AJB Class 7 History Chapter 1 Answer 2026 | সমন্বয় আৰু সংমিশ্ৰণৰ মাজেৰে অসমৰ সংস্কৃতি | Lesson 1 | Class 7 History Question Answer | Assam Jatiya Bidyalaya

অধ্যায়ঃ ১ 

 সমন্বয় আৰু সংমিশ্ৰণৰ মাজেৰে অসমৰ সংস্কৃতি

১।প্রাচীন যুগৰ সাংস্কৃতিক ইতিহাস অধ্যয়ন কৰাৰ বাবে নিৰ্ভৰযােগ্য  সমলসমূহক কি কি প্রধান ভাগত ভাগ কৰা হয় ?  

উত্তৰঃ 

    (১) ভৌগোলিক উপাদান।

    (২) সা-সঁজুলি  আৰু কাৰিকৰী উপাদান।

    (৩) নৃগোষ্ঠীয়  উপাদান।

    (৪) মৌখিক আৰু লিখিত সাহিত্য।.

    (৫) ধমীয়  উপাদান।

    (৬) লোক-সাংস্কৃতিক উপাদান.

    (৭) ভাষা-ভাষিক উপাদান.

    (৮) তাম্ৰলিপি  আৰু শিলালিৰ বিৱৰণ আদি।

২। নৃতাত্ত্বিক অধ্যয়নৰ ফালৰপৰা ভাৰতীয় জনসমষ্টিক কি কি ভাগত ভাগ কৰা হয় ? 

উত্তৰঃনৃতাত্তিক ফালৰ পৰা ভাৰতীয় জনসমষ্টিক নিগ্ৰ ,ককেছীয়, মংগোলীয়, অষ্টেলীয়।

৩। ভাষাৰ অধ্যয়নৰ ফালৰপৰা ভাৰতীয় জনসমষ্টিক কি কি ভাগত ভাগ কৰা হয় ?

উত্তৰঃ ভাষাৰ অধ্যয়ন ফালৰ পৰা ভাৰতীয় জনসমষ্টিক , মংগোলীয়, দ্ৰাবিড়, আৰ্য ্, অষ্ট্ৰিক।

৪। অসমৰ অধিবাসীসকলৰ সংস্কৃতি কেইটা আৰু কি কি জাতিৰ মানুহৰ সংস্কৃতিৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে ?

উত্তৰঃঅসমৰ অধিবাসীসকলৰ সংস্কৃতি ৩টা  আৰু অষ্টেলীয় , মংগোলীয়, আৰু ককেছীয় জাতিৰ মানুহৰ   সংমিশ্ৰণত গঢ় লৈ উঠিছৈ। 

৫। নেগ্রিটো জনগােষ্ঠীৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ ইতিহাসবিদ ডঃ সুনীতি কুমাৰ চটোপাধায়ৰ মতে ভাৰতলৈ প্ৰব্ৰজন কৰা প্ৰথমটো  জনগোষ্ঠী হৈছে নেগ্ৰিটো । এই নেগ্ৰিটো জনগোষ্ঠীৰ লোকসকস আফ্ৰিকা মহাদেশৰ পৰা আৰৱ  আৰু  ইৰাণৰ উপকুল হৈ পশ্চিম ভাৰত আৰু দক্ষিণ ভাৰতত উপস্থিত হৈছিল। দক্ষিণ ভাৰতৰ পাৰ্বত্য অন্বলৰ অৰণ্যত বসবাস কৰা কেইটামান জনগোষ্ঠীক নিগ্ৰো মূলৰ জনগোষ্ঠী  বোলে।

৬। অষ্ট্রিক জনগােষ্ঠীৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ অষ্টিক নামৰ জনগোষ্ঠীৰ লোকসকলক বৈদিক সাহিত্যত নিষাদ বুলি কয়। এই জনগোষ্ঠীৰ লোকসকলকে ভাৰতৰ প্ৰাচীন আৰু খিলন্জীয় জনগোষ্ঠী বুলি কোৱা হয়। এই অষ্টিক সকলেই  ভাৰত বৰ্ষত সভ্যতাৰ আৰম্ভণি কৰিছিল। মংগোলীয় সংস্কৃতিৰ ওপৰত অষ্টিক সংস্কৃতিৰ সম্পৰ্ক আৰু প্ৰভাৱ অতি গভীৰ। 

৭। সংগীতৰ ক্ষেত্ৰত সংস্কৃতিৰ সংমিশ্রণ আৰু সমন্বয় কিদৰে ঘটিছে লিখা ।

উত্তৰঃ সংগীতৰ ক্ষেত্ৰত সংমিশ্ৰণ আৰু সমন্বয়ৰ সংস্কৃতি সমানেই গুৰুত্বপূৰ্ণ। শংকৰদেৱ মাধৱদেৱ দুৰ্গাবৰে ৰচনা কৰা গীতবোৰত যি ৰাস-সংগীতৰ কথা পোৱা যায়, সেইবোৰত ভাৰতীয় ৰাস-সংগীতৰ প্ৰভাৱ আছে।  কিন্ত তাৰ সমানেই থলুৱা গীত-মাতৰ  প্ৰভাৱ আছে। নৃত্যৰ ক্ষেত্ৰতো  ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ বৈশিষ্ট্য লক্ষ্য কৰালেও চালি নাচ , সূত্ৰধাৰী নাচ, নটুৱা নাচ, আদিত থনুৱা বৈশিষ্ট্যৰ সৃষ্টি হৈছে। 

৮। ধর্মীয় দিশত সমন্বয়ৰ সংস্কৃতি কিদৰে সৃষ্টি হৈছে লিখা । 

উত্তৰঃ ধৰ্মীয় দিশতো এক সমন্বয়ৰ সংস্কৃতি গঢ় লৈ উঠিছে। উত্তৰ পূৱ ভাৰতত  শিৱৰ আৰাধনা  বিশেষভাৱে  হৈছিল। পূজাৰ লগে লগে বলি-বিধানৰো প্ৰচলন আছিল। আহোম ৰজা সকলে  বিভিন্ন দৌল-দেৱালয় নিৰ্মাণ  কৰি সেইবোৰত ব্ৰাহ্মণ পুৰোহিত নিয়োগ কৰি পূজা-অৰ্চনাৰ  ব্যবস্থা কৰাছিল।শংকৰদেৱে থলুৱা জনগোষ্ঠীৰ মাজত শ্ৰীকৃষ্ণৰ ভক্তিক নতুন ৰুপত  প্ৰতিষ্ঠা কৰিবলৈ  সক্ষম হৈছিল। তাৰ লগে লগে ধৰ্ম প্ৰচাৰ , সাহিত্য় ৰচনা, কলা-কৃষ্টিৰ সাধনা আদিৰ জৰিয়তে সমন্বয়ৰ সংস্কৃতি তেৱেই নিৰ্মাণ কৰিছিল।

৯। স্থাপত্য – ভাস্কৰ্যৰ ক্ষেত্ৰত কিদৰে সাংস্কৃতিক সমন্বয় সৃষ্টি হৈছে লিখা ।

উত্তৰঃ অসমৰ স্থাপত্য় আৰু ভাৰ্স্কযত ভাৰতৰ বিভিন্ন ঠাইৰ  স্থাপত্য়- ভাৰ্স্কযৰ প্ৰভাৱ থাকিলেও ইয়াৰ নিজস্ব বৈশিষ্ট্য় আছে। আহোম যুগৰ স্থাপত্য়ৰ  বিভিন্ন সংমিশ্ৰণ  আৰু  সমন্বয় লক্ষ্য় কৰা যায়।  কোচবিহাৰৰ পৰা অহা শিল্পীয়ে ইটাট ফুল কাটি থলুৱা মাছ,কণী, বৰাচাউল, শণ, ধূনা, চূণ, গুড়, আদিৰে কৰাল তৈয়াৰ কৰি ইটা গাঁথি  পকী ঘৰ নিৰ্মাণ  কৰিছিল। শিৱ , বিষ্ণু, আৰু দুৰ্গাবৰে  চতুৰ্ভজ মূৰ্তিৰ লগতে দুৰ্গাৰ অষ্টাদশ আৰু দশভূজা মূৰ্তিবোৰত এনে প্ৰভাৱ দেখা যায়।                   

১০। সাজ – পাৰৰ ক্ষেত্ৰত সংস্কৃতিৰ মিলন কিদৰে হৈছে লিখা ।

উত্তৰঃ অসমৰ হাবিত চোম,  দীঘলতী, চপা, মেজাংকৰি  আদি গছ আছে। এই গছবোৰৰ পাত মুগাপলুৰ খাদ্য়।  অসমীয়া মানুহে ৰিহা-মেখেলা, কাপেৰ, চোলা-চুৰিয়া আদি মুগা কোপোৰেৰে তৈয়াৰ কৰিছিল। ভাস্কৰ বৰ্মনৰ দিনতে পাট কাপোৰে সমগ্ৰ ভাৰততে খ্য়াতি লাভ কৰিছিল। কিংখাপ খাছী-জয়ন্তীয়া সকলৰ বিশেষ সম্পত্তি।  উল্লেখযোগ্য যে অসমৰ থলুৱা জনগোষ্ঠীৰসমূহৰ নিজা সাজ-পাৰ অতি ৰংচঙীয়া। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top