Might Learn Logo Might Learn Shop Might Learn

AJB Class 7 Assamese Chapter 2 Question Answer | Class 7 Assamese Chapter 2 প্ৰেম“জোনাকী’’ৰ জন্ম-কাহিনী Question Answer | 2026 Update

পাঠ- ২

“জোনাকী’’ৰ জন্ম-কাহিনী


১। একোটিকৈ বাক্যত উত্তৰ লিখা।


(ক) কটন কলেজ কোন চনত স্থাপন কৰা হৈছিল?

উত্তৰঃ কটন কলেজ ১৯০১ চনত স্থাপন কৰা হৈছিল।


(খ) কলিকতালৈ পঢ়িবলৈ যোৱা ছাত্ৰসকল থকা মেছকেইটা ক’ত ক’ত আছিল?

উত্তৰঃ কলিকতালৈ পঢ়িবলৈ যোৱা ছাত্ৰসকল থকা মেছকেইটা তেতিয়াৰ কলিকতা চহৰৰ ৩০ নং মুছলমান পাৰা লেনত, ৫০ নং আৰু ৬২ নং সীতাৰাম ঘোষ ষ্ট্ৰীটত আছিল। পিছলৈ ছাত্ৰৰ সংখ্যা বৃদ্ধি পোৱাত ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীট, ১০১ নং আৰ্মহাষ্ট ষ্ট্ৰীট আৰু মিৰ্জাপুৰ টেংক লেন আদিতো নতুন মেছ গঢ়ি উঠিছিল।


(গ) অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন?

উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঞি বৰুৱা।


(ঘ) ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ ক’ত আৰু কোন চনত অসমীয়া ছাত্ৰসকলে স্থাপন কৰিছিল? ইয়াক চমুকৈ কি নাম দিয়া হৈছিল?

উত্তৰঃ ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ কলিকতাৰ ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীটৰ মেছত ১৮৮৮ চনৰ ২৫ আগষ্ট তাৰিখে অসমীয়া ছাত্ৰসকলে স্থাপন কৰিছিল। ইয়াক চমুকৈ ‘অ.ভা.উ.সা. সভা’ নাম দিয়া হৈছিল।


(ঙ) ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ প্ৰথমগৰাকী সম্পাদক কোন? এই সভাৰ প্ৰধান উদ্দেশ্য কি আছিল?

উত্তৰঃ ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ প্ৰথমগৰাকী সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ। এই সভাৰ প্ৰধান উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা।


(চ) ‘জোনাকী’ আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত কোনে বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল?

উত্তৰঃ ‘জোনাকী’ আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত সেই সময়ৰ কলিকতাৰ প্ৰেছিডেঞ্চি কলেজৰ ছাত্ৰ চন্দ্ৰকুমাৰ আগৰৱালাই বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল।


(ছ) ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি কোন কোন?

উত্তৰঃ ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি আছিল চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা।


(জ) চন্দ্ৰকুমাৰ আগৰৱালাই ‘জোনাকী’ৰ আগকথাত কি লিখিছিল?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাই ‘জোনাকী’ৰ আগকথাত লিখিছিল, “আমি যুঁজিবলৈ ওলাইছোঁ আন্ধাৰৰ বিপক্ষে। উদ্দেশ্য, দেশৰ উন্নতি, জোনাক।”


(ঝ) ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক কোন?

উত্তৰঃ ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা।



২। ‘টি পাৰ্টি’ মানে কি?

উত্তৰঃ কটন কলেজ স্থাপন হোৱাৰ আগতে উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলিকতালৈ যোৱা অসমীয়া ছাত্ৰসকলে প্ৰতি সপ্তাহৰ বুধবাৰ আৰু শনিবাৰে কোনো এখন মেছত গোট খাই নানা বিষয় আলোচনা কৰিছিল। তেওঁলোকৰ মাজত ৰং-ধেমালিৰ লগতে দেশৰ হিতৰ বাবে কেনে কাম কৰা উচিত, সেই বিষয়েও আলোচনা হৈছিল। এনেদৰে ছাত্ৰসকলে একগোট হৈ কৰা আলোচনাক ‘টি পাৰ্টি’ বুলি কোৱা হৈছিল।


৩। অ.ভা.উ.সা. সভাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ১৮৮৮ চনৰ ২৫ আগষ্ট তাৰিখে কলিকতাৰ ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীটৰ মেছত অনুষ্ঠিত হোৱা এখন ‘টি পাৰ্টি’ত কলিকতাত অধ্যয়নৰত অসমীয়া ছাত্ৰসকলে ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ নামৰ অনুষ্ঠানটো গঠন কৰিছিল। এই অনুষ্ঠানটোক চমুকৈ ‘অ.ভা.উ.সা. সভা’ বুলি কোৱা হৈছিল। এই সভাৰ প্ৰথম সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ। সভাৰ প্ৰধান উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। কলিকতাত ঘাই শাখাটো ৰাখি অসমৰ বিভিন্ন ঠাইত ইয়াৰ উপ-শাখা গঠন কৰা হৈছিল। সভাৰ অধিৱেশনত সদস্যসকলে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, সমাজ আৰু বুৰঞ্জী আদি বিভিন্ন বিষয়ৰ প্ৰবন্ধ পাঠ কৰিছিল। এই সভাৰ সিদ্ধান্ত অনুসৰিয়েই কলিকতাৰ পৰা ‘জোনাকী’ আলোচনী প্ৰকাশ পাইছিল।


৪। অ.ভা.উ.সা. সভাৰ উল্লেখযোগ্য আঁচনিসমূহ কি কি?

উত্তৰঃ অ.ভা.উ.সা. সভাৰ উল্লেখযোগ্য আঁচনিসমূহ হ’ল—

(ক) ১৮৯১ চনত হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰা অভিধান প্ৰকাশৰ বাবে আগ্ৰহ প্ৰকাশ কৰি প্ৰাথমিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰা।

(খ) ৰাজকীয় কাৰ্যত অসমীয়া ভাষা অধিক ব্যৱহাৰ কৰাৰ বাবে কলিকতা হাইক’ৰ্টৰ পঞ্জীয়কলৈ আবেদন কৰা।

(গ) সমসাময়িক বিশিষ্ট লেখক যেনে— গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা আদিক সম্বৰ্ধনা জনোৱা।

(ঘ) কলিকতাত অসমীয়া পুথিৰ এটা পুথিভঁৰাল গঢ়ি তোলাৰ যত্ন কৰা।

(ঙ) কলিকতাত অসমীয়া নাটকৰ অভিনয় কৰা।


৫। ‘জোনাকী’ আলোচনীৰ প্ৰথম সংখ্যাত কি কি প্ৰকাশ পাইছিল?

উত্তৰঃ ‘জোনাকী’ আলোচনীৰ প্ৰথম সংখ্যাত চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘জোনাকী’ আৰু ‘বনকুঁৱৰী’ নামৰ দুটা পদ্য, লক্ষ্মীনাথ বেজবৰুৱাৰ ‘লিতিকাই’ নামৰ নাটক, ৰত্নেশ্বৰ মহন্তৰ আনন্দৰাম বৰুৱাৰ জীৱনী আৰু কমলাকান্ত ভট্টাচাৰ্যৰ ‘জাতীয় উন্নতি’ নামৰ প্ৰবন্ধ প্ৰকাশ পাইছিল। ইয়াৰ উপৰি ‘জোনাকী আত্মকথা’ আৰু কেইটামান সাঁথৰো প্ৰকাশ পাইছিল।


৬। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা।


(ক) “আমি যুঁজিবলৈ ওলাইছোঁ আন্ধাৰৰ বিপক্ষে। উদ্দেশ্য, দেশৰ উন্নতি, জোনাক।”

উত্তৰঃ

প্ৰসংগঃ উদ্ধৃত কথাখিনি আমাৰ পাঠ্যপুথি ‘আপোন পাঠ’ৰ অন্তৰ্গত ‘জোনাকীৰ জন্ম-কাহিনী’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ অসমীয়া ভাষা-সাহিত্যৰ উন্নতি সাধন কৰি দেশৰ উন্নতিৰ পথ মুকলি কৰাৰ উদ্দেশ্যে ‘জোনাকী’ আলোচনী প্ৰকাশ কৰা হৈছিল। সেই উদ্দেশ্যৰ কথাকে ইয়াত প্ৰকাশ কৰা হৈছে।

ব্যাখ্যাঃ যি সময়ত চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আদি ছাত্ৰই কলিকতাত পঢ়ি আছিল, সেই সময়ত অসমীয়া ভাষাই এটা ডাঙৰ দুৰ্যোগৰ সন্মুখীন হৈছিল। চালুকীয়া অৱস্থাত থকা অসমীয়া ভাষাক পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিবলৈ সেই ছাত্ৰসকলে বহুত চেষ্টা কৰিছিল। তাৰ ফলস্বৰূপে ‘জোনাকী’ আলোচনীৰ জন্ম হৈছিল। জোনাকী পৰুৱাই যেনেকৈ অকণ অকণ পোহৰ বিলাই আন্ধাৰ নাশ কৰে, ঠিক তেনেকৈ তেওঁলোকেও ‘জোনাকী’ৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ আন্ধাৰ নাশ কৰি দেশক উন্নতিৰ পথত আগুৱাই নিব বিচাৰিছিল।


(খ) “জোনাকী আলোচনীখন প্ৰকাশৰ লগে লগে অসমীয়া সাহিত্যত এটা নতুন যুগৰ সূচনা হৈছিল বুলিব পাৰি।”

উত্তৰঃ

প্ৰসংগঃ উক্ত কথাখিনি আমাৰ পাঠ্যপুথি ‘আপোন পাঠ’ৰ অন্তৰ্গত ‘জোনাকীৰ জন্ম-কাহিনী’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ ইয়াৰ জৰিয়তে লেখকে অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ ক্ষেত্ৰত ‘জোনাকী’ আলোচনীয়ে এক নতুন যুগৰ সূচনা কৰা কথাটো উল্লেখ কৰিছে।

ব্যাখ্যাঃ ঊনবিংশ শতিকাৰ শেষৰফালে কলিকতাত থকা কেইজনমান অসমীয়া ছাত্ৰই অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে বহুত চেষ্টা কৰিছিল। পঢ়া-শুনাৰ সমান্তৰালভাৱে তেওঁলোকে অসমৰ উন্নতিৰ কাৰণেও চিন্তা-চৰ্চা কৰিছিল। প্ৰতি সপ্তাহৰ বুধবাৰ আৰু শনিবাৰে তেওঁলোকে এখন মেছত গোট খাই ৰং-ধেমালিৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিছিল। ইয়াৰ ফলস্বৰূপে প্ৰথমে ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ আৰু পিছলৈ ‘জোনাকী’ আলোচনীৰ জন্ম হৈছিল। ‘জোনাকী’ৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ নতুন চিন্তা, ধাৰা আৰু সৃষ্টিশীলতাৰ বিকাশ ঘটিছিল। সেয়েহে ‘জোনাকী’ আলোচনীৰ প্ৰকাশৰ লগে লগে অসমীয়া সাহিত্যত এটা নতুন যুগৰ সূচনা হৈছিল বুলি ক’ব পাৰি।


৭। শিক্ষকৰ সহায়ত জানি লোৱা (চমুটোকা)।


(ক) হেমচন্দ্ৰ গোস্বামী

উত্তৰঃ হেমচন্দ্ৰ গোস্বামীৰ জন্ম ১৮৭২ চনত হৈছিল। তেওঁ এজন বিশিষ্ট অসমীয়া সাহিত্যিক। তেওঁ কিছুদিন ‘জোনাকী’ আলোচনীৰ সম্পাদক আছিল। ১৯২০ চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতি হৈছিল। তেওঁৰ প্ৰকাশিত পুথিসমূহৰ ভিতৰত ‘পুৰণি অসম বুৰঞ্জী’ আৰু ‘A Descriptive Catalogue of Assamese Manuscripts’ উল্লেখযোগ্য। তেওঁ প্ৰথম অসমীয়া ছনেট কবিতা ‘প্ৰিয়তমাৰ চিঠি’ ৰচনা কৰিছিল।


(খ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ১৮৬৭ চনৰ ২৮ অক্টোবৰত হৈছিল। তেওঁ ‘জোনাকী’ আলোচনীৰ অন্যতম প্ৰতিষ্ঠাপক আৰু প্ৰথম সম্পাদক আছিল। তেওঁ এজন বিশিষ্ট ৰোমাণ্টিক কবি আছিল। তেওঁৰ প্ৰকাশিত কবিতা পুথিসমূহৰ ভিতৰত ‘প্ৰতিমা’, ‘বীণ বৰাগী’ আৰু ‘চন্দ্ৰামৃত’ উল্লেখযোগ্য। ১৯৩৮ চনৰ ২ আগষ্ট তাৰিখে তেওঁ মৃত্যুবৰণ কৰে।


(গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম ১৮৬৮ চনত হৈছিল। তেওঁ অসমৰ এগৰাকী শ্ৰেষ্ঠ সাহিত্যিক। তেওঁক ‘সাহিত্যৰথী’ আৰু ‘ৰসৰাজ’ উপাধিৰে জনা যায়। অসমীয়া চুটিগল্প, ৰসৰচনা, উপন্যাস, কবিতা আদি সাহিত্যৰ বিভিন্ন দিশত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁ ‘জোনাকী’ আৰু ‘বাঁহী’ আদি আলোচনীৰ সম্পাদনা কৰিছিল। অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ৰ ৰচয়িতা তেওঁ। তেওঁৰ উল্লেখযোগ্য পুথিসমূহ হ’ল— ‘বুঢ়ী আইৰ সাধু’, ‘কদম কলি’, ‘পদুম কুঁৱৰী’, ‘লিতিকাই’, ‘জয়মতী কুঁৱৰী’ আৰু ‘মোৰ জীৱন সোঁৱৰণ’ আদি। ১৯৩৮ চনত তেওঁ মৃত্যুবৰণ কৰে।


(ঘ) পদ্মনাথ গোহাঞি বৰুৱা

উত্তৰঃ পদ্মনাথ গোহাঞি বৰুৱাৰ জন্ম ১৮৭১ চনৰ ২৪ অক্টোবৰত হৈছিল। তেওঁ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল। তেওঁ ‘ঊষা’, ‘বিজুলী’ আৰু ‘আসাম বন্তি’ আদি আলোচনী সম্পাদনা কৰিছিল। তেওঁৰ উল্লেখযোগ্য পুথিসমূহ হ’ল— ‘জুৰণি’, ‘ফুলৰ চানেকি’, ‘জয়মতী’, ‘গদাধৰ’, ‘টেটোন তামুলী’ আৰু ‘ভানুমতী’ আদি। ১৯৪৬ চনৰ ৭ এপ্ৰিলত তেওঁৰ মৃত্যু হয়।


(ঙ) ৰজনীকান্ত বৰদলৈ

উত্তৰঃ ৰজনীকান্ত বৰদলৈৰ জন্ম ১৮৬৭ চনত হৈছিল। তেওঁ অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক। তেওঁক ‘উপন্যাস সম্ৰাট’ বুলি কোৱা হয়। ১৯২৫ চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতি হৈছিল। তেওঁৰ উল্লেখযোগ্য পুথিসমূহ হ’ল— ‘মনোমতী’, ‘মিৰি জীয়ৰী’, ‘ৰঙ্গিলী’, ‘ৰহদৈ লিগিৰী’ আৰু ‘নিৰ্মল ভকত’ আদি। তেওঁ ‘জোনাকী’ যুগৰ অন্যতম সাহিত্যিক আছিল। ১৯৩৯ চনত তেওঁৰ মৃত্যু হয়।


৮। বিপৰীত শব্দ লিখা।

উচ্চ — নিম্ন।

স্বদেশ — বিদেশ।

অসীম — সসীম।

নতুন — পুৰণি।

গ্ৰহণ — ত্যাগ।

গধুৰ — পাতল।

পৰাধীন — স্বাধীন।

উচিত — অনুচিত।

উন্নতি — অৱনতি।


৯। বাক্য ৰচনা কৰা।

পঢ়া-শুনা : ছাত্ৰ-ছাত্ৰীয়ে নিয়মিতভাৱে পঢ়া-শুনা কৰিলেহে পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰিব।

ৰং-ধেমালি : বহাগ বিহুত সকলোৱে মিলি ৰং-ধেমালি কৰে।

ভাষা-সাহিত্য : শংকৰদেৱে অসমীয়া ভাষা-সাহিত্যৰ উন্নতিত বিশেষ অৱদান আগবঢ়াইছিল।

কথা-বতৰা : ককাই-ভাইৰ মাজত সদায় মৰমৰ কথা-বতৰা চলে।

চোৱা-চিতা : আমি সদায় নিজৰ স্বাস্থ্যৰ ভালদৰে চোৱা-চিতা কৰিব লাগে।


১০। একে অৰ্থ বুজোৱা শব্দ লিখা।

প্ৰীতি — মৰম।

ঘাই — প্ৰধান।

যত্ন — চেষ্টা।

দৰ্খাস্ত — আবেদন।

সূচনা — পাতনি।

আন্ধাৰ — অন্ধকাৰ।

প্ৰচুৰ — যথেষ্ট।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
5 chapters free after login
Scroll to Top
🎓 My Class Membership