AJB Class 6 Science Chapter 10 Answer আমাৰ চৌপাশৰ বস্তুবোৰ


পাঠ ১০

আমাৰ চৌপাশৰ বস্তুবোৰ

1. শুদ্ধ উত্তৰটো কি হ’ব লিখা।

i ) এবিধ অর্ধস্বচ্ছ বস্তুৰ উদাহৰণ হ’ল— 

a ) বায়ু 

b) কাঁচ

c) তৈল কগজ 

d) কাগজ

উত্তৰঃ তৈল কগজ।

ii ) এবিধ পানীত অদ্ৰৱণীয় পদার্থৰ উদাহৰণ হ’ল— 

a) গ্লুক’জ

b ) বালি 

c ) চেনি

d) নিমখ

উত্তৰঃবালি।

iii ) ঘৰত ব্যৱহাৰ কৰা কাপ-প্লেট সাধাৰণতে কি পদার্থৰে নির্মিত

a ) চেৰামিক 

b) কাঁচ

c )ষ্টিল 

d) লো

উত্তৰঃ চেৰামিক।

2. এবিধ সামগ্রী কি কামত ব্যৱহৃত হ’ব সেয়া কিহৰ ওপৰত নিৰ্ভৰ কৰে লিখা । 

উত্তৰঃ পদাৰ্থৰ ধৰ্ম অনুসৰি সামগ্ৰীবিধ কি কামত ব্য়ৱহৃত হ’ব সেয়া নিৰ্ধাৰণ কৰা হয়।

3. কাঠেৰে নির্মিত ছয়বিধ বস্তুৰ নাম লিখা । 

উত্তৰঃ কাঠেৰে নিৰ্মিত ছয়বিধ বস্তুৰ নাম হৈছে – 

(১) বিছনা।

(২) চকী।

(৩) মেজ।

(৪) পিৰা।

(৫) দুৱাৰ।

(৬) আলমাৰী।

4. প্ৰতিটো থূপত থকা নিমিলা বস্তুবিধ বাছি উলিওৱা । 

a) মিছিৰি, নিমখ, চেনি, গ্লুক’জ 

উত্তৰঃ মিছিৰি।

b) লাে, এলুমিনিয়াম, তাম, কাঠ 

উত্তৰঃকাঠ।

c) বাঁহ, কাঠ, প্লাষ্টিক, শিলগুটি 

উত্তৰঃ শিলগুটি।

d) বায়ু, পানী, কাগজ, কাচ

উত্তৰঃ কাগজ।

e) বিছনা, চকী, বাল্টি, টেবুল

উত্তৰঃ বাল্টি।

f) মিছিৰি, চকৰ গুড়ি, নিমখ, চেনি

উত্তৰঃ চকৰ গুড়ি।

5. তলত কিছুমান বস্তু আৰু পদাৰ্থৰ নাম দিয়া হৈছে। কোনটো বস্তু সাধাৰণতে কি পদাৰ্থৰে নিৰ্মিত লিখা-

বস্তুপদাৰ্থ
কিতাপকাগজ
চকীকাঠ
কাঁহীষ্টিল
গজালআইৰণ
বাল্টিপ্লাষ্টিক
আয়ানাকাঁচ

6. কোনটো উক্তি সত্য আৰু কোনটো অসত্য লিখা।

a) লো-ৰ জ্যোতি নাই; তোমাৰ বহীখনৰ জ্যোতি আছে।

উত্তৰঃ অসত্য়।

b) এটা বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ নাযায়। বস্তুটোত পোহৰ পৰিলে ছাঁৰ সৃষ্টি হ’ব।

উত্তৰঃ সত্য়।

c) সাধাৰণতে প্লাষ্টিকৰ সামগ্ৰীসমূহ নিমজ নহয়।

উত্তৰঃ সত্য়।

d) কলগছ আৰু কাঠ পানীত ওপঙে।

উত্তৰঃ সত্য়।

e) গ্লুক’জ পানীত দ্ৰৱীভূত নহয়।

উত্তৰঃ অসত্য়।

f) স্বচ্ছ বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যায়।

উত্তৰঃ সত্য়।

7. জ্যোতি কাক বোলে?

উত্তৰঃ চিকমিকিয়া ধৰ্মটোক জ্যোতি বোলা হয়।

8. স্বচ্ছ পদাৰ্থ মানে কি? স্বচ্ছ পদাৰ্থৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ যি বস্তু বা পদাৰ্থৰ মাজেৰে আমি দেখা পাওঁ তাকে স্বচ্ছ পদাৰ্থ বোলে। যেনে- বায়ু, পানী,  সাধাৰণ প্লাষ্টিক, কাঁচ আদি।

9. অস্বচ্ছ পদাৰ্থ মানে কি? অস্বচ্ছ পদাৰ্থৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ যি পদাৰ্থৰ মাজেৰে আমি নেদেখো তাকে অস্বচ্ছ পদাৰ্থ বোলে। যেনে- কাগজ।

← Previous Chapter NEXT Chapter →

– Hiru Moni Bora

Check by – Mukesh Borah 

Post ID :DABP006012

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top