AJB Class 6 Science Chapter 13 Answer যাতায়ত-ব্যৱস্থা, দৈৰ্ঘ্যৰ জোখ আৰু গতি

যাতায়ত-ব্যৱস্থা, দৈৰ্ঘ্যৰ জোখ আৰু গতি

প্ৰশ্নাৱলী

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা।

i) তলত দিয়া এককবোৰৰ কোনটো দৈৰ্ঘ্যৰ ওকক নহয়?

a) আঙুল

b) ছেমি.

c) ইঞ্চি

d) ঘণ্টা

উত্তৰঃ ঘণ্টা

ii) তলত দিয়া এককবোৰৰ কোনটো মানক একক?

a) মিটাৰ

b) আঙুল

c) বেগেত

d) হাত

উত্তৰঃ মিটাৰ

iii) এছ্ আই একক পদ্ধতিত দৈৰ্ঘ্যৰ একক

a) ফুট

b) ছেমি.

c) মিটাৰ

d) কিল’মিটাৰ

উত্তৰঃ মিটাৰ

iv) 10 ছেমি. 4 মিমি. মানে-

a) 10.4 ছেমি.

b) 14 মিমি.

c) 104 মিমি.

d) প্ৰথম আৰু তৃতীয় উত্তৰ

উত্তৰঃ 10.4 ছেমি.

v) মিটাৰতকৈ ডাঙৰ একক

a) মিমি.

b) ছেমি.

c) কিমি.

d) দ্বিতীয় আৰু তৃতীয় উত্তৰ

উত্তৰঃ  কি.মি.

vi) তলত দিয়া এককবোৰ কোনটো সময়ৰ একক নহয়-

a) ঘণ্টা

b) মিনিট

c) ছেকেণ্ড

d) ছেমি.

উত্তৰঃ ছেমি.

vii) ফুটতকৈ ডাঙৰ একক-

a) য়াৰ্ড

b) ইঞ্চি

c) মাইল

d) প্ৰথম আৰু তৃতীয় উত্তৰ

উত্তৰঃd) প্ৰথম আৰু তৃতীয় উত্তৰ

২. চমু উত্তৰ দিয়া।

a ) পেট্রল বা ডিজেলেৰে চলা তিনিবিধ বাহনৰ নাম লিখা।

উত্তৰঃ পেট্ৰল বা ডিজেলেৰে চলা তিনিবিধ বাহনৰ নাম হ’ল-

(১) মটৰ চাইকেল

(২) মটৰ গাড়ী

(৩) জাহাজ

b ) এক বেগেত বা এবেগেত মানে কি?

উত্তৰঃ বুঢ়া আঙুলিৰ মুৰ আৰু মধ্যমাৰ মুৰৰ মাজৰ দৈৰ্ঘ্য হ’ল একবেগেত বা এবেগেত।

c ) এক ইঞ্চত 2.54 ছেমি. হলে এক ফুটত কিমান ছেমি. হ’ব?

উত্তৰঃ এক ইঞ্চিত 2.54 ছেমি. হ’লে এক ফুটট 3.048

d ) আঙুল-বেগেত-হাত আদি এককবােৰ ব্যৱহাৰ কৰাত অসুবিধা কি?

উত্তৰঃ আঙুল-বেগেত-হাত আদি এককবোৰ ব্যৱহাৰ কৰাত অসুবিধাৰ কাৰণ হ’ল- বেগেত হাত আদিৰ মান মানুহভেদে বেলেগ বেলেগ হয়।

e ) মানৰ একক কি?

উত্তৰঃ সকলোৱে মানি লোৱা এককক মানক একক বোলে।

f ) মাপনী-ফিটা ব্যৱহাৰৰ সুবিধাবােৰ কি?

উত্তৰঃ মাপনী-ফিটা ব্যৱহাৰৰ সুবিধাবোৰ হ’ল- দৰ্জীয়ে কাপোৰ চিলাওঁতে মানুহৰ বুকু কঁকাল আদি অংগ জোখ লওঁতে ফিটা ব্যৱহাৰ কৰে। লেহুকা হোৱাৰ বাবে বুকু,কঁকাল,কৰঙন আদিত ইয়াক মেৰিয়াই জোখ ল’বৰ সুবিধা হয়।এনে মাপনী ফিটাৰ এপিঠিত মিটাৰ একক আৰু আনটো পিঠিত ফুট এককৰ জোখথ দাগবোৰ দিয়া থাকে।কোনো গছৰ গাটোৰ ঘেৰ এনে ফিটাৰ সহায়ত সহজে জুখিব পাৰি।

g ) সৰলৰৈখিক গতি আৰু বৃত্তীয় গতি কি?

উত্তৰঃ সৰলৰৈখিক গতি- কোনো বস্ত্তৱে সৰল ৰেখাত গতি কৰিলে তেনে গতিক সৰলৰৈখিক গতি বোলা হয়।

বৃত্তীয় গতি- অলপ দীঘল ৰছী এডালৰ এমূৰত এটা সৰু সৰু শিলগুটি ভাল দৰে বান্ধি লোৱা হ’ল। এতিয়া ৰছীডালৰ আনটো মূৰত ধৰি ঘূৰোঁৱা হ’ল।শিলগুতিটো এটা বৃত্তাকাৰ পথেৰে ঘূৰিব।এনে গতিক বৃত্তীয় গতি বোলে।

h ) বৃত্তীয় গতিৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰঃ বৃত্তীয় গতিৰ তিনিটা উদাহৰণ হ’ল- 

(১) ফেন এখনৰ যিকোনো এখন ব্লেডত চিয়াহীৰ দাগ এটা দি ফেনখন চলাই দিয়া হ’ল।দাগটোৱে বৃত্তাকাৰ পথত গতি কৰিব।

(২) পৃথিৱীৰ চাৰিওফালে জোনটোৰ ঘূৰণ।

(৩) সূৰ্যৰ চাৰিওফালে গ্ৰহসূহৰ পৰিভ্ৰমণ কৰে ।

i ) পর্যাবৃত্ত গতিৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰঃ পৰ্যাবৃত্ত গতিৰ তিনিটা উদাহৰণ হ’ল-

(১) দোলনাত উটি দুলি থকা শিশু এটাৰ গতি।

(২) ঘড়ীৰ কাটাৰ গতি।

(৩) আকাশৰ জোন-বেলি গতি।

j ) ঘড়ীৰ ছেকেণ্ড, মিনিট আৰু ঘণ্টাৰ কাঁটাকেইডালে এপাক ঘূৰিবলৈ কিমান সময় লয়?

উত্তৰঃ ২৪ ঘন্টা।

k ) আমাৰ পৃথিৱীখন কি কি গতিৰে গতিশীল?

উত্তৰঃ আমাৰ পৃথিৱীখন বৃত্তীয় গতি, পৰ্যাবৃত্ত গতি, ঘূৰ্ণন গতিৰে গতিশীল, সৰলৰৈখিত গতি।

3. তিনিটা বা চাৰিটা বাক্যত উত্তৰ দিয়া।

a ) বেঁকা ৰেখাৰ দীঘ কেনেদৰে জুখিবা লিখা।

উত্তৰঃ বেঁকা ৰেখাৰ দীঘ এনেদৰে জুঁখিব লাগিব-

এডাল বেঁকা ৰেখা লোৱা হ’ল।যেনে- গ-ঘ।ইয়াৰ জোখ লবলৈ এটা বেকা আলপিন আৰু এডাল সূতা লোৱা হ’ল।সূতাডালৰ এটা মূৰত পিনটো গাঁঠি দিয়া হ’ল।গা-মূৰটোত পুতি লৈ ৰেখাডালৰ কাঁষে সূতাডাল ভাঁজ দি দি গৈ থাকিব লাগিব।এইদৰে গৈ আনটো মূৰ পালে সূতাডালত চিয়াহীৰ এটা দাগ দিয়াঁ।সূতাডাল উঠাই আনি পোন কৰি লোৱা।আৰু স্কেল এপাটেৰে আলপিনৰ পৰা চিয়াঁহীৰ দাগলৈকে জোখিয়েই হ’ব গ-ঘ বেঁকা ৰেখাৰ দৈৰ্ঘ্য।

b ) এক মাইল আৰু এক কিল’মিটাৰৰ মাজত কোনটো ডাঙৰ হিচাপ কৰি দেখুওৱা।

উত্তৰঃ মাইল- পথৰ দৈঘ্যত প্ৰকাশ কৰা।

 কিলমিটাৰ-দুখন ঠাইৰ মাজৰ দূৰত্ব।

c ) দৈর্ঘ্যৰ জোখ লওঁতে ল’বলগীয়া সাৱধানতাসমূহ কি কি?

উত্তৰঃ দৈৰ্ঘ্যৰ জোখ লওঁতে লবলগীয়া সাৱধানতাসমূহ হ’n-

(১) জুখিবলগীয়া বস্ত্তটোৰ ওপৰত স্কেলপাত পোনকৈ ধৰিব লাগে যাতে – AB দাঁতিৰ লগত সমান্তৰাল হৈ থাকে।

(২) স্কেলপাত বেঁকাকৈ ধৰিলে জুখি পোৱা মান শুদ্ধ নহ’ব ।

d ) সকলাে সময়তে গতিশীল হৈ থকা তিনিবিধ বস্তুৰ নাম লিখা। 

উত্তৰঃ সকলো সময়তে গতিশীল হৈ থকা তিনিবিধ বস্ত্তৰ নাম হ’ল- (১) চন্দ্ৰ

(২) বেলি

 (৩) গ্ৰহ

e ) সকলাে সময়তে স্থিতিশীল পাঁচবিধ বস্তুৰ নাম লিখা।

উত্তৰঃ (১) ঘৰ

 (২) গছ

(৩) গেটৰ খুন্দা

 (৪) মাটি

(৫) কুঁৱা

← Previous Chapter NEXT Chapter →

Check By – Mukesh Borah

Post ID : DABP006024

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top