AJB Class 6 Social Science Chapter 8 Answer সামাজিক সমস্যা আৰু আমাৰ দায়িত্ব

সামাজিক সমস্যা আৰু আমাৰ দায়িত্ব | Lesson 8 | Class 6 Social Science Question and Answer Assam Jatiya Bidyalay | অসম জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |

পাঠ ৮

সামাজিক সমস্যা আৰু আমাৰ দায়িত্ব

১। তলত দিয়া বাক্যকেইটি শুদ্ধ নে অশুদ্ধ লিখা।

(ক) নিৰক্ষৰতা এখন সমাজৰ বাবে এক জটিল সামাজিক সমস্যা। 

উত্তৰঃ শুদ্ধ।

(খ) উন্নয়নশীল দেশত কর্মহীনতা এটা সমস্যা নহয়।

উত্তৰঃ অশুদ্ধ।

(গ) দৰিদ্ৰতা এটা অমানৱীয় অৱস্থা। 

উত্তৰঃ শুদ্ধ।

২। খালী ঠাই পূৰ কৰা।

(ক) সাধাৰণতে লিখা-পঢ়া নজনা লােককে নিৰক্ষৰ বােলা হয়।

(খ) ভাৰতবৰ্ষত নিৰক্ষৰতাৰ শতকৰা হাৰ প্রায় ২৬

(গ) অসমত নিৰক্ষৰতাৰ শতকৰা হাৰ প্রায় ২৭

(ঘ) নীতিবিৰুদ্ধ যি কোনাে কামেই দুৰ্নীতি ৰ ভিতৰত পৰে। 

৩। উত্তৰ লিখা।

(ক) সামাজিক সমস্যা কি?

উত্তৰঃ সমাজৰ অধিকাংশ লোকেই যেতিয়া এটা নিৰ্দিষ্ট সমস্য়াৰ সম্নুখীন হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া সেই সমস্য়াটোক সামাজিক সমস্য়া বুলি কোৱা হয়।

(খ) দৰিদ্ৰতা বুলিলে কি বুজা?

উত্তৰঃ যিটো অৱস্থাত মানুহে নূন্য়তম অভাৱখিনিও পূৰাব নোৱাৰে, সেই অৱস্থাটোকে দৰিদ্ৰতা বোলা হয়।

(গ) লিংগ বৈষম্য মানে কি?

উত্তৰঃ আজিও আমাৰ সমাজত পুৰুষ আৰু মহিলাৰ মাজত বহুত নীতি নিয়মৰ পাৰ্থক্য় ৰখা দেখা যায়। ছোৱালীক উচ্চশিক্ষাৰ ব্য়ৱস্থা কৰি দিয়া মানুহ হয়তো বহুত কম ওলাব। কিন্তু ল’ৰাক উচ্চ শিক্ষাৰে শিক্ষিত কৰা লোকৰ সংখ্য়া অধিক। পুৰুষ আৰু মহিলা যে সমাজৰ বাবে সমানেই গুৰুত্বপূৰ্ণ সেই কথা আজিও আমাৰ সমাজৰ মানুহৰ মনত সমপষ্ট নহয়।

(ঘ) নগৰীকৰণ কাক বােলে?

উত্তৰঃ মানুহে প্ৰাথমিক বৃত্তি এৰি আহি গৌণ বা তৃতীয়ক সেৱাৰ কাম কৰি কোনো বিশেষ ঠাইত একেলগে বাস কৰি জীৱন-নিৰ্বাহ কৰাকে নগৰীকৰণ বোলা হয়।

৪। আমাৰ সমাজৰ লােকসকলে সন্মুখীন হােৱা কেইটিমান সমস্যাৰ বিষয়ে লিখা।

উত্তৰঃ আমাৰ সমাজৰ লোকসকলে সন্মুখীন হোৱা কেইটামান সমস্য়া হৈছে – নিৰক্ষৰতা, দৰিদ্ৰতা, অন্ধবিশ্বাস, জীতি-ভেদ প্ৰথা, দুৰ্নীতি, লিংগ বৈষম্য় আদি।

৫। আমাৰ সমাজত চলি থকা সামাজিক সমস্যাসমূহ সমাধানৰ বাবে কি পৰামৰ্শ আগ বঢ়াবা?

উত্তৰঃ আমাৰ সমাজত চলি থকা সামাজিক সমস্যাসমূহ সমাধানৰ বাবে সমাধানসমূহ হৈছে – 

(i) সমাজৰ মানুহে চিন্তা কৰি সামাজিক সমস্য়া সমাধানৰ পথ উলিয়াব লাগিব।

(ii) সমাজৰ শিক্ষিত চামে জনমত গ্ৰহন কৰি সামাজিক সমস্য়া সমাধান কৰিব পাৰে।

(iii) শিক্ষাৰ বিস্তাৰ বা প্ৰসাৰে সমাজৰ পৰা সামাজিক সমস্য়াবোৰ দূৰ কৰিব পাৰে।

← Previous Chapter NEXT Chapter →

-Hiru Moni Bora

Check by – Mukesh Borah

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top