পাঠ ১৪
ভূগোল অধ্যয়নৰ আহিলা আৰু সঁজুলি
১। উত্তৰ লিখা।
(ক) ভূগােল অধ্যয়নৰ বাবে প্রয়ােজন হােৱা চাৰিবিধ আহিলাৰ নাম লিখা।
উত্তৰঃ ভূগােল অধ্যয়নৰ বাবে প্রয়ােজন হােৱা চাৰিবিধ আহিলাৰ নাম হৈছে- গোলক, স্কেল বা মাপনী, মানচিত্ৰ, ভূচিত্ৰাৱলী, ছবি, আৰ্হি বা মডেল।
(খ) ভূচিত্ৰাৱলী বুলিলে কি বুজা?
উত্তৰঃ ভূচিত্ৰাৱলী হৈছে বিভিন্ন ধৰণৰ মানচিত্ৰসমূহ গোটাই একেলগে চিলাই কৰি লোৱা এখন কিতাপ।
(গ) মানচিত্র কাক বােলে?
উত্তৰঃ স্কেলৰ সহায়ত এটা নিৰ্দিষ্ট জোখত কোনো এখন ঠাই সৰু কৰি কাগজত আঁকি লোৱা ছবিখনকে মানচিত্ৰ বোলে।
২। খালী ঠাই পূৰ কৰা।
(ক) পৃথিৱীৰ পৰিধি ৬০ কিমি.।
(খ) পৃথিৱীৰ উপৰিভাগত সাত খন মহাদেশ আৰু পাঁচ খন মহাসাগৰ আছে।
(গ) গােলক পৃথিৱীখনৰ এটা আৰ্হি।
(ঘ) মানচিত্রক মেপ বুলিও কয়।
৪। মানচিত্ৰৰ পৰা আমি কি কি জানিব পাৰোঁ?
উত্তৰঃ মানচিত্ৰৰ পৰা আমি দুখন ঠাইৰ দূৰত্ব, পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অৱয়ৱ যেনে পৰ্বত-পাহাৰ, নদ-নদী, সমভূমি, মৰুভূমি আদিৰ উপৰিও মহাদেশ, দেশ, ৰাজ্য়, জিলা, মহকুমা, নগৰ-চহৰ আদিৰ বিষযে জানিব পাৰোঁ। কোনো এটা অঞ্চলত থকা ৰাস্তা-ঘাট, বিদ্য়ালয়, থানা আদিৰ বিষয়ে মানচিত্ৰই বিতং তথ্য় দিয়ে।
← Previous Chapter NEXT Chapter →
Check by- Mukesh Borah
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post