AJB Class 6 Social Science Chapter 18 Answer আমাৰ ৰাজ্যখনৰ বতৰ, জলবায়ু আৰু কৃষি

আমাৰ ৰাজ্যখনৰ বতৰ, জলবায়ু আৰু কৃষি | Lesson 18 | অষ্টাদশ অধ্যায় | Class 6 Social Science Assam Jatiya Bidyalay Solution | Class VII Social Science Suggestions AJB | জাতীয় বিদ্যালয় সমাজ বজ্ঞানৰ প্ৰশ্ন উত্তৰ

পাঠ ১৮

আমাৰ ৰাজ্যখনৰ বতৰ, জলবায়ু আৰু কৃষি

১। চমু উত্তৰ লিখা।

(ক) বতৰ মানে কি?

উত্তৰঃ এটা নিৰ্দিষ্ট অঞ্চলত এক নিৰ্দিষ্ট সময়ত সূৰ্য্য়ৰ তাপ, চাপ, বৰষুণ, বতাহ আদিয়ে যি এক সাময়িক পৰিৱেশৰ সৃষ্টি কৰে তাকে অঞ্চলটোৰ বতৰ বোলে।

(খ) জলবায়ু কাক বােলে?

উত্তৰঃ কোনো এখন ঠাইৰ বতৰৰ দীৰ্ঘ্য়ম্য়াদী পৰিৱেশকে ঠাইখনৰ জলবায়ু বোলে।

(গ) অসমত ঋতু কেইটা আৰু কি কি?

উত্তৰঃ অসমত ঋতু ছয়টা । আৰু সেই কেইটা হৈছে 一 গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বষন্ত।

(ঘ) অসমৰ কিমান লােক কৃষিৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰঃ অসমৰ ৭০ শতাংশ লােক কৃষিৰ ওপৰত নিৰ্ভৰশীল।

২। ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত অসম কৃষিৰ ক্ষেত্ৰত পিছপৰা কিয়? কাৰণ দৰ্শাই লিখা।

উত্তৰঃ ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত অসমখন কৃষিৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে। কৃষিবিজ্ঞানীয়ে কৃষিৰ ওপৰত অত্য়ধিক হেঁচা, কৃষিৰ ক্ষেত্ৰত উন্নত সা-সঁজুলিৰ অভাৱ, মূলধন আৰু মূলধন বিনিয়োগৰ অভাৱ, ঋণৰ অভাৱ, আঁসোৱাহপূৰ্ণ ভূমি ব্য়ৱস্থা ইত্য়াদিকে অসমে কৃষিৰ ক্ষেত্ৰত পিছ পৰি থকাৰ কাৰণ বুলি মত পোষণ কৰে।

৩। অসমৰ কৃষি উৎপাদন বঢ়াবলৈ আমি কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰাে।

উত্তৰঃ অসমৰ কৃষি উৎপাদন বঢ়াবলৈ আমি গ্ৰহণ কৰিব পৰা ব্যৱস্থা সমূহ হৈছে 一

(i) কৃষিত অত্য়াধুনিক যন্ত্ৰপাতিৰ প্ৰয়োগ

(ii) উন্নত বীজৰ ব্য়ৱহাৰ

(iii) জলসিঞ্চন ব্য়ৱস্থাৰ সু-প্ৰয়োগ

(iv) কৃষি ঋণদান ব্য়ৱস্থাৰ উন্নীতকৰণ

(v) ভূমি ব্য়ৱস্থাৰ আঁসোৱাহ দূৰীকৰণ

(vi) কৃষিক উদ্য়োগলৈ উন্নীতকৰণ আদি।

৪। অসমৰ গাঁও অঞ্চলৰ প্ৰায়ভাগ মানুহে কৃষিক কিয় প্রধান বৃত্তি হিচাপে লয়?

উত্তৰঃ অসমত থকা প্ৰচুৰ পৰিমাণৰ পলসুৱা মাটিৰ ফলত মানুহে কৃষিৰ ওপৰত নিৰ্ভৰ্শীল। আৰু অসমত ঔদ্য়োগিক মনোভাৱৰ অভাৱ, আৰু অসমৰ মানুহ পৰম্পৰাগতভাৱে কৃষিকাৰ্য্য়ৰ লগত জড়িত। সেয়েহে অসমৰ মানুহে কৃষিকে প্ৰধান বৃত্তি হিচাপে লয়। ← Previous ChapterNEXT Chapter →

– Hiru Moni Bora

Check by – Mukesh Borah

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top