আমাৰ কাপোৰ | Lesson 6 | Class 6 New Science Question And Answer Assam jatiya Bidyalay | অসম জাতীয় বিদ্যালয় ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |
পাঠ ৬
আমাৰ কাপোৰ
1. শুদ্ধ উত্তৰটো কি হ’ব লিখা—
i) ফলৰ পৰা পােৱা আঁহবিধ হ’ল— a ) মৰাপাট b ) লিনেন c ) কপাহ d ) মুগা
উত্তৰঃ কপাহ।
ii ) কোনটো থূপৰ আটাইকেইবিধ আঁহ উদ্ভিদৰ পৰা পােৱা- a ) মৰাপাট, কপাহ, পাট b ) মৰাপাট, কাপহ, মুগা c ) কপাহ, নাইলন, এড়ি d ) কপাহ, নাৰিকলৰ আঁহ, লিনেন।
উত্তৰঃ কপাহ, নাৰিকলৰ আঁহ, লিনেন।
iii ) কপাহৰ পৰা গুটি গুচোৱা সঁজুলিবিধ হ’ল— a ) নেওঠনী b ) যঁতৰ c ) টাকুৰি d ) চেৰেকি
উত্তৰঃ নেওঠনী।
2 . আমাক কাপােৰ কিয় লাগে চমুকৈ লিখা।
উত্তৰঃ আমাক কাপোৰ লাগে। কাৰণ ই আমাক জাৰ, মহ-ডাহ, পোক-পৰুৱা আদিৰ পৰা ৰক্ষা কৰে। ই আমাৰ লজ্জা নিৱাৰণো কৰে।
3. উদ্ভিদৰ পৰা পােৱা চাৰিবিধ আঁহৰ নাম লিখা।
উত্তৰঃ (১) কপাহ(২) নাৰিকলৰ আঁহ(৩) লিনেন আৰু(৪) মৰাপাট।
4. কপাহৰ খেতিৰ বাবে কেনেকুৱা জলবায়ুৰ প্রয়ােজন? কোন সময়ত ইয়াৰ গুটি সিঁচা হয়?
উত্তৰঃ কপাহৰ খেতিৰ বাবে গৰম আৰু সেমেকা জলবায়ুৰ প্ৰয়োজন।বাৰিষাৰ ঠিক আগতে কপাহৰ গুটি সিচা হয়।
5. মৰাপাটৰ আঁহ কেনেকৈ প্ৰস্তুত কৰা হয় লিখা।
উত্তৰঃ মৰাপাটৰ আঁহ মৰাপাটৰ কাণ্ড বা মৰাপাটৰ গা-গছৰ পৰা প্ৰস্তুত কৰা হয়।
6. নাৰিকলৰ কোন অংশৰ পৰা আঁহ উলিওৱা হয়? নাৰিকলৰ আঁহৰ ব্যৱহাৰ সম্বন্ধে চমুকৈ লিখা। উত্তৰঃ নাৰিকলৰ শুকান বাকলিৰ পৰা আঁহ উলিওৱা হয়। নাৰিকলৰ আঁহৰ ব্যৱহাৰ বহুত। ইয়াৰ মুগা আঁহেৰে জৰী, ছোফা, দলিচা, তুলি আদি প্ৰস্তুত কৰা হয়।
7. প্রাণীৰ পৰা পােৱা, উদ্ভিদৰ পৰা পােৱা আৰু সাংশ্লেষিক আঁহ চিনাক্ত কৰা— কপাহ, এড়ি, লিনেন, নাইলন, মৰাপাটৰ আঁহ, পলিএষ্টাৰ, মুগা, উণ।
উত্তৰঃ
| প্ৰাণীৰ পৰা পোৱা | উদ্ভিদৰ পৰা পোৱা | সাংশ্লেষিক |
| এড়ি উন | কপাহ লিনেন মৰাপাট | নাইলন পলিয়েষ্টাৰ |
8. শুদ্ধ উক্তিটো চিনাক্ত কৰা—
a ) গৰমত কপাহী কাপােৰ উপযােগী।
উত্তৰঃ শুদ্ধ।
b ) যঁতৰেৰে কাপােৰ বােৱা হয়।
উত্তৰঃ অশুদ্ধ।
c ) মৰাপাটৰ ফলৰ পৰা আঁহ উলিওৱা হয়।
উত্তৰঃ অশুদ্ধ।
d ) নাৰিকলৰ গা-গছৰ পৰা আঁহ উলিওৱা হয়।
উত্তৰঃ অশুদ্ধ।
e ) ধুতী আৰু শাৰী হ’ল আচলতে কাপােৰৰ টুকুৰা।
উত্তৰঃ অশুদ্ধ।
f ) ‘পূজাৰী ৰজা’ৰ মূর্তি মহেঞ্জোদাৰােত পােৱা গৈছে ।
উত্তৰঃ শুদ্ধ।
g) প্রাচীন চীন দেশত পলুৰ পৰা পাট সূতা আহৰণ কৰিছিল ।
উত্তৰঃ শুদ্ধ।
← Previous ChapterNEXT Chapter
→– Hiru Moni Bora
Check by – Mukesh Borah
Post ID : DABP005945
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post