AJB Class 6 Science Chapter 16 Answer পোহৰ

পোহৰ

প্ৰশ্নাৱলী

  1. শুদ্ধ উত্তৰটো বাছি উলিওৱা-

i) তলৰ কোনবিধ দীপ্তিমান বস্তু?

a. কাঠ

b. আয়না

c. চন্দ্ৰ

d. বাল্ব

উত্তৰঃ c. চন্দ্ৰ

ii) ৰামধেনুত থকা ৰঙৰ সংখ্যা

a. 5টা

b. 3টা

c. 10টা

d. 7টা

উত্তৰঃ d. 7 টা

iii) পৃথিৱীৰ বাবে পোহৰৰ আটাইতকৈ ডাঙৰ উৎস হ’ল
a. চন্দ্ৰ

b. বিজুলীবাতি

c. সূৰ্য্য

d. জুই

উত্তৰঃ c. সূৰ্য্য

iv) তলৰ কোনবিধ ঈষৎ স্বচ্ছ বস্তু
a. কলম

b. তেলসনা কাগজ

c. দাপোণ

d. কাঁচ

উত্তৰঃ b. তেলসনা কাগজ

v) ছাঁ সৃষ্টি কৰা বস্তুটো উৎসৰ ওচৰ চপাই আনিলে, ছাঁৰ আকাৰ-

a. সৰু হয়

b. ডাঙৰ হয়

c. একেই থাকে

d. ওপৰৰ এটাও নহয়

উত্তৰঃ b) ডাঙৰ হয় ।

  1. চমু উত্তৰ দিয়া

i) আমি বস্তু এটা কেনেদৰে দেখা পাওঁ?

উত্তৰঃ পোহৰত থকা বস্তু এটা যেতিয়া আমি চাওঁ, তেতিয়া বস্তুটোৰ পৰা পোহৰৰ ৰশ্মি আমাৰ চকুত পৰে, তেতিয়া আমি বস্তুটো দেখা পাওঁ।

ii) দীপ্তিমান বস্তু কাক বােলে? এটা উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ বস্তুৱে পোহৰ দিয়ে বা যাৰ পোহৰ আছে, সেইবোৰ বস্তুক দীপ্তিমান বস্তু বোলে।

যেনে—সূর্য, ইত্যাদি।

iii) বগা পােহৰত কেইটা ৰং আছে? ৰং কেইটা কি কি?

উত্তৰঃ বগা পোহৰত সাতটা ৰং আছে।

সেইবোৰ হ’ল— বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা ।

iv) স্বচ্ছ আৰু ঈষৎ স্বচ্ছ বস্তু কাক বােলে? প্রতিবিধৰে দুটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ বস্তুৰ মাজেৰে পোহৰ সম্পূৰ্ণৰূপে পাৰ হৈ যায়, সেইবোৰ বস্তুক স্বচ্ছ বস্তু বোলে। যেনে— স্বচ্ছ কাচ, ।

যিবোৰ বস্তুৰ মাজেৰে পোহৰ আংশিকভাৱে পাৰ হৈ যায়, সেইবোৰ বস্তুক ঈষৎ স্বচ্ছ বস্তু বোলে। যেনে—, তৈল সনা কাগজ।

v) ছাঁ কি? ছাঁ কেনেদৰে সৃষ্টি হয়?

উত্তৰঃ অস্বচ্ছ বস্তুৰ ওপৰত পোহৰ পৰিলে বস্তুটোৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে। তেতিয়া বস্তুটোৰ পিছফালে বস্তুটোৰ নিচিনা আকৃতিৰ ক’লা আন্ধাৰ দেখা যায়। তাকে ছাঁ বোলে।

vi) ছাঁ গঠন হ’বলৈ প্রয়ােজনীয় দুটা চর্ত উল্লেখ কৰা।

উত্তৰঃ ছাঁ গঠন হ’বলৈ দুটা প্ৰয়োজনীয় চৰ্ত হ’ল ঃ

1.বস্তুটোৰ এফালে পোহৰৰ উৎস থাকিব লাগিব।

2.বিপৰীতফালে ছাঁ গঠন হ’ব পৰা এখন পৃষ্ঠ থাকিব লাগিব।

vii) ছাৰ আকাৰ কেনেদৰে সৰু বা ডাঙৰ কৰিব পাৰি?

উত্তৰঃ পোহৰৰ উৎসটোৰ পৰা বস্তুটোৰ দূৰত্ব বঢ়াই দিলে ছাঁ সৰু হ’ব আৰু উৎসটোৰ পৰা বস্তুটোৰ দূৰত্ব কমাই দিলে ছাঁ ডাঙৰ হ’ব ।

viii) প্রতিফলন মানে কি?

উত্তৰঃ যেতিয়া এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা পোহৰৰ ৰশ্মি যায় তেতিয়া দুয়োটা মাধ্যমৰ পৃথকীকৰণ ঘটে, কিছুমান পোহৰৰ ৰশ্মি প্ৰথম মাধ্যমলৈ ঘূৰি আহে। ইয়াকে প্রতিফলন বোলে ।

ix) দাপােণত কিহৰ বাবে প্রতিবিম্বৰ সৃষ্টি হয়?

উত্তৰঃ দাপোণত পোহৰৰ প্ৰতিফলন হয়, সেইবাবে দাপোণত প্ৰতিৱিম্বৰ সৃষ্টি হয়।

x) বেঘনীসেহাসুৰ মানে কি?
উত্তৰঃ ৰামধেনুৰ বেঙুনীয়া,ঘন নীলা,নীল ,হালধীয়া ,সুমথিৰা ,ৰঙা এই ৭ টা ৰং ক একে

লগে বেঘনীসেহাসুৰ বোলা হয় ।

xi) ছাঁ আৰু প্ৰতিবিম্বৰ মাজত পার্থক্য কি কি লিখ।

উত্তৰঃ ছাঁবোৰ পোহৰৰ উৎস, বস্তুটোৰ আকৃতি আৰু ইয়াক নিক্ষেপ কৰা পৃষ্ঠৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ণয় কৰা হয়।

আনহাতে প্ৰতিফলন হৈছে কেৱল বস্তুৰ ছবিখনৰ দৃষ্টিকোণৰ দৃশ্যৰ ভিতৰত থকা আন এটা সমতল বা সমতলৰ গোটলৈ সম্প্ৰসাৰণ ।

  1. পিনহ’ল কেমেৰাত কেনেদৰে প্রতিবিম্ব সৃষ্টি হয় চিত্র আঁকি বর্ণনা কৰা।

উত্তৰঃইয়াৰ বাবে এটা অস্বচ্ছ বস্তুৰে তৈয়াৰী বাকচ লাগিব। বাকচটোৰ এখন বেৰ কাটি আঁতৰোৱা হ’ল। তাৰ ঠাইত এখন ট্রেচিং কাগজ লগাই দিয়া হ’ল। কাগজ লগোৱা ফালটোৰ বিপৰীত বেৰখনত এটা সৰু ফুটা কৰা হ’ল।এতিয়া কোনো লক্ষ্যবস্তুৰ সন্মুখত বাকচটোৰ ফুটা থকা বেৰখন ৰখা হ’ল। কেমেৰাটো সুবিধাজনক ঠাইত ৰাখিলে ট্রেচিং কাগজখনত লক্ষ্যবস্তুৰ প্ৰতিবিম্ব দেখা পোৱা যাব। কেমেৰাটোৰ ভিতৰফালে ক’লা ৰং দিলে বা ক’লা কাগজ লগাই দিলে প্রতিবিম্ব বেছি স্পষ্ট হ’ব। কিন্তু পিনহল কেমেৰাত প্ৰতিবিম্বটো সদায় লক্ষ্যবস্তুৰ ওলোটা হয়।

পিনহ’ল কেমেৰা প্রতিবিম্ব

← Previous Chapter NEXT Chapter →

Type: Pallab Jyoti Bora

Check by- Mukesh Borah

Post ID : DABP006050

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top