AJB Class 6 Social Science Chapter 7 Answer মৌলিক প্ৰয়োজন

মৌলিক প্ৰয়োজন | Lesson 7 | Class 6 Social Science Question and Answer Assam Jatiya Bidyalay | অসম জাতীয় বিদ্যালয় ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ |

পাঠ ৭

মৌলিক প্ৰয়োজন

১। একোটাকৈ বাক্যত উত্তৰ লিখা।

(ক) মৌলিক প্রয়ােজন কাক বােলে?

উত্তৰঃ মানুহে যিবিলাক সামগ্ৰীৰ অবিহনে জীয়াই থাকিব নোৱাৰে, সেইবিলাক সামগ্ৰীক মৌলিক প্ৰয়োজন বোলে।

(খ) পাৰিপাৰ্শ্বিক অৱস্থা কাক বােলে?

উত্তৰঃ পাৰিপাশ্বিক অৱস্থা বুলি ক’লে বিভিন্ন অৱস্থাৰ এক উমৈহতীয়া অৱস্থাক বুজা যায়।

(গ) মেৰু অঞ্চলৰ এস্কিম’সকলৰ প্ৰধান আহাৰ কি?

উত্তৰঃ মেৰু অঞ্চলৰ এস্কিম’সকলৰ প্ৰধান আহাৰ হৈছে মাছ আৰু মঙহ।

(ঘ) বেদুইনসকলৰ প্রধান খাদ্য আৰু প্রিয় পানীয় কি?

উত্তৰঃ বেদুইনসকলৰ প্রধান খাদ্য উটৰ মঙহ আৰু প্রিয় পানীয় হৈছে উটৰ গাখীৰ।

(ঙ) ঘৰ বা বাসস্থান কাক বােলে?

উত্তৰঃ যি ব্য়ৱস্থাই মানুহক নিৰাপত্তা আৰু আশ্ৰয় প্ৰদান কৰে সেই ব্য়ৱস্থাই হৈছে ঘৰ বা বাসস্থান।

(চ) কোনখিনি সময়ক তাম্রপ্রস্তৰ যুগ বােলা হয়?

উত্তৰঃ প্ৰস্তৰ যুগ আৰু ধাতুৰ যুগৰ মাজৰ সময়খিনিক তাম্ৰপ্ৰস্তৰ যুগ বুলি কোৱা হয়।

(ছ) মধ্য এছিয়াৰ কাজাকসকলৰ প্ৰধান বৃত্তি কি?

উত্তৰঃ মধ্য এছিয়াৰ কাজাকসকলৰ প্ৰধান বৃত্তি পশুপালন।

(জ) ব্যক্তিগত প্রয়ােজন কাক বােলে?

উত্তৰঃ ব্য়ক্তিগত জীৱন ধাৰণৰ বাবে যিবোৰৰ প্ৰয়োজন হয় তাকে ব্য়ক্তিগত প্ৰয়োজন বোলা হয়।

(ঝ) সামাজিক প্রয়ােজন কাক বােলে?

উত্তৰঃ সামাজিক প্ৰাণী হিচাপে জীয়াই থাকিবলৈ মানুহক যিবোৰৰ প্ৰয়োজন হয় তাকে সামাজিক প্ৰয়োজন বোলা হয়।

২। খালী ঠাই পূৰ কৰা।

(ক) এস্কিমসকলৰ প্ৰধান জীৱিকা হ’ল চিকাৰ কৰা। 

(খ) আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ লােকসকলৰ প্ৰধান আহাৰ নাৰিকল

(গ) প্ৰস্তৰ যুগৰ শেষত আৰম্ভ হৈছিল ধাতু যুগ। 

(ঘ) মানুহে পােনপ্ৰথমে অনুভৱ কৰা প্রয়ােজনবিধ হ’ল আহাৰ

৩। যথাযথ উত্তৰ লিখা। 

(ক) বিভিন্ন ঠাইৰ মানুহৰ খাদ্যাভাস বেলেগ বেলেগ হােৱাৰ প্ৰধান কাৰণকেইটা কি কি? 

উত্তৰঃ বিভিন্ন ঠাইৰ মানুহৰ খাদ্যাভাস বেলেগ বেলেগ হােৱাৰ প্ৰধান কাৰণকেইটা হৈছে –

– পাৰিপাশ্বিক অৱস্থা,

– মানুহৰ অভিজ্ঞতা,

– ধৰ্ম-বিশ্বাস, ঐতিহ্য়, সংস্কাৰ আদি।

(খ) সাজপাৰ পৰিধান কৰাৰ যি কোনাে তিনিটা প্রয়ােজনীয়তা উল্লেখ কৰা। 

উত্তৰঃ সাজপাৰ পৰিধান কৰাৰ যি কোনাে তিনিটা প্রয়ােজনীয়তা হৈছে –

– লাজ নিবাৰণ,

– শৰীৰক বিভিন্ন অৱস্থাৰ পৰা ৰক্ষা কৰা,

– নিজকে ধুনীয়া ৰূপে সজাই তুলা।

(গ) নৱপ্ৰস্তৰ যুগৰ মানুহে সাজি লােৱা ঘৰ দুবিধৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ নৱপ্ৰস্তৰ যুগৰ মানুহে সাজি লােৱা ঘৰ দুবিধ হৈছে-

চাং ঘৰঃ পানীৰ ওপৰত বাঁহ পুতি তাৰ ওপৰত চাং সাজি ঘৰ সাজিছিল। বাহিৰলৈ অহা-যোৱা কৰিবলৈ বাঁহৰ সাঁকো আছিল। ওপৰত থকাৰ বাবে বিভিন্ন বনৰীয়া জীৱ-জন্তুৰ পৰা ৰক্ষা পাইছিল।গাঁতৰ ঘৰঃ এই ঘৰ সাজিবলৈ প্ৰথমে ডাঙৰ বৃত্তাকাৰ গাঁত খান্দিছিল। গাঁতৰ মাটিবোৰৰ সহায়ত চাৰিওফালে বেৰৰ নিচিনা কৰি লৈছিল। গাঁতটোৰ সোমাজত এটা মজবুত খুঁটা পুতি, তাক কেন্দ্ৰ কৰি মাটিৰ বেৰৰ পৰা খুঁটাটোত কিছুমান গছৰ দীঘল ডাল বান্ধি দিয়া হয়।

(ঘ) উন্নত জীৱনধাৰা প্ৰক্ৰিয়াত প্রযুক্তি বিদ্যাই কেনেদৰে ভূমিকা গ্রহণ কৰিছে লিখা। 

উত্তৰঃ প্ৰযুক্তিবিদ্য়াৰ প্ৰভাৱ আৰু ইয়াৰ ব্য়াপক ব্য়ৱহাৰে বৰ্তমান সমাজক আৰু অধিক খৰতকীয়া কৰি তুলিছে। কৃষিক্ষেত্ৰত ট্ৰেক্টৰ, পাৱাৰটিলাৰ, কীটনাশক দৰব, ৰাসায়নিক সাৰ, পানী যোগানৰ উন্নত ব্য়ৱস্থা, উন্নত বীজৰ ব্য়ৱহাৰ হৈছে। যোগাযোগ ব্য়ৱস্থাত ৰেডিঅ’, টেলিভিছন, চেলিফ’ন, কম্পিউটাৰ, ইণ্টাৰনেট, ফেক্স আদিৰ ব্য়ৱহাৰৰ ফলত গোটেই পৃথিৱীকে জানিব পৰা গৈছে। উন্নত যান-বাহনৰ ব্য়ৱস্থা আৰু যোগাযোগ ব্য়ৱস্থাই পৃথিৱীক সৰু কৰি পেলাইছে।

৪। বিভিন্ন অঞ্চলৰ মানুহৰ খাদ্য বেলেগ বেলেগ হােৱাৰ কাৰণবােৰ চমুকৈ আলােচনা কৰা।

উত্তৰঃ বেলেগ বেলেগ ঠাইৰ মানুহৰ খাদ্যাভাস বেলেগ বেলেগ হােৱাৰ কাৰণকেইটা হৈছে –

– পাৰিপাশ্বিক অৱস্থাঃ বিভিন্ন ঠাইৰ মাটিৰ গুণাগুণ বেলেগ বেলেগ হয়। জলবায়ু আৰু মাটিৰ গুণাগুণৰ ওপৰত আকৌ খেতি-বাতি নিৰ্ভৰ কৰে। ফলত পৃথিৱীৰ সকলো ঠাইতে একেধৰণৰ খাদ্য়-শস্য় উৎপাদন নহয়।ফলত বিভিন্ন ঠাইৰ মানুহৰ খাদ্য়াভ্য়াস বেলেগ বেলেগ হয়। 

– মানুহৰ অভিজ্ঞতাঃ অভিজ্ঞতা আৰু ৰুচিবোধে মানুহৰ আহাৰ বাছনিৰ ক্ষেত্ৰত সহায় কৰে। সকলোবো খাদ্য়-শস্য়ই সমানে তৃপ্তি দিব নোৱাৰে বা সমানে উপকৃত কৰিব নোৱাৰে। অভিজ্ঞতা আৰু ৰুচিবোধৰ ওপৰত নিৰ্ভৰ কৰি মানুহে খাদ্য় খোৱাৰ বাবে ভিন্ন ঠাইৰ মানুহৰ খাদ্য়াভ্য়াস ভিন্ন হয়।

– ধৰ্ম-বিশ্বাস, ঐতিহ্য়, সংস্কাৰ আদিঃ ধৰ্মই মানুহৰ খাদ্য়ৰ ওপৰত বাধা আৰোপ কৰা দেখা যায়। হিন্দুসকলৰ মাজত গো-মাংস খোৱাটো নিষিদ্ধ, কিন্তু মুছলমানসকলৰ মাজত গো-মাংস খোৱাত কোনো বাধা নাই। আকৌ গাহৰি মাংস খোৱাত হিন্দুসকলৰ কোনো বাধা নাই যদিও মুছলমানসকলৰ বাবে গাহৰি মাংস খোৱাটো নিষিদ্ধ। গতিকে ধৰ্মও আহাৰৰ ভিন্নতাৰ কাৰণ হ’ব পাৰে।

৫। “বেলেগ বেলেগ মানুহৰ সাজপাৰ বেলেগ বেলেগ হয়” —কিয়? থুলমূলকৈ বর্ণনা কৰা।

উত্তৰঃ বেলেগ বেলেগ মানুহৰ সাজপাৰ বেলেগ বেলেগ হোৱাৰ কাৰণসমূহ হৈছে – 

(i) পুৰুষ আৰু মহিলাৰ সাজ-পাৰ বিভিন্ন হোৱা দেখা যায়ঃ সাজ-পাৰৰ পৰাই আমি পুৰুষ-মহিলা চিনিব পাৰোঁ। বিভিন্ন সমাজত পুৰুষ মহিলাই পৰিধান কৰা সাজ-পাৰবোৰ বেলেগ বেলেগ হোৱা দেখা যায়।

(ii) বিভিন্ন বৃত্তিত জড়িত মানুহৰ মানুহৰ সাজ-পাৰ বিভিন্ন হয়ঃ সাজ-পাৰে আমাক বিভন্ন বৃত্তিৰ সৈতে চিনাকি কৰাই দিয়ে। সাজ-পাৰৰ দ্বাৰাই আমি পুলিছ, চিকিৎসক, অধিবক্তা আদি বৃত্তিৰ লগত জড়িত ব্য়ক্তিসকলক জানিব পাৰো।

(iii) কাপোৰ প্ৰস্তুত কৰাৰ কৌশল জনা-নজনা কথাটোৱেও মানুহৰ মাজৰ সাজ-পাৰৰ ভিন্নতাৰ কাৰণ হ’ব পাৰে।

৬। মৌলিক প্রয়ােজন হিচাপে ঘৰ বা বাসস্থানৰ গুৰুত্ব বুজাই লিখা। 

উত্তৰঃ যি ব্য়ৱস্থাই মানুহক নিৰাপত্তা, আশ্ৰয় আৰু বিশ্ৰাম প্ৰদান কৰে সেই ব্য়ৱস্থাটোকে বাসস্থান বোলা হয়। ঘৰ অবিহনে মানুহৰ জীৱন কেতিয়াও নিৰাপদ নহয়। ঘৰ বাবাসস্থানে মানুহক বিভিন্ন বিপদ-আপদৰ পৰা ৰক্ষা কৰে। সেয়েহে ঘৰ বা বাসস্থানক মৌলিক প্ৰয়োজনত অন্তৰ্ভুক্ত কৰা হয়।

← Previous Chapter NEXT Chapter →

-Hiru Moni Bora

Check by – Mukesh borah

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top