Might Learn Logo Might Learn Shop Might Learn

AJB Class 7 Science Chapter 14 Answer বতাহ ধুমুহা আৰু ঘূৰ্ণীবতাহ

অধ্যায়ঃ ১৪

বতাহ ধুমুহা আৰু ঘূৰ্ণীবতাহ


প্ৰশ্নোত্তৰ

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(a) বতাহৰ দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম—

(i) এনেম’মিটাৰ
(ii) উইণ্ড ভেন
(iii) বেৰ’মিটাৰ
(iv) থাৰ্ম’মিটাৰ

উত্তৰঃ (ii) উইণ্ড ভেন।


(b) বতাহৰ দ্ৰুতি নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা 
যন্ত্ৰটোৰ নাম—

(i) এনেম’মিটাৰ
(ii) উইণ্ড ভেন
(iii) বেৰ’মিটাৰ
(iv) থাৰ্ম’মিটাৰ

উত্তৰঃ (i) এনেম’মিটাৰ।


(c) বিউফৰ্ট স্কেলত ধুমুহাৰ স্থান কেই নম্বৰত?

(i) 3
(ii) 6
(iii) 7
(iv) 11

উত্তৰঃ (iv) 11।


(d) বায়ু—

(i) বেছি উষ্ণতাৰ ঠাইৰ পৰা কম উষ্ণতাৰ ঠাইলৈ বৈ যায়।
(ii) কম উষ্ণতাৰ ঠাইৰ পৰা বেছি উষ্ণতাৰ ঠাইলৈ বৈ যায়।
(iii) সমান উষ্ণতাৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বৈ যায়।
(iv) (i) আৰু (ii) দুয়োটাই শুদ্ধ।

উত্তৰঃ (ii) কম উষ্ণতাৰ ঠাইৰ পৰা বেছি উষ্ণতাৰ ঠাইলৈ বৈ যায়।


(e) কোনো ঠাইত বায়ুৰ পৰিমাণ কমি গ’লে বায়ুৰ চাপ—

(i) বাঢ়ে
(ii) কমে
(iii) এবাৰ বাঢ়ে আৰু এবাৰ কমে
(iv) ওপৰৰ এটাও নহয়

উত্তৰঃ (ii) কমে।


2. চমু উত্তৰ দিয়া :


(a) বতাহ মানে কি?

উত্তৰঃ গতিশীল বায়ুকে বতাহ বোলে।


(b) বিউফৰ্ট স্কেল কি?

উত্তৰঃ বতাহৰ দ্ৰুতিৰ ওপৰত নিৰ্ভৰ কৰি বতাহৰ শক্তি বা প্ৰবলতা জোখা স্কেলক বিউফৰ্ট স্কেল বোলে। ইয়াত 0ৰ পৰা 12লৈ মুঠ 13টা ভাগ আছে।


(c) বতাহ কেনেদৰে উৎপত্তি হয় লিখা।

উত্তৰঃ সূৰ্যৰ তাপৰ ফলত পৃথিৱীৰ বিভিন্ন ঠাইত উষ্ণতাৰ তাৰতম্য ঘটে। ইয়াৰ ফলত বায়ুৰ চাপৰ পাৰ্থক্য সৃষ্টি হয়। বায়ু উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে। এই গতিশীল বায়ুকে বতাহ বোলে।


(d) ধুমুহা কেনেকৈ সৃষ্টি হয়?

উত্তৰঃ সূৰ্যৰ তাপত কোনো ঠাইৰ বায়ু গৰম হৈ দ্ৰুতগতিত ওপৰলৈ উঠি যায়। ফলত সেই ঠাইত নিম্ন চাপৰ সৃষ্টি হয়। তেতিয়া ওচৰৰ উচ্চ চাপৰ অঞ্চলৰ পৰা বায়ু দ্ৰুতগতিত নিম্ন চাপৰ অঞ্চললৈ বৈ আহে। এই প্ৰবল বতাহৰ ফলত ধূলি-মাকতি উৰি ধুমুহাৰ সৃষ্টি হ’ব পাৰে।


(e) ধুমুহাৰ সৈতে বৰষুণ কেতিয়া আহে?

উত্তৰঃ ধুমুহাৰ সময়ত উষ্ণ আৰু সেমেকা বায়ু ওপৰলৈ উঠি ঠাণ্ডা হয়। ইয়াৰ ফলত বায়ুত থকা জলীয় বাষ্প ঘনীভূত হৈ মেঘৰ সৃষ্টি কৰে। মেঘত পানীৰ টোপাল জমা হৈ গধুৰ হ’লে বৰষুণ হয়।


(f) পৃথিৱীৰ ওপৰত বৈ থকা প্ৰধান বতাহকেইবিধৰ নাম লিখা।

উত্তৰঃ পৃথিৱীৰ ওপৰত বৈ থকা প্ৰধান বতাহকেইবিধ হ’ল—
(i) বাণিজ্য বতাহ
(ii) পচুৱা বতাহ
(iii) মেৰু অঞ্চলৰ পূবালী বতাহ।


(g) পৃথিৱীৰ ওপৰত উষ্ণতাৰ তাৰতম্য কেনেদৰে ঘটে লিখা।

উত্তৰঃ পৃথিৱীৰ সকলো ঠাইতে সূৰ্যৰ তাপ সমানে নপৰে। অক্ষাংশ, ঋতুৰ পৰিৱৰ্তন, দিন-ৰাতিৰ দৈৰ্ঘ্য আৰু ভূ-পৃষ্ঠৰ প্ৰকৃতিৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাইত উষ্ণতাৰ তাৰতম্য ঘটে।


(h) কোনবিধ মৌচুমী বতাহৰ বাবে অসমত বাৰিষাৰ সৃষ্টি হয়?

উত্তৰঃ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বাবে অসমত বাৰিষাৰ সৃষ্টি হয়।


(i) তামিলনাডুৰ প্ৰধান বাৰিষাকালটো কোনবিধ মৌচুমী বতাহৰ বাবে হয়?

উত্তৰঃ উত্তৰ-পূব মৌচুমী বতাহৰ বাবে তামিলনাডুত প্ৰধানকৈ বাৰিষা হয়।


(j) বিষুৱীয় ঘূৰ্ণীবতাহ কাক বোলে?

উত্তৰঃ বিষুৱীয় অঞ্চলৰ ওচৰৰ উষ্ণ মহাসাগৰীয় পানীৰ ওপৰত সৃষ্টি হোৱা প্ৰবল ঘূৰ্ণনশীল নিম্ন চাপৰ বতাহক ঘূৰ্ণীবতাহ বোলে।


(k) হাৰিকেন আৰু টাইফুন কাক বোলে?

উত্তৰঃ আটলাণ্টিক মহাসাগৰ আৰু উত্তৰ-পূব প্ৰশান্ত মহাসাগৰত সৃষ্টি হোৱা শক্তিশালী ঘূৰ্ণীবতাহক হাৰিকেন বোলে। উত্তৰ-পশ্চিম প্ৰশান্ত মহাসাগৰত সৃষ্টি হোৱা একে ধৰণৰ ঘূৰ্ণীবতাহক টাইফুন বোলে।


(l) টৰ্ণেড’ কি?

উত্তৰঃ টৰ্ণেড’ হ’ল স্থলভাগৰ ওপৰত সৃষ্টি হোৱা এবিধ অতি শক্তিশালী আৰু ধ্বংসকাৰী ঘূৰ্ণীবতাহ।


(m) ঘূৰ্ণীবতাহ কেনেদৰে উৎপত্তি হয় বৰ্ণনা কৰা।

উত্তৰঃ সূৰ্যৰ তাপত উষ্ণ মহাসাগৰীয় পানীৰ পৰা অধিক পৰিমাণৰ জলীয় বাষ্প বায়ুমণ্ডললৈ যায়। ইয়াৰ ফলত সাগৰৰ ওপৰৰ উষ্ণ আৰু সেমেকা বায়ু গৰম হৈ ওপৰলৈ উঠে আৰু নিম্ন চাপৰ সৃষ্টি হয়। চাৰিওফালৰ উচ্চ চাপৰ অঞ্চলৰ পৰা বায়ু সেই নিম্ন চাপৰ অঞ্চললৈ আহে। পৃথিৱীৰ ঘূৰ্ণনৰ প্ৰভাৱত এই বায়ু ঘূৰিবলৈ ধৰে। এনেদৰে ঘূৰ্ণীবতাহৰ সৃষ্টি হয়।


(n) বিষুৱীয় অঞ্চল কাক বোলে?

উত্তৰঃ বিষুৱ ৰেখাৰ ওচৰে-পাঁজৰে অৱস্থিত অঞ্চলসমূহক বিষুৱীয় অঞ্চল বোলে।


(o) চাইক্লনত বতাহ কোন দিশত ঘূৰে?

উত্তৰঃ উত্তৰ গোলাৰ্ধত চাইক্লনৰ বতাহ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে।


3. বিজুলী-ঢেৰেকনিৰ সময়ত ঘৰৰ ভিতৰত ল’ব লগা সাৱধানতাসমূহ কি কি?

উত্তৰঃ বিজুলী-ঢেৰেকনিৰ সময়ত ঘৰৰ ভিতৰত ল’ব লগা সাৱধানতাসমূহ হ’ল—

(i) বৈদ্যুতিক তাঁৰৰ সৈতে সংযুক্ত কম্পিউটাৰ বা আন বৈদ্যুতিক সঁজুলি স্পৰ্শ কৰিব নালাগে।

(ii) বিজুলী-ঢেৰেকনিৰ সময়ত বৈদ্যুতিক সঁজুলিৰ প্লাগ খুলি ৰাখিব লাগে।

(iii) পাইপৰ পানী ব্যৱহাৰ কৰিব নালাগে।

(iv) পকী মজিয়াত শুব নালাগে আৰু বেৰত আউজি থাকিব নালাগে।

(v) দুৱাৰ-খিৰিকীৰ পৰা আঁতৰত থাকিব লাগে।


4. মৌচুমী বতাহ কেনেদৰে উৎপত্তি হয় বৰ্ণনা কৰা।

উত্তৰঃ ঋতুৰ পৰিৱৰ্তনৰ লগে লগে দিশ সলনি কৰি প্ৰৱাহিত হোৱা সাময়িক বায়ুপ্ৰবাহক মৌচুমী বতাহ বোলে। গ্ৰীষ্মকালত স্থলভাগ সাগৰতকৈ বেছি গৰম হয়। ফলত স্থলভাগত নিম্ন চাপ আৰু সাগৰৰ ওপৰত তুলনামূলকভাৱে উচ্চ চাপৰ সৃষ্টি হয়। সেয়েহে সাগৰৰ পৰা স্থলভাগলৈ বতাহ বৈ আহে। শীতকালত ইয়াৰ বিপৰীত অৱস্থা হয় আৰু স্থলভাগৰ পৰা সাগৰলৈ বতাহ বৈ যায়। এনেদৰে ঋতুভেদে বায়ুৰ চাপৰ তাৰতম্যৰ ফলত মৌচুমী বতাহৰ সৃষ্টি হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
5 chapters free after login
Scroll to Top
🎓 My Class Membership