Might Learn Logo Might Learn

AJB Class 6 Science Chapter 17 Answer বৰষুণ, মেঘ, কুৱলী আৰু নিয়ৰ

বৰষুণ, মেঘ, কুৱলী আৰু নিয়ৰ 

প্ৰশ্নাৱলী

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা।

i) বৰষুণ জোখা সঁজুলবিধৰ নাম-

a) থাৰ্ম’মিটাৰ

b) বেৰ’মিটাৰ

c) ৰেইন গজ

d) ওপৰৰ এটাও নহয়

উত্তৰঃ c) ৰেইন গজ।

ii) উষ্ণতা জোখা সঁজুলিবিধৰ নাম-

a) থাৰ্ম’মিটাৰ

b) বেৰ’মিটাৰ

c) ৰেইন গজ

d) ওপৰৰ এটাও নহয়

উত্তৰঃ a) থাৰ্ম’মিটাৰ।

iii) জ্বৰ হ’লে মানুহৰ শৰীৰৰ উষ্ণতা-

a) কমি যায়

b) একে থাকে

c) বেছি হয়

d) এবাৰ কমে আৰু এবাৰ বাঢ়ে

উত্তৰঃ c) বেছি হয়।

iv) আমাৰ শৰীৰতকৈ অধিক তপত হৈ থকা বস্তু এটা হাতেৰে চুলে

আমি

a) ঠাণ্ডা অনুভৱ কৰোঁ

b) গৰম অনুভৱ কৰোঁ

c) ঠাণ্ডা বা গৰম একো অনুভৱ নকৰোঁ

d) ওপৰৰ এটাও নহয়

উত্তৰঃ b) গৰম অনুভৱ কৰোঁ।

v) তাপ পালে বস্তুৰ উষ্ণতা-

a) বাঢ়ে

b) কমে

c) একে থাকে

d) কেতিয়াবা বাঢ়ে আৰু কেতিয়াবা কমে

উত্তৰঃ a) বাঢ়ে।

vi) তাপ

a) কম উষ্ণতাৰ পৰা বেছি উষ্ণাতালৈ প্ৰবাহিত হয়

b) প্ৰবাহিত নহয়

c) বেছি উষ্ণতাৰ পৰা কম উষ্ণাতালৈ প্ৰবাহিত হয়

d) তাপৰ প্ৰবাহ উষ্ণতাৰ ওপৰৰ নিৰ্ভৰ নকৰে

উত্তৰঃ c) বেছি উষ্ণতাৰ পৰা কম উষ্ণাতালৈ প্ৰবাহিত হয়।

2. চমু উত্তৰ দিয়

a ) উষ্ণতা মানে কি ?

উত্তৰঃ উষ্ণতাই বস্তু এটা কিমান গৰম বা ঠাণ্ডা তাকে বুজাই।

b ) বৰফ হাতেৰে চুলে কিয় চেঁচা লাগে ? 

উত্তৰঃ আমাৰ দেহৰ উষ্ণতাতকৈ বৰফৰ উষ্ণতা কম গতিকে বৰফ হাতেৰে চুলে চেঁচা লাগে।

c ) বস্তু এটাই কেতিয়া তাপ গ্রহণ কৰে ? 

উত্তৰঃ কম উষ্ণতাৰ বস্তু এটা অধিক উষ্ণতাৰ আন এটা বস্তুৰ গাত লাগি থাকিলে কম উষ্ণতাৰ বস্তুটোৱে তাপ গ্ৰহন কৰিব।

d ) বস্তু এটাই কেতিয়া তাপ এৰি দিয়ে ? 

উত্তৰঃ অধিক উষ্ণতাৰ বস্তু এটাৰ লগত কম উষ্ণতা বস্তু এটা ৰখা হয় তেতিয়া বেছি উষ্ণতাৰ পৰা কম উষ্ণতালৈ তাপ প্ৰবাহিত হয় আৰু অধিক উষ্ণতাৰ বস্তুটোৱে তাপ এৰি দিয়ে।

e ) পানীৰ অৱস্থা কেইটা আৰু কি কি ? 

উত্তৰঃপানীৰ অৱস্থা তিনিটা। সেইকেইটা হ’ল- 

১) কঠিন অৱস্থা

২) জুলীয়া অৱস্থা

৩) গেছীয় অৱস্থা

f ) ডাৱৰ কি বস্তু ? 

উত্তৰঃ ভূ-পৃষ্ঠৰ পৰা বহু ওপৰলৈ বায়ু আছে। বায়ুমণ্ডলৰ উপৰিভাগ চেঁচা। এনে চেঁচা বায়ুৰ মাজত ওপৰলৈ উঠি অহা জলীয় বাষ্প পানীৰ ক্ষুদ্ৰ ক্ষদ্ৰ কণাত পৰিণত হয়। এই কণাবোৰ বায়ুত থকা ধূলিকণাক সাৰথি কৰি ওপঙি থাকে। এইবোৰকে মেঘ বা ডাৱৰ বুলি কওঁ।

g ) নিয়ৰ কি ? 

উত্তৰঃ শীতকালি বায়ুমণ্ডল চেঁচা হৈ পৰিলে গছ-বনকে ধৰি আমাৰ চৌপাশৰ সকলো বস্তুৱেই চেঁচা হৈ পৰে। তেতিয়া বায়ুত থকা জলীয় বাষ্পই গছৰ পাত, ঘাঁহ-বন,- বা টিন-পাতৰ চালিত ঘনীভূত হৈ পানীৰ সৰু সৰু টোপালৰ সৃষ্টি কৰে। পানীৰ এই টোপালবোৰকে আমি নিয়ৰ বুলি কঁও।

h ) বাষ্পীভৱন মানে কি ? 

উত্তৰঃ প্ৰাকৃতিকভাৱে পানী বাষ্পত পৰিণত হোৱাকে বাষ্পীভৱন বোলে।

i ) বাষ্পীকৰণ আৰু বাষ্পীভৱনৰ মাজত পার্থক্য কি ? 

উত্তৰঃ বাষ্পীভৱনত পানী প্ৰাকৃতিক ভাৱে বাষ্পত পৰিণত হয় আৰু বাষ্পীকৰণত পানী তাপ যোগান ধৰি কম সময়ত বাষ্পত পৰিণত কৰা হয়।

j ) কি কি উপায়েৰে আমি তাপ পাব পাৰোঁ লিখা । 

উত্তৰঃ তাপৰ প্ৰধান উৎস সূৰ্য্য়। ৰ’দত থকা যিকোনো বস্তু এটা গৰম হৈ পৰে। তাৰ উপৰিও কাঠ-বাঁহ, কয়লা আদি পুৰিলেও তাপ উৎপন্ন হয়। প্ৰাকৃতিক গেছ আৰু বৈদ্য়ুতিক হিটাৰৰ পৰাও তাপ পোৱা যায়।

3. দুটা বা তিনিটা বাক্যত উত্তৰ দিয়া । 

a ) বায়ুত যে জলীয়বাষ্প থাকে সেয়া কেনেদৰে গম পাব পাৰি ? 

উত্তৰঃ বায়ুত যে জলীয় বাষ্প থাকে তাক প্ৰমান কৰিবলৈ এটা সহজ উপায় হ’ল। এটা গিলাচত বৰফ কেইটুকুৰামান ভৰাই লোৱা। অলপ সময়ৰ পাছত দেখিম যে গিলাছৰ চাৰিওফালে পানীৰ টোপাল দেখা যাব ।বায়ুত থকা জলীয় বাষ্প ঠাণ্ডা গিলাছত লাগি পানীৰ টোপাললৈ পৰিণত হৈছে।

b ) এগিলাছ পানীত বৰফ এটুকুৰা পেলাই দিলে গিলাছটোৰ বাহিৰ ফালে পানীৰ কণিকাৰ সৃষ্টি হয় কিয় ? 

উত্তৰঃ এগিলাছ পানীত বৰফ এটুকুৰা পেলাই দিলে গিলাছটোৰ বাহিৰ ফালে পানীৰ কণিকাৰ সৃষ্টি হয় কাৰণ 

c ) বৰফ এটুকুৰা মুখত দিলে পমি যায় কিয় ? 

উত্তৰঃবৰফ শূন্য ডিগ্রী ছেলছিয়াছ তাপ পালেও গলি যায়। গতিকে মুখত দিয়াৰ লগে লগে বৰফ টুকুৰাই কোনো নির্দিষ্ট পৰিমাণৰ তাপ পায়। সেইবাবে বৰফটুকুৰা পমি যায় ।

d ) ঘনীভৱন মানে কি ? ঘনীভৱনৰ ফলত সৃষ্টি হােৱা তিনিবিধ বস্তুৰ নাম লিখা । 

উত্তৰঃ জলীয় বাষ্পৰ ক্ষুদ্ৰ-ক্ষুদ্ৰ কণিকাবোৰ লগ হৈ পানীৰ টোপালৰ সৃষ্টি হয়। ইয়াকে ঘণীভৱন বোলে

ঘণীভৱনৰ ফলত সৃষ্টি হোৱা তিনিবিধ বস্তু হ’ল— বৰফ ,মেঘ, নিয়ৰ ।

e ) ফাগুন-চ’ত মাহত ছাতমেলি দিয়া কাপােৰ কিয় সােনকালে শুকায়? 

উত্তৰঃ ফাগুন-চ’ত মাহত ছাঁত মেলি দিয়া কাপোৰ সোনকালে শুকায়। কাৰণ ফাগুন-চ’ত মাহত সূৰ্যৰ তাপ যথেষ্ট বেছি হয়। সেই সময়ত সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব যথেষ্ট কম হয়। 

f ) মেঘ আৰু কুঁৱলীৰ মাজত কি মিল আৰু কি অমিল লিখা।

উত্তৰঃ বায়ুমণ্ডলত থকা জলীয় বাষ্প, ধূলি-বালিৰ কণিকা আদিৰে মেঘ আৰু কুঁৱলীৰ সৃষ্টি হয় ইহঁতৰ সৃষ্টি একেধৰণে হয়। কিন্তু মেঘবোৰ আকাশত থাকে আৰু কুঁৱলীবোৰ ধৰাপৃষ্ঠত দেখিবলৈ পোৱা য়ায়।

g ) কুঁৱলী আৰু নিয়ৰৰ মাজত কি মিল আৰু কি অমিল লিখা।

উত্তৰঃ কুঁৱলী আৰু নিয়ৰৰ দুয়োটাই ধৰাপৃষ্ঠত থাকে। আৰু ইহঁতৰ গঠন প্রক্রিয়া একে। কুঁৱলী আৰু নিয়ৰৰ মাজৰ অমিল এটা হ’ল নিয়ৰে ডাঙৰ টোপাল বান্ধে কিন্তু কুঁৱলীয়ে কেতিয়াও ডাঙৰ টোপাল নাবান্ধে।

4. মেঘ কেনেদৰে সৃষ্টি হয় পাঁচ / ছয়টা বাক্যত উত্তৰ দিয়া ।

উত্তৰঃ ভূ-পৃষ্ঠৰ পৰা বহু ওপৰলৈ পৃথিৱীখনক চাৰিওফালে বায়ুৱে আগুৰি আছে। বায়ুমণ্ডলৰ উপৰিভাগ অতি চেঁচা। গৰম বায়ুৰ সৈতে ওপৰলৈ উঠি অহা জলীয় বাষ্পই চেঁচা বায়ুৰ মাজত গোট মাৰি পানীৰ ক্ষুদ্ৰ টোপাল বা কণিকাত পৰিণত হয়। বায়ুত ওপঙি থকা ধূলিকণাৰ লগতে আন আন কণিকাৰ আশ্ৰয়ত পানীৰ কণিকাবোৰ তাতেই ভাঁহি থাকে। এইবোৰেই মেঘ বা ডাৱৰ।

← Previous Chapter NEXT Chapter →

Check by – Mukesh Borah

Post ID : DABP006066

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects