Might Learn Logo Might Learn

AJB Class 7 Science Chapter 4 Answer প্ৰাণী আৰু উদ্ভিদত দ্ৰৱ্যৰ পৰিবহণ

অধ্যায়ঃ চতুৰ্থ

প্ৰাণী আৰু উদ্ভিদত দ্ৰৱ্যৰ পৰিবহণ

  1. খালী ঠাই পূৰ কৰা :

a) তেজ প্ৰধানকৈ পাচঁটা অংশেৰে গঠিত ।

b) ষ্টেথ’স্ক’পৰ সহায়ত হ্ৰদস্পন্দনৰ শব্দ বৰ্ধিত ৰূপত শুনিব পাৰি ।

c) তেজৰ ৰঙা ৰঞ্জক পদাৰ্থবিধ হ`ল প্লাজমা ।

d) জাইলেম আৰু ফ্ল’ৱেম লগ লাগি উদ্ভিদৰ সংবহনতন্ত্ৰ গঠিত হৈছে

e) মানুহৰ হ্ৰদযন্ত্ৰত চাৰিটা কোঠালি থাকে ।

  1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ : i) নিম্নলিখিত কোনবিধ উদ্ভিদ কলা ,পানী আৰু খনিজ লৱন পৰিবহণৰ লগত জড়িত ?

a. শ্বেতৰক্ত b. ফ্লৱেম c.ক্লৰপ্লাষ্ট d. পত্ৰৰন্ধ

উত্তৰঃ b. ফ্ল`ৱেম

ii) তেজৰ কোনবিধ কোষৰ উপস্থিতিৰ বাবে ইয়াৰ বৰণ ৰঙা হয় ?

a. শ্বতৰক্ত b. অনুচক্ৰিকা c.লোহিত ৰক্তকণিকা d. ওপৰৰ আটাইবোৰ

উত্তৰঃ c.লোহিত ৰক্তকণিকা

iii) মানুহৰ হ্ৰদযন্ত্ৰৰ কোঠালি কেইটা ?

a. এটা b. দুটা c. তিনিটা d. চাৰিটা

উত্তৰঃ d. চাৰিটা

iv) প্ৰস্বেদন কোনবিধ অংগৰ দ্বাৰা সম্পাদন হয় ?

a. শিপা b. পাত c. জাইলেম d. ফুল

উত্তৰঃ b. পাত

v) মানুহৰ মূত্ৰত প্ৰধানকৈ কি থাকে ?

a. কাৰ্বন-ডাই-অক্সাইড b. এম`নিয়া c. ইউৰিয়া d. শৰ্কৰা

উত্তৰঃ c. ইউৰিয়া

  1. প্ৰক্ৰিয়াটোৰ নাম লিখা :

a. তেজৰ পৰা কৃত্ৰিম উপায়ে বৰ্জিত দ্ৰব্য আতৰোৱা প্ৰক্ৰিয়া। ।

উত্তৰঃ অপোহন ( dialysis) ।

b. অধিক গাঢ়তাৰপৰা কম গঢ়তালৈ হোৱা দ্ৰব্যৰ গতি ।

উত্তৰঃ অণুচক্ৰিকা।

c.পাতৰ তলৰ অংশত থকা ছিদ্ৰই অতিৰিক্ত পানী ভাগ উলিয়াই পঠিওৱা পদ্ধতিটো।

উত্তৰঃ প্ৰস্বেদন প্ৰক্ৰিয়া।

d. জাইলেমৰ মাজেৰে জাইলেম ৰসৰ ঊৰ্দ্ধমুখী গতি ।

উত্তৰঃ উদ্ভিদৰ পৰিবহণ তন্ত্ৰ।

e. কৃত্ৰিম উপায়ে যন্ত্ৰৰ সহায়ত তেজৰ পৰা বৰ্জিত দ্ৰব্য অপসাৰণ কৰি তেজ পৰিশোধন ।

উত্তৰঃ অপোহন ( dialysis)

  1. উত্তৰ লিখা :

a. পৰিবহন তন্ত্ৰ বুলিলে কি বুজা ? ইয়াৰ প্ৰয়োজনীয়তা কি ?

উত্তৰঃ জীৱদেহত যি তন্ত্ৰৰ দ্বাৰা দ্ৰব্যবোৰ এঠাইৰ পৰা আনঠাইলৈ যায়, তাকে পৰিবহন তন্ত্ৰ বোলে। এই তন্ত্ৰৰ জৰিয়তে দেহৰ ভিতৰৰ দ্ৰব্যসমূহ পৰিবাহিত হয়।

b. মানৱ দেহত হ্ৰদযন্ত্ৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ মানুহৰ দেহত হ্ৰদযন্ত্ৰ নথকা হেঁতেন মানুহে উশাহ- নিশাহ ল’ব নোৱাৰিলে হেঁতেন। হ্ৰদযন্ত্ৰৰ দ্বাৰা মানুহে উশাহ- নিশাহ লব পাৰিছে যদি হ্ৰদযন্ত্ৰ নাথাকিল হেতেন মানুহে উশাহ- নিশাহ লব নোৱাৰাৰ ফলত মানুহ জীয়াই নাথাকিল হেঁতেন।

c. তেজ কি ? তেজক কিয় সংবহন কলা বুলি কোৱা হয় ?

উত্তৰঃ তেজ এবিধ ৰঙা ৰঙৰ জুলীয়া পদাৰ্থ। তেজক সংবহন কলা বুলিও কোৱা হয় । সামগ্ৰিকভাৱে ভাগ কৰিলে তেজক দুটা ভাগত ভাগ কৰিব পাৰি গোটা আৰু জুলীয়া। এটা পৰীক্ষা নলীত অলপ নতুন তেজলৈ সেইখিনি থৈ দিলে গোট মাৰি যাব।

d. তেজত থকা ৰক্তকণিকাবোৰৰ বিষয়ে চমুকৈ লিখা ?

উত্তৰঃ তেজত থকা ৰক্তকণিকাবোৰ হ’ল- লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা, আৰু অনুচক্ৰিকা।

লোহিত ৰক্ত কণিকা- লোহিত ৰক্ত কণিকাত হি’মগ্লবিন নামৰ এবিধ পদাৰ্থ থাকে। হি’মগ্লবিন থকা বাবে তেজৰ ৰং ৰঙা হয়।

শ্বেত ৰক্ত কণিকা- এই ৰক্তকণিকাবোৰ ৰক্তকোষ। ইহতৰ কোষত ৰঞ্জক পদাৰ্থ নাথাকে।

অনুচক্ৰিকা- অনুচক্ৰিকাবোৰ কিছুমান কোষপ্ৰৰসৰ খণ্ড। অণুচক্ৰিকাই তেজ গোট মৰাত সহায় কৰে।

e. হিম`গ্লবিন কি ? ইয়াৰ কাম কি ?

উত্তৰঃ লোহিত ৰক্ত কণিকাত হিমগ্লবিন নামৰ এবিধ পদাৰ্থ থাকে। হিমগ্লবিনৰ প্ৰধান কাম অক্সিজেন পৰিবহণ কৰা। তেজৰ ৰঙা ৰং হিমগ্লবিনৰ দ্বাৰা হয়।

f. ৰক্তবাহিকা কেই প্ৰকাৰৰ ? প্ৰতিবিধৰ বিষয়ে চমুকৈ লিখা ?

উত্তৰঃ ৰক্তবাহিকা তিনি প্ৰকাৰৰ। সেইকেইটা হ’ল- ধমনী, সিৰা, আৰু ৰক্ত কেশিকা।

ধমনী -ধমনীবোৰে হৃদযন্ত্ৰৰ পৰা তেজ দেহৰ বিভিন্ন অংগলৈ কঢ়িয়াই নিয়ে। ক্লোম ধমনীৰ বাদে বাকী সকলো ধমনীয়ে অক্সিজেনযুক্ত তেজ কঢ়িয়াই, কেৱল ক্লোম ধমনীয়েহে কাৰ্বনডাই অক্সাইড যুক্ত তেজ কঢ়িয়াই।
সিৰা- সিৰাবোৰে দেহৰ বিভিন্ন অংগৰ পৰা তেজ হৃদযন্ত্ৰলৈ ঘূৰাই আনে। ক্লোম সিৰাৰ বাদে বাকী সকলো সিৰাই কাৰ্বন ডাই-অক্সাইডযুক্ত তেজ কঢ়িয়াই, কেৱল ক্লোম সিৰাইহে অক্সিজেনযুক্ত তেজ কঢ়িয়াই।
ৰক্ত কেশিকা- ধমনী আৰু সিৰাবোৰ বিভিন্ন শাখা-প্ৰশাখালৈ বিভক্ত হৈ শেষত ৰক্তকেশিকালৈ পৰিণত হয়। এই ৰক্তকেশিকাবোৰে কোনো অংগৰ প্ৰতিটো কোষৰ লগত সম্পৰ্কৃত হৈ জালৰ দৰে গঠন সৃষ্টি কৰে। ধমনীয়ে কঢ়িয়াই নিয়া তেজৰ ইয়াতেই কৌশিক পৰিশ্ৰাবন ঘটে। এই পৰিশ্ৰাবনত তেজৰ প্লাজমা দেহৰসত প্ৰৱেশ কৰে আৰু ৰক্তকোষবোৰ থাকি যায়। ৰক্তকোযে কঢ়িয়াই নিয়া অক্সিজেন ব্যাপনৰ দ্বাৰা দেহকোষত প্ৰৱেশ কৰে আৰু দেহকোষত সৃষ্টিহোৱা কাৰ্বন ডাই-অক্সাইড ৰক্তকোষত প্ৰৱেশ কৰে। ইয়াৰ পিছত ৰক্তকোষবোৰ পুনৰ প্লাজমাৰ সৈতে সিৰাৰ লগত সংযুক্ত ৰক্তকেশিকাত প্ৰৱেশ কৰে আৰু সিৰাৰ মাজেৰে গৈ হৃদযন্ত্ৰ পাইগৈ।
g. মানুহৰ ৰেচন তন্ত্ৰ কিহৰ দ্বাৰা গঠিত ?

উত্তৰঃ মানুহৰ ৰেচন তন্ত্ৰ এযোৰ বৃক্ক, এযোৰ মূত্ৰনলী, এটা মূত্ৰাশয়, আৰু এটা মূত্ৰপথেৰে গঠিত।

h. বৃক্কৰ কাৰ্যৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ বৃক্কৰ কাৰ্যৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

আমাৰ দেহৰ বৰ্জিত দ্ৰব্যসমূহ বৃক্কলৈ যায়। একোটা বৃক্ক অসংখ্য নেফ্ৰনৰে গঠিত। বৃক্কত তেজ পৰিশোধন হয়।

i. উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

গছবোৰ যিমান দীঘল নহওক পানী মাটিৰ পৰা শোষন কৰে। উদ্ভিদে শিপাৰ দ্বাৰা পানী আৰু লৱণ শোষণ কৰে। এই পানী আৰু লৱণ জাইলেম নামৰ এবিধ কলাৰে পাতলৈ যায়। পাত হ’ল উদ্ভিদৰ সালোক-সংশ্লেষণৰ অংগ।

j. প্ৰস্বেদন কাক বোলে ? ইয়াৰ গুৰুত্ব কি ?

উত্তৰঃ উদ্ভিদে অতিৰিক্ত পানীভাগ বাষ্প আকাৰে পাতৰ পৰা উলিয়াই পঠিওৱা প্ৰক্ৰিয়াটোকে প্ৰস্বেদন বোলে।

প্ৰস্বেদনৰ গুৰুত্ব হৈছে-

১। প্ৰস্বেদনৰ ফলত উদ্ভিদৰ অতিৰিক্ত পানী অপসাৰণ হয়।

২। ই গছজোপাক শীতল কৰি ৰাখে।

৩। প্ৰস্বেদনৰ বাবে উদ্ভিদ দেহত এটা ঊৰ্দ্ধগামী শোষণ বলৰ উদ্ভৱ হোৱাৰ উপৰিও অতিৰিক্ত প্ৰস্বেদনৰ ফলত গছৰ মৃত্যু হ’ব পাৰে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects