উদ্ভিদ আৰু ইয়াৰ অংগসমূহ | Lesson 7 | Class 6 New Science Question And Answer Assam jatiya Bidyalay | অসম জাতীয় বিদ্যালয় ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ
পাঠ ৭
উদ্ভিদ আৰু ইয়াৰ অংগসমূহ
1. শুদ্ধ উত্তৰ বাছি উলিওৱা-
i) তলত দিয়া উদ্ভিদবোৰৰ ভিতৰত অপুষ্পক উদ্ভিদবিধ হ’ল-
a) মূলা
b)আদা
c) কঁঠাল
d) ঢেকীয়া
উত্তৰঃ ঢেকীয়া
ii) সমান্তৰাল সিৰা পোৱা যায়-
a) কলপাতত
b) আমৰ পাতত
c) জবা গছৰ পাতত
d) আঁহত গছৰ পাতত
উত্তৰঃ কলপাতত।
iii) তলত দিয়া কোনটো কাণ্ড নহয়
a) গাজৰ
b) আদা
c) আলু
d) হালধী
উত্তৰঃ গাজৰ
2. খালী ঠাই পূৰ কৰা—
( a ) স্ত্রীস্তৱকৰ বাহিৰৰ মূৰটোত থকা ৰঙা টেমুনাৰ দৰে অংশক গৰ্ভমূণ্ড বোলে।
(b) বেংছতা হ’ল এবিধ ভেঁকুৰ।
(c) অমিতাৰ ফুল অসম্পূর্ণ ফুলৰ উদাহৰণ।
(d) মটৰমাহ এবিধ আৰোহী লতা।
3. গছৰ কোন অংশই খাদ্য প্রস্তুত কৰিব পাৰে উল্লেখ কৰা।
উত্তৰঃ উদ্ভিদৰ পাতে খাদ্য প্ৰস্তুত কৰে।
4. উদ্ভিদৰ কোনটো অংশত গর্ভাশয় থাকে?
উত্তৰঃ উদ্ভিদৰ ফুলৰ অংশত গৰ্ভাশয় থাকে।
5. মধ্যসিৰা মানে কি লিখা।
উত্তৰঃ প্ৰত্ৰফলকৰ গুৰিৰ পৰা আগলৈকে থকা ডাঙৰ স্পষ্ট সিৰাডালক মধ্যসিৰা বোলে।
6. পাহিবােৰ কিয় ৰঙীণ হয় লিখা।
উত্তৰঃ পাহিবোৰ ৰঙীন হয় কাৰণ- আমাৰ প্ৰকৃতিত বিভিন্ন প্ৰজাতিৰ ফুল লোৱা হয়। বিভিন্ন প্ৰজাতিৰ ফুলবোৰৰ ৰং বেলেগ বলেগে ধৰণৰ হয় সেয়েহে পাহিবোৰ ৰঙীন হয়। এইটো ফুলৰ বৈশিষ্ট্য।
7. সালােকসংশ্লেষণ বুলিলে কি বুজা?
উত্তৰঃ সেউজীয়া পাতত পত্ৰহৰিৎ নামৰ এবিধ পদাৰ্থ থাকে। ইয়াৰ উপস্থিতিত খাদ্য প্ৰস্তুত হয়। প্ৰক্ৰিয়াটোত সূৰ্যৰ পোহৰো লাগে এই প্ৰক্ৰিয়াটোত অক্সিজেন গেছ নিৰ্গত হয়। খাদ্য-প্ৰস্তুতিৰ এই প্ৰক্ৰিয়াটোক সালোক-সংশ্লেষণ বোলে।
8. সমান্তৰাল সিবিন্যাস পােৱা 4 বিধ উদ্ভিদৰ নাম লিখা।
উত্তৰঃ
(1) কলপাত
(2) ঘেহুঁ
(3) গোমধান আৰু
(4) ঘাঁহ।
9. জাল – সিবিন্যাস পােৱা 4 বিধ উদ্ভিদৰ নাম লিখা।
উত্তৰঃ
(1) আহঁত
(2) আম পাত
(3) তুলসী পাত আৰু
(4) জাম পাত।
10. কাণ্ডৰ কাৰ্য্য উল্লেখ কৰা।
উত্তৰঃ শিপাই মাটিৰ পৰা খনিজ পদাৰ্থ মিহলি পানী শোষণ কৰে।কাণ্ডই গছৰ বিভিন্ন অংশলৈ এইবোৰ কঢ়িয়াই নিয়ে। গছৰ খাদ্য পাতত উৎপন্ন হয়। কাণ্ডই সেই খাদ্য কঢ়িয়াই আনি অংগত ব্যৱহাৰ বা সঞ্চিত কৰাত সহায় কৰে।
11. পাতৰ লক্ষণ অনুসাৰে উদ্ভিদৰ মূল কি কি ধৰণৰ হয় লিখা।
উত্তৰঃ পাতৰ সিৰা সমান্তৰাল হ’লে উদ্ভিদৰ শিপা গুচ্ছ মূল হ’ব। আৰু যদি পাতৰ সিৰা জালৰ দৰে হয়, তেন্তে শিপা মুখ্য়মূল হ’ব।
← Previous Chapter NEXT Chapter →
– Hiru Moni Bora
Check by – Mukesh Borah
Post ID : DABP005963
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post