Might Learn Logo Might Learn

AJB Class 6 Science Chapter 14 Answer বিদ্যুৎ

বিদ্যুৎ 

প্ৰশ্নাৱল

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা

i ) তলৰ কোনবিধ আহিলাই বিদ্যুৎ যােগান ধৰিব পাৰে? 

a. বৈদ্যুতিক কোষ 

b. বাল্ব 

c. তামৰ তাৰ 

d. ইস্ত্রি 

উত্তৰঃ বৈদ্য়ুতিক কোষ ।

ii ) বর্তনী এটা মুক্ত বা বন্ধ কৰিবলৈ কোনবিধ আহিলা ব্যৱহাৰ কৰা হয়?

a. বেটাৰি 

b. চুইচ 

c. বাল্ব 

d. প্লাগ

উত্তৰঃ চুইচ ।

iii ) বাল্ব এটাৰ ভিতৰত উজ্বলি উঠি পােহৰ বিলােৱা তাৰডাল হ’ল— 

a. প্লাগ

b. ছুইচ

c. ফিলামেণ্ট

d. উপৰৰ এটাও নহয়

উত্তৰঃ ফিলামেন্ট

iv ) তলৰ কোনবিধ পদার্থ বিদ্যুতৰ পৰিবাহী নহয়?

a. তাম

b. ৰূপ

c. গ্ৰেফাইট

d. প্লাষ্টিক

উত্তৰঃ প্লাষ্টিক ।

v ) তলৰ কোন কোন ক্ষেত্ৰত বর্তনীৰ মাজেৰে বিদ্যুৎ প্রবাহ চালিত হ’ব?

a. 

b. 

c. 

d. 

উত্তৰঃ

2. চমু উত্তৰ দিয়া।

i ) বিদ্যুপ্রবাহ কোনটো মেৰুৰ পৰা কোনটো মেৰুলৈ প্রবাহিত হয়? 

উত্তৰঃ বিদ্য়ুৎপ্ৰবাহ ধনাত্মক মেকৰ পৰা ঋণাত্মক মেৰুলৈ  প্ৰবাহিত হয়।

ii ) খােলা বর্তনী কাক বােলে? 

উত্তৰঃ বিদ্য়ুৎপ্ৰবাহ চলি নথকা এনে বৰ্তনীক খোলা বৰ্তনী বোলে।

iii ) টর্চ লাইট এটাত কি ধৰণৰ ছুইচ ব্যৱহাৰ কৰা হয়?

উত্তৰঃ টৰ্চ লাইট এটাত পিছলাই নিব পৰা ছুইচ ব্য়ৱহাৰ কৰা হয় ।

iv ) বৈদ্যুতিক বর্তনী কি?

উত্তৰঃ বিদ্য়ুৎ প্ৰবাহিত হ’ব পৰা পথকে বৈদ্য়ুতিক বৰ্তনী বোলে।

v ) বন্ধ বর্তনী কাক বােলে? 

উত্তৰঃ বিদ্য়ুৎপ্ৰবাহ চলি থকা এনে বৰ্তনীক বন্ধ বৰ্তনী বোলে।

vi ) বর্তনী এটাত বৈদ্যুতিক কোষৰ কাম কি? 

উত্তৰঃ বৰ্তনী এটাত বিদ্য়ুৎ কোষে বিদ্য়ুৎ যোগান ধৰে ।

vii ) বর্তনী এটাত ছুইচৰ কাম কি?

উত্তৰঃ বৰ্তনী এটাৰ ছুইচৰ কাম হ’ল- ছুইচটো অন কৰি দিয়া লগে লগে বাল্বটোত থকা বৰ্তনীটো ‘বন্ধ’ হৈ পৰে আৰু বাল্বটোৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হয়। ফলত বাল্বটো জ্বলি উঠে। ছুইচটো অফ কৰি দিলে বাল্বটো মাজেৰে বিদ্য়ুত প্ৰৱাহ বন্ধ হৈ পৰে।

viii ) বিদ্যুৎ ব্যৱহাৰ হােৱা দুবিধ আহিলাৰ নাম লিখা।

 উত্তৰঃ বিদ্য়ুৎ ব্য়ৱহাৰ দুবিধ আহিলা হ’ল- বাল্ব, ফেন আদি।

ix ) দেৱালঘড়ী এটাই বিদ্যুৎ ক’ৰ পৰা পায়?

উত্তৰঃ দেৱালঘড়ী এটাই বিদ্য়ুৎ বেটাৰীৰ পৰা পায়।

x ) বৈদ্যুতিক কোষ এটাৰ মেৰু দুটাৰ নাম কি?

উত্তৰঃ বৈদ্য়ুতিক কোষ এটাৰ মেৰু দুটাৰ নাম ধনাত্মক মেৰু আৰু ঋণাত্মক মেৰু ।

3. উত্তৰ দিয়া।

i ) বৈদ্যুতিক কোষ এটাত বিদ্যুৎ কেনেদৰে উৎপন্ন হয়?

উত্তৰঃ বিদ্য়ুৎ কোষ এটাৰ মেৰু দুটা থাাকে। এফালে ধণাত্মক মেৰু আৰু আনফালে ঋণাত্মক মেৰু। বিদ্য়ুৎ কোষটোৰ ভিতৰত কিছুমান পৰ্দাথ থাকে। যেতিয়া আমি আহিলাৰ লগত ইয়াক সংযোগ কৰো, তেতিয়া এই পৰ্দাথবোৰৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি বিদ্য়ুৎ উপন্ন হয়।

ii ) বহুদিন ব্যৱহাৰ কৰাৰ পিছত বৈদ্যুতিক কোষ এটাই বিদ্যুৎ যােগান ধৰিব নােৱৰা হয় কিয়?

উত্তৰঃ বহুদিন ব্য়ৱহাৰ কৰাৰ পিছত কোষটোৰ ভিতৰত ৰাসায়নিক বিক্ৰিয়া ঘটি বন্ধ হৈ যায়। তেতিয়া কোষটোৱে বিদ্য়ুৎ ধৰিব নোৱাৰা হয়। অৰ্থাৎ কোষৰ ভিতৰত থকা পৰ্দাথবোৰৰ শক্তি ক্ষয় হয়।

iii ) বাল্ব এটাই কিদৰে পােহৰ বিলায়?

উত্তৰঃ বাল্বত থকা ধাতুৰ ঘেৰটোৰ সৈতে এটা বিদ্য়ুৎ কোষৰ এটা মূৰ (+ বা -) সংযোগ কৰিব লাগে আৰু কোষটোৰ আনটো মূৰ বাল্বটোত থকা ধাতুৰ টুপীটোৰ লগত সংযোগ কৰিব লাগে। তেতিয়া বাল্বটোৰ ভিতৰত থকা ফিলামেন্টডালৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হয়। ফলত ফিলামেন্টডাল তপত হৈ উঠে। তেতিয়া বাল্বটো উজ্জ্বল হৈ পোহৰ বিলায়।

iv ) এটা বাল্ব, এটা বৈদ্যুতিক কোষ আৰু এটা ছুইচ থকা এটা বৈদ্যুতিক বর্তনীৰ চিত্ৰ আকাঁ।

উত্তৰঃ FOR STUDENTS 

v ) এটা বন্ধ বর্তনী আৰু এটা খােলা বর্তনীৰ চিত্ৰ আকাঁ।

উত্তৰঃ  FOR STUDENTS 

vi ) বিদ্যুতৰ পৰিবাহী আৰু অপৰিবাহী পদার্থ কাক বােলে? প্রত্যেকৰে দুটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ পৰ্দাথ মাজেৰে বিদ্য়ুৎ পৰিবাহিত হয়, সেইবোৰ পৰ্দাথক বিদ্য়ুতৰ পৰিৱাহী পৰ্দাথ বোলে। যেনে- তাম, লো, এলুমিনিয়াম, ছিলভাৰ আদি।

যিবোৰ পৰ্দাথ মাজেৰে বিদ্য়ুৎ পৰিবাহিত নহয়, সেইবোৰ পৰ্দাথক বিদ্য়ুৰত অপৰিবাহী পৰ্দাথ বোলে। যেনে- কাগজ, প্লাষ্টিক, কাপোৰ আদি।

vii ) আমি বৈদ্যুতিক আঘাতৰ পৰা কিদৰে ৰক্ষা পৰোঁ?

উত্তৰঃ আমাৰ শৰীৰটোও বিদ্য়ুৰত পৰিবাহী। শৰীৰৰ মাজেৰে বিদ্য়ুৎ পাৰ হৈ গ’লে আঘাত পাওঁ। ছুইচ, সচৰাচৰ ব্য়ৱহাৰ কৰা বৈদ্য়ুতিক তাঁৰ আদিত প্লাষ্টিক বা ৰবৰৰ দৰে অপৰিবাহী পৰ্দাথৰ আৱৰণ এটা থাকে। সেয়ে এইবোৰ বস্তু ছুলেও আমাৰ গালৈ বিদ্য়ুৎ পৰিৱাহিত নহয়। ফলত আমি বৈদ্য়ুতিক আঘাতৰ পৰা ৰক্ষা পাওঁ ।

viii ) এটা টৰ্চৰ চিত্ৰ আকাঁ।

উত্তৰঃ  FOR STUDENTS 

ix ) টৰ্চৰ বাল্ব এটাৰ চিত্ৰ আকা আৰু অংশবোৰ চিহ্নিত কৰা ।

উত্তৰঃ FOR STUDENTS 

x ) বৈদ্যুতিক ছুইচ এটাই কেনেদৰে কাম কৰে?

উত্তৰঃ বৈদ্য়ুতিক ছুইচৰ সহায়ত বৰ্তনীত বিদ্য়ুৎপ্ৰবাহ চালিত কৰা হয় বা ব্য়াহত কৰা হয়।

xi ) বৈদ্যুতিক তাঁৰত অপৰিবাহী পদাৰ্থৰ আৱৰণ দিয়া হয় কিয়?

উত্তৰঃ বৈদ্য়ুতিক আহিলাবোৰত অপৰিবাহী পদাৰ্থ আৱৰণ থকা বাবে আমি বৈদ্য়ুতিক আঘাত পোৱাৰ পৰা ৰক্ষা পৰোঁ সেইবাবে তাঁৰত অপৰিবাহী পদাৰ্থৰ আৱৰণ দিয়া হয় ।

← Previous Chapter NEXT Chapter →

Check by – Mukesh Borah

Post ID :DABP006027

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects