AJB Class 6 Social Science Chapter 16 Answer প্ৰকৃতিক ভূগোলৰ এটি চমু আভাস

প্ৰকৃতিক ভূগোলৰ এটি চমু আভাস | Lesson 16 | Class 6 Social Science Question and Answer Jatiya Bidyalay Solution | জাতীয় বিদ্যালয় ষষ্ঠ শ্ৰেণাীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |

পাঠ ১৬

প্ৰকৃতিক ভূগোলৰ এটি চমু আভাস

১। এটা বাক্যত উত্তৰ লিখা।

(ক) ভূগােল মানে কি বুজা?

উত্তৰঃ গোলাকাৰ পৃথিৱীখনৰ উপৰিভাগৰ বিভিন্ন উপাদানৰ অৱস্থান আৰু সম্পৰ্ক অধ্য়য়নেই হৈছে ভূগোল।

(খ) ভূগােলৰ প্ৰধান ভাগ দুটা কি কি?

উত্তৰঃ ভূগোলৰ প্ৰধান ভাগ দুটা হৈছে – প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল।

(গ) ভূ-প্রাকৃতিক ভূগােলে কি কি অধ্যয়ন কৰে?

উত্তৰঃ প্ৰাকৃতিক ভূগোলত পৰ্বত-পাহাৰ, মালভূমি, সমভূমি, নদ-নদী, হ্ৰদ-বিল আদিৰ কেনেদৰে সৃষ্টি হৈছিল সেই বিষয়ে বিষদভাৱে অধ্য়য়ন কৰা হয়।

(ঘ) পেঞ্জীয়া আৰু পেন্থালাছা কি?

উত্তৰঃ বহু হাজাৰ বছৰ পূৰ্বে পৃথিৱীৰ উপৰিভাগৰ মহাদেশসমূহ একেলগে থূপ হৈ আছিল। এই থূপটোৰ নাম আছিল পেঞ্জীয়া আৰু ইয়াৰ চাৰিওফালে থকা মহাসাগৰখনৰ নাম আছিল পেন্থালাছা।

(ঙ) জলবায়বীয় ভূগােল মানে কি?

উত্তৰঃ প্ৰাকৃতিক ভূগোলৰ যিটো শাখাই বিভিন্ন অঞ্চলৰ জলবায়ু সম্পৰ্কে তাকে জলবায়বীয় ভূগোল বোলে।

২। খালী ঠাই পূৰ কৰা।

(ক) মেঘালয়ৰ মৌচিনৰামত ত পৃথিৱীৰ সর্বাধিক বৰষুণ হয়।

(খ) ভাৰতৰ পশ্চিমত থকা মৰুভূমিখনৰ নাম থৰ। 

(গ) টেথিছ সাগৰৰ উত্তৰত থকা স্থলভাগৰ নাম আংগাৰালেণ্ড।

(ঘ) পৃথিৱীয়ে ৬৬.৫° কোণ কৰি হালি সূৰ্য্যৰ চাৰিওফালে ঘূৰে। 

(ঙ) বিষুব অঞ্চলৰ গছ-গছনিবােৰ চিৰসেউজীয়া। 

৩। হিমালয় পর্বতৰ সৃষ্টি কেনেদৰে হৈছিল লিখা।

উত্তৰঃ ভূ-পণ্ডিতসকলে অনুমান কৰে যে বহু হাজাৰ বছৰ পূৰ্বে পৃথিৱীৰ সকলো মহাদেশ থূপ হৈ আছিল। আৰু ইয়াৰ চাৰিওফালে মহাসাগৰকেইখন আছিল। এই স্থলভাগৰ নাম হৈছে পেঞ্জীয়া আৰু জলভাগৰ নাম হৈছে পেন্থালাছা। পেঞ্জীয়াৰ মাজেৰে টেথিছ নামেৰে এখন সাগৰ আছিল। গেদ আৰু নানা তৰহৰ বস্তু জমা হৈ হৈ এটা সময়ত টেথিছ সাগৰৰ তলিখন তললৈ দোঁ খাই দুয়োটা কাষ চাপি আহি চেপা খাই পৰ্বতৰ হৈছিল। ফলত টেথিছ সাগৰত সৃষ্টি হোৱা পৰ্বত টুকুৰা-টুকুৰ হৈ ভাগে ভাগে গুচি গ’ল আৰু ইয়ে আমাৰ ভাৰতত হিমালয়ৰ নাম ল’লে।

৪। বিষুব অঞ্চলৰ এটা বর্ণনা দিয়া।

উত্তৰঃ বিষুব ৰেখাৰ আশে-পাশে থকা অঞ্চলবােৰত সূৰ্যৰ তাপ আৰু পােহৰ লম্বভাৱে পৰা বাবে আৰু পানীভাগ বেছিকৈ থকাৰ বাবে গৰম হয় যদিও বৰষুণ সদায় হয়। বৰষুণ সঘনাই পৰে বাবে গছ-গছনি বেছিকৈ গজে। ইমান বেছিকৈ গজে যে প্রত্যেকডাল গছেই সূৰ্যৰ অকণমান পােহৰ পাবৰ বাবে ওপৰলৈ বাঢ়ি আহে। আনহাতে, সঘনাই। বৰষুণ পৰে কাৰণে সেই অঞ্চলৰ মাটিভাগৰ ওপৰত পানীৰে ভৰি থাকে। গতিকে এনেধৰণৰ পৰিবেশৰ বাবে তাত থকা গছ-গছনিবােৰ যেনেকৈ চিৰসেউজীয়া হৈ থাকে ঠিক তেনেকৈ জীৱবােৰাে পৰিবেশৰ লগত খাপ খুৱাকৈ সৃষ্টি হৈছে। মাটিভাগ পানীৰে চপচপীয়া হৈ থাকে কাৰণে এনে অঞ্চলবােৰত ঘাঁহজাতীয় উদ্ভিদ নাই, ঘাঁহ নাই কাৰণে ঘাঁহ খাই জীয়াই থাকিব পৰা পন্থ জাতীয় প্রাণী নাই, পহুজাতীয় প্রাণী নাই কাৰণে ইহঁতক খাই জীয়াই থকা বাঘ-সিংহৰ দৰে প্ৰাণীও নাই। পৰিবেশৰ কাৰণে এই অঞ্চলটোত গছে-গছে বগাই ফুৰিব পৰা নানা প্রজাতিৰ বান্দৰ, পােক-পৰুৱা আদি বাস কৰে।

← Previous Chapter NEXT Chapter →

– Hiru Moni Bora

Check by – Mukesh Borah

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top