পানী-প্ৰকৃতিৰ এক মহৎ দান |
প্ৰশ্নাৱলী
1 . শুদ্ধ উত্তৰটো বাছি উলিওৱা:
i ) পৃথিৱীপৃষ্ঠত থকা কিমান শতাংশ পানী ব্যৱহাৰযােগ্য?
( a ) 97 %
( b ) 3 %
( c ) 75 %
( d ) এটাও নহয়
উত্তৰঃ ( b ) 3 %
ii ) ডাৱৰ সৃষ্টি আৰু বৰষুণৰ লগত তলৰ কোনকেইটা প্রক্রিয়া জড়িত?
( a ) ঘনীভৱন
( b ) অধঃক্ষেপণ
( c ) বাষ্পীভৱন
( d ) ( a ) আৰু ( c ) দুয়ােটা
উত্তৰঃ ( d ) ( a ) আৰু ( c ) দুয়ােটা
iii ) ব্যৱহাৰযােগ্য পানীৰ উৎস হল—
( a ) সাগৰ
( b ) মহাসাগৰ
( c ) কুঁৱা
( d ) এটাও নহয়
উত্তৰঃ( c ) কুঁৱা
iv ) অতি কম পৰিমাণৰ বৰষুণ হলে কি ঘটে?
( a ) ধুমুহা
( b ) অনাবৃষ্টি
( c ) বানপানী
( d ) ঘনীভৱন
উত্তৰঃ ( b ) অনাবৃষ্টি
(v ) তলৰ কোনটো পানী সংৰক্ষণৰ শুদ্ধ পদ্ধতি নহয়?
( a ) ফুটা পাইপৰ পৰা পানী ওলাই থকা বন্ধ কৰা।
( b ) পানী টেংকিৰ পৰা পানী পৰি থকা বন্ধ কৰা।
( c ) প্রতিদিনে মাত্র দুগিলাছ পানী খােৱা।
( d ) খুলি থােৱা টেপ বন্ধ কৰাৰ অভ্যাস কৰা।
উত্তৰঃ ( c ) প্রতিদিনে মাত্র দুগিলাছ পানী খােৱা।
2. স্তম্ভ A আৰু স্তম্ভ B মিলােৱা:
| স্তম্ভ A | স্তম্ভ B |
| i) কম পৰিমাণৰ বৰষুণ | অনাবৃষ্টি |
| ii) অতিমাত্ৰা বৰষুণ | বান পানী |
| iii) পৃষ্ঠ জল | নদী |
| iv) বৰষুণৰ পানী ধৰি ৰখা | পানী সংৰক্ষণ |
| v) লুণীয়া পানী | সাগৰ |
3. তলৰ প্রতিটোৰে দুটাকৈ উদাহৰণ দিয়া :
i ) লুণীয়া পানীৰ প্ৰাকৃতিক উৎস
ii ) পানীৰ ঔদ্যোগিক ব্যৱহাৰ
iii ) পানী সংৰক্ষণৰ উপায়
iv ) জল প্রদূষক
v ) পানীৰ ঘৰুৱা ব্যৱহাৰ
উত্তৰঃ
i ) লুণীয়া পানীৰ প্ৰাকৃতিক উৎসঃ সাগৰ ,মহাসাগৰ
ii ) পানীৰ ঔদ্যোগিক ব্যৱহাৰঃ বিদ্যুৎ উৎপাদন নাওঁ চলোৱা
iii ) পানী সংৰক্ষণৰ উপায়ঃ পানী অপব্যৱহাৰ নকৰা
iv ) জল প্রদূষকঃ নলা-নর্দমা ,আৱৰ্জনা
v ) পানীৰ ঘৰুৱা ব্যৱহাৰঃখোৱা, গা-ধোৱা
4. চমু উত্তৰ দিয়াঃ
i ) পৃষ্ঠজলৰ তিনিটা উৎসৰ নাম লিখা।
উত্তৰঃ 1) নদী। 3) বিল 2) শাল।
ii ) পৃথিৱীপৃষ্ঠৰ অধিকাংশ পানী ক’ত থাকে?
উত্তৰঃ পৃথিৱীপৃষ্ঠৰ অধিকাংশ পানী সাগৰ আৰু মহাসাগৰত থাকে।
iii ) জলচক্র কাক বােলে?
উত্তৰঃ পৃথিৱী পৃষ্ঠত থকা পানীত কিছু অংশ ভাপ হৈ বায়ুমণ্ডললৈ উৰি যায়।পুনৰ এই ভাপৰ ঘনীভৱন ঘটি বৰষুণ হিচাপে পৃথিৱীলৈ নামি আহে।পানীৰ এই চক্ৰীয় গতিকে জলচক্ৰ বোলে।
iv ) ভূ-জল বুলিলে কি বুজা?
উত্তৰঃ ভূ-জল বুলিলে বৰষুণৰ পানীয়ে নদী, পুখুৰী, সাগৰ-মহাসাগৰ আদি পানীৰে পৰিপূৰ্ণ কৰি পেলাই অলপ পৰিমাণৰ পানী পৃথিৱীৰ ভিতৰভাগলৈ সোমাই যায়। ভূ-পৃষ্ঠৰ ভিতৰত সোমাই যোৱা এই পানীক ভূ-জল বোলে।
v ) অনাবৃষ্টি কাক বােলে?
উত্তৰঃঅতি কম পৰিমাণে বৰষুণ দিলে নদী, খাল-বিল আদি শুকাই যায়। ইয়াকে অনাবৃষ্টি বোলে।
vi ) পানী সংৰক্ষণৰ বাবে ঘৰত তুমি কি কৰিবা?
উত্তৰঃ
ক) বৰষুণৰ পানী ধৰি ৰাখিব লাগে আৰু বিভিন্ন কামত ব্য়ৱহাৰ কৰিব লাগে । খ) প্ৰয়োজনতকৈ অধিক পানী অপচয় কৰিব নালাগে।
5. উত্তৰ দিয়াঃ
i ) পানীৰ পাঁচটা ব্যৱহাৰ উল্লেখ কৰা।
উত্তৰঃ
(ক) কাপোৰ ধূব লাগে।
(খ) পানী খাব লাগে।
(গ) খেতি পথাৰত দিব লাগে।
(ঘ) বাছন ধূব লাগে।
(ঙ) গা ধুব লাগে।
ii ) চিত্রসহ জলচক্ৰৰ বিষয়ে বুজাই লিখা।
উত্তৰঃ পৰিৱেশৰ পানীভাগে অনবৰতে চক্ৰাকাৰ গতি সম্পন্ন কৰি থাকে। পানী সাগৰ পৃষ্ঠৰ পৰা বাষ্পীভৱনৰ দ্বাৰা বায়ুমণ্ডললৈ আহে আৰু বায়ুমণ্ডলৰ পৰা বৰষুণ হিচাপে মাটিত পৰে আৰু পুনৰ সাগৰলৈ ঘূৰি আহে । ইয়াকে জলচক্ৰ বোলা হয় আৰু ই এক উল্লেখনীয় ভূ-ৰাসায়নিক চক্ৰ। মানুহ আৰু অন্যান্য জীৱৰ ব্যৱহাৰৰ প্রয়োজনীয় পানীৰ অংশটো অবিৰতভাৱে এই চক্ৰটোৱে পূৰ্ণ কৰি ৰাখে ।
iii ) বৰষুণৰ পানী সংৰক্ষণ বুলিলে কি বুজা? ইয়াৰ প্ৰয়ােজনীয়তা উল্লেখ কৰা।
উত্তৰঃ বৰষুণৰ পানী সংৰক্ষণ কৰাটো, পানীৰ অভাৱ পূৰণৰ আন এটা উপায় বুলি ক’ব পাৰি। বৰষুণ দিয়া সময়ত ঘৰৰ ছালেৰে বহুত পানী নামি আহে আৰু আমি সেই পানী সংৰক্ষণ কৰিব পৰো।
বৰষুণৰ পানী যদি আমি ধৰি ৰাখো, তেন্তে আমি ইয়াক গা-ধোৱা, বাছন-ধোৱা আদি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰো।
iv ) অনাবৃষ্টিৰ কাৰণ আৰু ইয়াৰ প্ৰভাৱ ব্যাখ্যা কৰা।
উত্তৰঃ একেৰাহে বহুদিন বৰষুণ নোহোৱাকৈ থাকে বা বহুত দিন বা বহুত মাহৰ অন্তত সামান্য বৰষুণ হয়। তেতিয়া তাক অনাবৃষ্টি হোৱা বুলি কোৱা হয়।
প্ৰভাৱ
১.অনাবৃষ্টি হ’লে পথাৰৰ মাটিবোৰ ফাটি চিৰাচিৰ হয়।
২.খাল, বিল, পুখুৰী, নদী আদিত পানী শুকাবলৈ ধৰে।
৩.গছৰ পাতবোৰ শুকাই মৰা যেন হয়।
v ) ডাঙৰ চহৰবােৰত ভূ – জলপৃষ্ঠ তললৈ নামি গৈছে। ইয়াৰ কাৰণ কি হ’ব পাৰে?
উত্তৰঃ ডাঙৰ চহৰবোৰত ভূ-জলপৃষ্ঠ তললৈ নামি গৈছে। ইয়াৰ কাৰণ হ’ল—
১. ডাঙৰ চহৰবোৰত মানুহৰ সংখ্যা যথেষ্ট বেছি।
২.মানুহ বেছি হোৱাৰ লগে লগে পানীৰ খৰচৰ পৰিমাণো যথেষ্ট বেছি হ’ব ধৰিছে। ফলত সেই ঠাইত পানীৰ পৰিমাণ কমিব ধৰিছে আৰু সেইবাবে এনে ঠাইত ভূ-জলপৃষ্ঠ তললৈ নামি গৈছে।
vi ) বানপানীৰ কাৰণ আৰু ইয়াৰ অপকাৰৰ বিষয়ে লিখা।
উত্তৰঃ বাৰিষাত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। বৰষুণ হোৱাৰ ফলত সেই অঞ্চলৰ নদ-নদী, জান-জুৰি, খাল-বিল আদি সকলো পানীৰে ভৰি পৰে আৰু অৱশেষত পাৰ বাগৰি চাৰিওপিনে পানীবোৰ বিয়পি পৰে। এনেকৈ বানপানীৰ সৃষ্টি হয়।
অপকাৰঃ
১.বানপানী হোৱাৰ ফলত খেতি-বাতিৰ যথেষ্ট ক্ষতিসাধন হয়।
২.মানুহৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাত আদিও ভাঙি-ছিঙি যথেষ্ট অপকাৰ কৰা দেখা যায়।
৩.বানপানীৰ সময়ত মানুহৰ বিভিন্ন বেমাৰ হোৱা দেখিবলৈ পোৱা যায়।
← Previous Chapter NEXT Chapter →
Check By – Mukesh Borah
Post ID : DABP006020
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post