জীৱজগত | Lesson 1 | Class 6 Science Question And Answer Assam Jatiya Bidyalay | অসম জাতীয় বিদ্যালয় ষষ্ঠ শ্ৰেণীৰ নতুন বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |
পাঠ ১
জীৱজগত
1. খালী ঠাই পূৰ কৰাঁ।
a) আমি উশাহত অক্সিজেন গেছ বায়ুৰপৰা গ্ৰহণ কৰো।
b) কুকুৰাৰ পােৱালি কণীৰ পৰা ওপজে।
c) উদ্ভিদে সালোক সংশ্লেষণ পদ্ধতিৰে নিজৰ খাদ্য প্রস্তুত কৰে।
2. শুদ্ধ উত্তৰ বাছি উলিওৱা।
a) লাজুকীলতাই কি উদ্দীপকৰ প্রতি সঁহাৰি জনায়।
i) পােহৰ
ii) তাপ
iii) স্পৰ্শ
উত্তৰঃ স্পৰ্শ।
b) পৰিৱেশৰ অজৈৱিক উপাদান হ’ল।
i) বায়ু
ii) পানী
iii) উদ্ভিদ
উত্তৰঃ বায়ু।
c) প্রাণীৰ দেহত উৎপন্ন হােৱা অলাগতিয়াল বস্তু ওলাই যােৱা পদ্ধতি হল।
i) পাচন
ii) শ্বসন
iii) ৰেচন
উত্তৰঃ ৰেচন।
3. পােৱালি জগাই বংশবৃদ্ধি কৰা দুবিধ প্রাণীৰ নাম লিখা
উত্তৰঃ পোৱালী জলাই বংশবৃদ্ধি কৰা দুবিধ প্ৰাণীৰ নাম হ’ল- (১)গৰু আৰু (২)ছাগলী।
4. উদ্দীপক কাক বােলে?
উত্তৰঃ স্পৰ্শ, অতিপাত ঠাণ্ডা বা গৰম, অতি উজ্জ্বল পোহৰক উদ্দীপক বোলে।
5. জীৱৰ উদ্দীপকৰ প্রতি সঁহাৰি জনােৱা দুটা উদাহৰণ দিয়া।
উত্তৰঃ জীৱৰ উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা দুটা উদাহৰণ হ’ল- (১) কেঁচু এডাল লাহেকৈ চুলে কোঁচ খায়। (২) ৰাতি বনৰীয়া প্ৰাণীৰ গাত উজ্জ্বল পোহৰ পৰিলে সিঁহত তৎক্ষণাত আতৰি যায়।
6. জীৱ আৰু জড়ৰ চাৰিটা পার্থক্য লিখা।
উত্তৰঃ জীৱ আৰু জড়ৰ মাজত পাৰ্থক্য় হৈছে –
– জীৱই উশাহ-নিশাহ লয়। আনহাতে জড়ই উশাহ-নিশাহ নলয়।
– জীৱই বংশ বৃদ্ধি কৰে। আনহাতে জড়ই বংশবৃদ্ধি নকৰে।
– জীৱৰ চলন আছে। আনহাতে জড়ৰ চলন নাই।
– জীৱই খাদ্য় খায়। আনহাতে জড়ই খাদ্য় নাখায়।
7 . উদ্ভিদ আৰু প্ৰাণীৰ মাজৰ দুটা পার্থক্য লিখা।
উত্তৰঃ
| উদ্ভিদ | প্ৰাণী |
| (১) উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয়।(২)উদ্ভিদৰ ক্ষেত্ৰত প্ৰজনন অযৌনৰ মাধ্যমেৰে হয়। | (১) প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয়।(২) প্ৰাণীৰ ক্ষেত্ৰত প্ৰজনন যৌন প্ৰক্ৰিয়াৰ মাধ্যমেৰে হয়। |
8 . ৰেচনৰ প্ৰয়ােজনীয়তা কি?
উত্তৰঃ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ বৰ্জন কৰাত সহায় কৰে।
9. আন্ধাৰত গছৰ বৃদ্ধি নহয় কিয়?
উত্তৰঃ পোহৰ নহ’লে উদ্ভিলে সালোক সংশ্লেষণ কৰিব নোৱাৰে ফলত গছৰ বৃদ্ধি নহয়।
10. জীৱ বুলিলে কি বুজা?
উত্তৰঃ জীয়াই থকা বস্তুবোৰকে জীৱ বোলে।
11. জীৱৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ জীৱৰ বৈশিষ্ট্য়সমূহ হৈছে –
– জীৱই উশাহ-নিশাহ লয়।
– জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়।
– জীৱই খাদ্য় খায়।
-জীৱৰ বংশ বৃদ্ধি হয়।
– জীৱৰ চলন আছে।
12. আমাৰ চৌপাশ বুলিলে কি বুজা?
উত্তৰঃআমাৰ চাৰিওফালে থকা জৈৱিক আৰু অজৈৱিক পদাৰ্থৰ সমষ্টিক চৌপাশ বোলে।
13. পৰিৱেশৰ উপাদান কেইপ্রকাৰৰ
উত্তৰঃ পৰিৱেশৰ উপাদান দুই প্ৰকাৰৰ – জৈৱিক উপাদান আৰু অজৈৱিক উপাদান।
← Previous Chapter NEXT Chapter →
Post ID : DABP005919
-Hiru Moni Bora
Check by- Mukesh Borah
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post