সাঁচিপাতৰ বাবে প্ৰথমে ১৫-১৬ বছৰ বয়সৰ সাঁচিগছ নিৰ্বাচন কৰি লোৱা হয়। এডাল পোন্ধৰ-বিশ বছৰীয়া পূৰঠ সাঁচিগছৰপৰা বহুকাল ধৰি বাকলি পাই থাকিব পাৰি। প্ৰথমে সাঁচিগছৰ বাকলিবোৰ চাৰি-পাছহাতমান ওখকৈ কাটি আনি বাকলিৰ ভিতৰৰ বগা ফালটো বাহিৰলৈ দি নুৰিয়াই বান্ধি সাদিনৰপৰা দহ বাৰদিনমানলৈ ৰ’দত শুকাবলৈ দিয়া হৈছিল। এনেধৰণে সাঁচিপাত প্ৰস্তুত কৰা হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects