AJB Class 6 Science Chapter 9 Answer বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা

বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা | Lesson 9 | Class 6 New Science Question And Answer Assam Jatiya Bidyalay | অসম জাতীয় বিদ্যালয় ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |

পাঠ ৯

বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা

1) শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

i) বায়ুত থকা গেছৰ সংখ্যা হ’ল-

a. এবিধ

b. তিনিবিধ

c. কেইবাবিধ 

d. এটাও নহয়

উত্তৰঃ কেইবাবিধ।

ii) বায়ুত সৰ্বাধিক পৰিমাণে থকা গেছবিধ হ’ল-

a. অক্সিজেন

b. নাইট্ৰজেন

c. কাৰ্বন-ডাই-অক্সাইড

d. জলীয়বাষ্প

উত্তৰঃ নাইট্ৰজেন।

iii) বায়ুত থকা উপাদান হ’ল-

a. অক্সিজেন

b. নাইট্ৰজেন

c. ধূলি আৰু ধোঁৱা

d. গোটেইবোৰ

উত্তৰঃ গোটেইবোৰ

iv) উদ্ভিদে সালোকসংশ্লেষণত ব্যৱহাৰ কৰা গেছবিধ হ’ল-

a. নাইট্ৰজেন

b. অক্সিজেন

c. কাৰ্বন-ডাই-অক্সাইড

d. এটাও নহয়

উত্তৰঃ কাৰ্বন ডাই অক্সাইড।

v) জীৱৰ শ্বসনত ব্যৱহৃত গেছবিধ হ’ল-

a. অক্সিজেন

b. কাৰ্বন ডাইঅক্সাইড

c. নাইট্ৰজেন

d. এটাও নহয়

উত্তৰঃ অক্সিজেন।

vi) কেঁচুৰ শ্বাস-অংগবিধ হ’ল-

a. নাক

b. কাণ

c. ছাল

d. হাঁওফাঁও

উত্তৰঃ ছাল।

vii) তলৰ কোনবিধ জলচৰ প্ৰাণীয়ে হাঁওফাঁওৰে উশাহ লয়?

a. ডলফিন

b. মাছ

c. কেঁকোৰা

d. শিহু

উত্তৰঃ ডলফিন।

2. স্তম্ভ A আৰু B মিলোৱাঃ

স্তম্ভ Aস্তম্ভ B
অক্সিজেন21 % 
নাইট্ৰ’জেন78 %
মাছফুল
ভেকুলীউভচৰ
ধোঁৱাপ্ৰদূষক

3. এটা শব্দত উত্তৰ লিখাঃ

a) আমাৰ চাৰিওফালে থকা বায়ুৰ আৱৰণ

উত্তৰঃ বায়ুমণ্ডল।

b) জুই জলাত সহায় কৰা গেছবিধ

উত্তৰঃ অক্সিজেন।

c) বায়ুমণ্ডলত ক্ষতিকাৰক গেছ, ধূলি, ধোঁৱা আদি যােগ হােৱা

উত্তৰঃ বায়ু প্ৰদূষণ।

d) চুণপানী ঘােলা কৰা এবিধ গেছ

উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড।

e) লালুকীৰ শ্বাস – অংগ

উত্তৰঃ লালুকীয়ে ফুলেৰে।
f) গছৰ পাতত থকা সৰু সৰু ছিদ্র

উত্তৰঃ পত্ৰৰন্ধ।
4. শুদ্ধ নে অশুদ্ধ লিখা।

 a) উদ্ভিদে খাদ্য প্রস্তুত কৰোঁতে সালােক-সংশ্লেষণত অক্সিজেন গেছ ব্যৱহাৰ কৰে।

উত্তৰঃ অশুদ্ধ।
b) জলজ প্রাণীবােৰে পানীত মিহলি হৈ থকা অক্সিজেন গেছ ব্যৱহাৰ কৰে।

উত্তৰঃ শুদ্ধ।
c) বায়ু চলাচল কৰাকে বতাহ বােলে।

উত্তৰঃ শুদ্ধ।
d) মাটিত বায়ু সােমাই নাথাকে।

উত্তৰঃ অশুদ্ধ।
e) পৃথিৱীত জীৱ বৰ্তি থাকিবৰ বাবে বায়ুমণ্ডল প্রয়ােজনীয়।

উত্তৰঃ শুদ্ধ।
5. চমু উত্তৰ দিয়া।

a) বায়ুৰ চাৰিবিধ প্রয়ােজনীয়তা উল্লেখ কৰা।

উত্তৰঃ বায়ুৰ চাৰিবিধ প্রয়ােজনীয়তা হৈছে – 

(i) সকলো জীৱকে উশাহ ল’বলৈ বায়ুৰ প্ৰয়োজন।

(ii) বিভিন্ন ধৰণৰ উদ্ভিদৰ বীজ আৰু ফুলৰ ৰেণু উৰি ফুৰাত বায়ুৱে সহায় কৰে।

(iii) জুই জ্বলাবলৈ বায়ুৰ প্ৰয়োজন হয়।

b) ঘঁৰিয়ালে কেনেদৰে উশাহ লয়?

উত্তৰঃ ঘঁৰিয়ালে নাকেৰে উশাহ লয়।
c) বায়ুত যে ধূলিকণা থাকে তাক কেনেকৈ প্ৰমাণ কৰিবা?

উত্তৰঃ বায়ুত যে ধূলিকণা থাকে তাক প্ৰমাণ কৰিবলৈ ৰ’দ পৰা কোঠালি এঠা বাছি লোৱা হ’ল। কোঠালিটোৰ দুৱাৰ খিৰিকীবোৰ বন্ধ কৰি লোৱা হ’ল।দুৱাৰ খিৰিকীত থকা পৰ্দাবোৰ টানি লোৱা হ’ল। এখন খিৰিকি সামান্য় পৰিমাণে ফাঁক কৰি সূৰ্য্যৰ পোহৰ পৰিবলৈ দিয়া হ’ল।ভিতৰলৈ পোহৰ সোমায় পৰে। পোহৰত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কণা জিলিকি উঠা দেখা যায় আৰু কণিকাবোৰ উৰি ফুৰা দেখা যায়। ইয়ে হৈছ ধূলিকণা। ইয়াৰ পৰা আমি জানিব পাৰো যে বায়ুত ধূলিকণা থাকে। 
d) বায়ু – প্ৰদূষণ বুলিলে কি বুজা? বায়ু-প্ৰদূষণৰ কেইটামান কাৰণ উল্লেখ কৰা।

উত্তৰঃ জীৱজগতৰ বাবে অপকাৰী পদাৰ্থ কিছুমান বেছি পৰিমাণে বায়ুমণ্ডলত মিহলি হোৱাকে বায়ু প্ৰদূষণ বোলে। বায়ু প্ৰদূষণৰ কেইটামান কাৰণ হ’ল- 

(১) কল-কাৰাখানাৰ পৰা ওলোৱা ধোঁৱা।

(২) যান-বাহনৰ পৰা ওলোৱা ধোঁৱা।

(৩) উদ্যোগৰ পৰা ওলোৱা ধোঁৱা।

(৪) ৰান্ধনি ঘৰৰ পৰা ওলোৱা ধোঁৱা।

e) বায়ুত কার্বন-ডাই-অক্সাইডৰ উপস্থিতি কিদৰে প্ৰমাণ কৰিবা? 

উত্তৰঃ চূণৰ এটা টুকুৰা এগিলাছ পানীত জুবুৰিয়াই দিলো। চামুচ এখনেৰে মিশ্ৰটো ঘুঁটি দিব লাগিব। প্লাষ্টিকৰ বটল এটাৰ সাঁফৰখনৰ দুটামান সৰু ফুটা কৰি বটলটো মাজত কাটি দিলো। এতিয়া  সাঁফৰখন বটলৰ টুকুৰাটোত লগাই ললো। সাঁফৰৰ ফুটা কেইটা ঢাক খোৱাকৈ কিছু তুলা দিব লাগিব। কটা বটলটো ওলোটাকৈ ধৰি ললো।গিলাছৰ মিশ্ৰটো বটলটোত লাহে লাহে ঢালি দিলো। ইয়াৰ আগতে সাঁফৰৰ ঠিক তলত কাচৰ গিলাচ এটা ৰাখিব লাগিব।গিলাচটোত ফটফটীয়া পানী জমা হ’ব। এইয়ে হ’ল চূণপানী। এডাল ষ্টৰ (বা ৰিফিন নথকা বল পেনৰ) এটা মূৰ চূণপানীখিনিত বুৰাই দিয়া হ’ল।আনটো মূৰেদি পানীখিনিত  ফুকি থাকিব লাগিব। ফু দিওঁতে দেহৰপৰা কাৰ্বন-ডাই-অক্সাইড গেছো ওলায়। এই কাৰ্বন-ডাই-অক্সাইড গেছে চূণপানী খিনি ঘোলা কৰিছে। ইয়ে প্ৰমাণিত কৰিলে যে বায়ুত কাৰ্বন-ডাই-অক্সাইড আছে।
6. সংজ্ঞা দিয়া 

(a) সালােকসংশ্লেষণ

উত্তৰঃ এই পদাৰ্থৰ পত্ৰহৰিৎৰ সহায়ত সূৰ্য্যৰ পোহৰৰ উপস্থিতিত বায়ুৰপৰা লোৱা কাৰ্বন-ডাই-অক্সাইড আৰু মাটিৰ পৰা পানী শুহিলৈ গছৰ পৰা খাদ্য প্ৰস্তুত হয়। এই প্ৰক্ৰিয়াটোকে সালোক-সংশ্লেষণ বোলে।
(b) শ্বাস-প্রশ্বাস 

উত্তৰঃজীৱই বায়ুমণ্ডলৰ পৰা বায়ু গ্ৰহণ কৰে। ইয়াৰ পৰা প্ৰয়োজনীয় অক্সিজেন  খিনি শ্বাসতন্ত্ৰই গ্ৰহণ কৰে আউ কাৰ্বন-ডাই-অক্সাইড গেছখিনি বাহিৰ কৰি দিয়ে। স্তন্য পায়ী প্ৰাণীয়ে হাওঁফাওঁৰ সহায়ত উশাহ-নিশাহ লয়। উভচৰ প্ৰাণীবোৰে নাকেৰে উশাহ-নিশাহ লয়। এই অংগবোৰক ফুল বুলি কোৱা হয়। চৰাই-চিৰিকতি বোৰৰ ঠোঁটৰ ওপৰৰ ফালে দুটা সৰু ফুটা থাকে। এই ফুটা দুটাৰ মাজেৰে বায়ু ওলোৱা সোমোৱা কৰে।

7. প্রাণীয়ে শ্বসনত অক্সিজেন গেছ ব্যৱহাৰ কৰে। বায়ুমণ্ডললৈ এই অক্সিজেন ক’ৰ পৰা আহে? 

উত্তৰঃ বায়ুমণ্ডললৈ অক্সিজেন গেছ উদ্ভিদৰ পৰা আহে।
৪. উত্তৰ দিয়া : 

a) দেখাত খালী যেন লগা বটল এটাৰ ভিতৰতাে বায়ু থাকে। এই কথাষাৰ প্ৰমাণ কৰিবৰ বাবে এটা পৰীক্ষা বর্ণনা কৰা। 

উত্তৰঃ পৰীক্ষাটোৰ বাবে এটা বটল আৰু এটা চৰিয়া বা বাটি লোৱা হ’ল। চৰিয়াটোত পানী ভৰাই লোৱা হ’ল। এতিয়া বটলটো তলমুৱাকৈ জুবুৰিয়াই পানী ভৰাবলৈ চেষ্টা হ’ল। বটলটোৰ ভিতৰত পানী সোমোৱা নাই। এতিয়া বটলটো অলপ হেলনীয়াকৈ পানীৰ তলতৈ ঠেলি দিয়া হ’ল। বটলটোৰ মুখেদি বুৰবুৰণিৰ আকাৰত বায়ু ওলাইছে। বটলটোৰ ভিতৰত পানী সোমোৱা দেখা গৈছে। ইয়াৰ পৰা গম পোৱা গল যে খালী যেন লগা বটলৰ ভিতৰত বায়ু থাকে।

b) বায়ুত যে জলীয় বাষ্প থাকে, তাক কিদৰে প্ৰমাণ কৰিবা? 

উত্তৰঃ পৰীক্ষাটোৰ বাবে ত্ৰিপদী ষ্টেন্দৰ ওপৰত কাঁচৰ বাটি এটাত পানী দি গৰম কৰা হ’ল। পাত্ৰটোৰ তলিভাগ ভালদৰে মন কৰিলে পানীৰ কিছুমান বুৰবুৰণি দেখা পোৱা যায়।পানী খিনি বেছি গৰম কৰিলে এইবোৰ ওপৰলৈ উঠি আহে। প্ৰথমতে সৰু সৰু বুৰবুৰনিবোৰ হৈছে পানীত থকা বায়ু। উষ্ণতা বাঢ়িলে পানীৰ লগত মিহলি হৈ থকা বায়ু বাহিৰলৈ ওলাই আহে।পানীখিনি বেছিকৈ গৰম কৰি ৰাখিলে তৰল অৱস্থাৰ পৰা ভাপলৈ পৰিৱৰ্তিত হয়। ইয়াৰ পৰা বুজা যায় যে বায়ুত জলীয় বাষ্প থাকে।

c) মাটিৰ তলত বাস কৰা কেঁচুবােৰে উশাহ ল’বৰ বাবে বায়ু ক’ৰ পৰা পায়? মাটিত যে বায়ু সােমাই থাকে এটা পৰীক্ষাৰ সহায়ত প্রমাণ কৰা।

উত্তৰঃ পৰীক্ষাটোৰ বাবে এটা গিলাচ আৰু শুকান মাটিৰ চপৰা লোৱা হ’ল। চপৰাটো বুৰ খোৱাকৈ পানী ঢালি দিয়া হ’ল।পানি ঢালি দিয়াৰ পিছত চপৰাটোৰ পৰা বুৰবুৰনি সৃষ্টি হয়। কাৰণ মাটিত বায়ু সোমাই থাকে। আচলতে মাটিৰ মাজত কিছুমান খালী ঠাই থাকে আৰু সেই ঠাইত বায়ু সোমাই থাকে। পানী ঢলাৰ লগে লগে ছিদ্ৰবোৰত পানী সোমাই যায়। ফলত বায়ুখিনি বুৰবুৰনি আকাৰে বাহিৰ ওলাই আহিল।ইয়াৰ পৰা জানিব পাৰো যে মাটিত বায়ু সোমায় থাকে।

d) বায়ুত থকা উপাদানবােৰৰ বিষয়ে এটা টোকা লিখা। 

উত্তৰঃ বায়ুত থকা উপাদানবোৰ হ’ল-

(১) অক্সিজেনঃ বায়ুৰ প্ৰায় চাৰি ভাগৰ এভাগ অক্সিজেন অৰ্থাৎ 21% থাকে। অক্সিজেন গেছে জুই জ্বলাত সহায় কৰে। প্ৰাণী আৰু উদ্ভিদৰ শ্বসনত অক্সিজেন গেছ ব্যৱহাৰ কৰা হয়।

(২) নাইট্ৰজেনঃ বায়ুমণ্ডলৰ প্ৰায় চাৰি ভাগৰ তিনিভাগেই হৈছে নাইট্ৰজেন অৰ্থাৎ ই 78% থাকে।

(৩) কাৰ্বন-ডাই-অক্সাইডঃ বায়ুমণ্ডলত অতি কম পৰিমাণে (0.03%) কাৰ্বন-ডাই-অক্সাইড থাকে। জীৱই নিশাহত কাৰ্বন-ডাই-অক্সাইড গেছ উৎপন্ন কৰে। প্ৰাণী আৰু উদ্ভিদৰ বস্তু জ্বলালেও কাৰ্বন-ডাই-অক্সাইড গেছ উৎপন্ন কৰে।

(৪) জলীয় বাষ্পঃ সূৰ্যৰ তাপত নদী, হ্ৰদ, সাগৰ, মহাসাগৰ আদিৰ পানী বাষ্পীভূত হয়। এই বাষ্পীভূত পানীবোৰেই জলীয় বাষ্প হিচাপে মিহলি হয়।

(৫) ধূলিকণা আৰু ধোৱাঃ বায়ুত কিছুমান অতি ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলিকণা উৰি ফুৰে। এইবোৰেই লাহে লাহে বস্তুবোৰৰ ওপৰত জমা হয়। যান-বাহন, কল-কাৰখানা, জুই আদিৰ পৰা ওলোৱা ধোৱা বায়ুৰ লগত মিহলি হয়। ফলত জীৱ-জন্তুবোৰ আৰু মানুহৰে ক্ষতিকাৰক হয়।উশাহত এই ধূলিকণাবোৰ আমাৰ দেহত প্ৰৱেশ কৰাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰৰ সন্মুখীন হ’ব পাৰোঁ।

e) বায়ুত অক্সিজেন আৰু কার্বন-ডাই-অক্সাইড গেছৰ সমতা কেনেদৰে বৰ্তি থাকে ব্যাখ্যা কৰা। 

উত্তৰঃ বহু যুগ ধৰি বায়ুমণ্ডলত অক্সিজেনৰপৰিমাণ একে আছে।তেনেদৰে কাৰ্বন-ডাই-অক্সাইডৰো পৰিমাণ একেই আছে। অৰ্থাৎ বায়ুমণ্ডলত গেছ দুবিধৰ ভাৰাসাম্য ৰক্ষা হৈ আছে। অক্সিজেনৰ পৰিমাণ কমিলে জীৱ জীয়াই থকা টান হ’ব। কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়িলেও বহুত বিপদ হ’য়। সেয়ে গেছ দুবিধৰ ভাৰাসাম্য ৰক্ষা হৈ থাকিব লাগিব। উদ্ভিদে সালোক-সংশ্লেষণত কাৰ্বন-ডাই-অক্সাইড ব্যৱহাৰ কৰে আৰু অক্সিজেন উৎপন্ন কৰে। আনহাতে প্ৰাণী আৰু লগতে উদ্ভিদে শ্বসন প্ৰক্ৰিয়াত অক্সিজেন ব্যৱহাৰ কৰে।গতিকে বায়ুমণ্ডলত সেই দুবিধ গেছৰ ভাৰাসাম্য উদ্ভিদে ৰক্ষাৰ কৰিছে।

f) বৰষুণ দিলে কেঁচুবােৰ কিয় বাহিৰলৈ ওলাই আহে বাৰু?

উত্তৰঃ মাটিৰ মাজত বায়ু সোমাই থাকে। সেই বায়ুখিনিয়েই কেঁচুবোৰে ছালেৰে গ্ৰহণ কৰে। অৰ্থাৎ কেঁচুৱে গাৰ ছালেৰে উশাহ লয়। ধাৰাসাৰ বৰষুণ দিলে কেঁচুবোৰ বাহিৰলৈ ওলাই আহে। কাৰণ বৰষুণৰ পানীয়ে মাটিত সোমাই থকা বায়ুৰ ঠাইত সোমায় ফলত বায়ুযখিনি ওলাই যায়। বায়ু নোহোৱাৰ বাবে কেঁচুবোৰ বাহিৰলৈ ওলাই আহিবলগীয়া হয়।

← Previous Chapter NEXT Chapter →

– Hiru Moni Bora

Post ID : DABP002290

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top