AJB Class 7 Science Chapter 7 Answer তাপ আৰু উষ্ণতা

অধ্যায়ঃ সপ্তম

তাপ আৰু উষ্ণতা

  1. শুদ্ধ উত্তৰটো বাছি উলিওৱা ।

i ) ধাতুৰ মাজেৰে তাপৰ স্থানান্তৰ ঘটে । এই স্থানান্তৰণ প্ৰক্ৰিয়াটো হ’ল-

a ) পৰিবহণ b) পৰিচলন c ) বিকিৰণ

উত্তৰঃ a ) পৰিবহণ

ii ) কোনটো প্রক্রিয়াৰে তাপৰ স্থানান্তৰ ঘটোতে পদাৰ্থৰ প্ৰয়ােজন নহয় ?

a ) পৰিবহণ b ) পৰিচলন C ) বিকিৰণ

উত্তৰঃ C ) বিকিৰণ

iii ) সাধাৰণ অৱস্থাত পানী কিমান উষ্ণতাত উতলে ?

a ) 100 ° C b ) 100 ° F c ) 98.6 ° C d ) 32° F

উত্তৰঃ a ) 100 ° C

  1. তাপ পৰিবাহী আৰু অপৰিবাহী পদার্থবােৰ চিনাক্ত কৰা :

বায়ু , উণ সূতা , গজাল , ষ্টিলৰ কাহী , প্লাষ্টিকৰ চামুচ , কাঠ , বৰফ , তাম ।

উত্তৰঃ তাপৰ পৰিবাহী পদাৰ্থ-বায়ু, গজাল, ষ্টিলৰ কাহী, তাম

তাপৰ অপৰিবাহী পদাৰ্থ- ঊণসূতা, প্লাষ্টিকৰ চামুচ, কাঠ, বৰফ, ।

  1. তাপৰ সংজ্ঞা লিখা । উষ্ণতা বুলিলে কি বুজা ? দুবিধ উষ্ণতা স্কেলৰ নাম লিখা ।

উত্তৰঃ গৰম পানী গিলাছটো ঢ়ালোতে এটাই আনটোৰ সংস্পৰ্শলৈ আহিল। তেতিয়া গৰম পানীৰ পৰা গিলাছটোলৈ শক্তি আহিল। যিমানখিনি শক্তি আহিল সেয়াই হ’ল তাপ। উষ্ণতা হৈছে গৰমৰ জোখ। দুবিধ উষ্ণতা স্কেলৰ নাম হ’ল- ফাৰেনহাইট আৰু কেলভিন।

  1. উষ্ণতা জোখা সঁজুলিবিধৰ নাম কি ? এই সঁজুলিবিধ সাধাৰণতে ব্যৱহাৰ কৰা দুবিধ জুলীয়া পদাৰ্থৰ নাম লিখা ।

উত্তৰঃ উষ্ণতা জোখা সঁজুলিবিধৰ নাম থাৰ্মমিটাৰ। থাৰ্মমিটাৰত থকা জুলীয়া পদাৰ্থ বিধ হ’ল- মাৰ্কউৰি ।

  1. তাপৰ স্থানান্তৰণৰ সৈতে জড়িত প্রক্রিয়াকেইটাৰ নাম লিখা ।

উত্তৰঃ তাপৰ স্থানান্তৰণৰ সৈতে জড়িত প্ৰক্ৰিয়াকেইটাৰ নাম- পৰিবহণ, বিকিৰণ, আৰু পৰিচলন।

  1. বতাহৰ সৃষ্টি কেনেদৰে হয় লিখা ।

উত্তৰঃ নিম্ন চাপ অঞ্চললৈ গতি কৰাৰ বাবে বতাহৰ সৃষ্টি হয়।

  1. সূর্যৰপৰা আমি তাপ কেনেদৰে পাওঁ বৰ্ণনা কৰাঁ ।

উত্তৰঃ সূৰ্যৰ পৰা বিকিৰণ প্ৰক্ৰিয়াৰে তাপ আমি পাওঁ।

  1. সমুদ্র বতাহৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ দিনত ভাগত জলভাগৰ পৰা স্থলভাগলৈ যি বতাহ বলে তাকে সাগৰীয় বতাহ বোলে। দিনৰ ভাগত সূৰ্যৰ দ্বাৰা স্থল আৰু সাগৰ দুয়োটা সমানে গৰম কৰা হয়, কিন্তু সাগৰৰ তুলনাত ভূমিৰ নিৰ্দিষ্ট তাপ ক্ষমতা অতি কম, ই অধিক দ্ৰুতগতিত গৰম হয়। মাটিৰ ওপৰৰ বায়ু এনেদৰে পাতল হয় আৰু তাপৰ বাবে ওপৰলৈ উঠে। ফলস্বৰূপে, চাপ হ্ৰাস হয়, আৰু সাগৰৰ ওপৰৰ ঠাণ্ডা আৰু আৰ্দ্ৰ বায়ু তীৰৰ ফালে উৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত সাগৰীয় বতাহ ৰৈ যায়।

9 ) জাৰকালি ৰাতি লেপ লৈ শুলে ঠাণ্ডা নালাগে । ইয়াৰ কাৰণ ব্যাখ্যা কৰাঁ ।

উত্তৰঃ জাৰকালি ৰাতি লেপ লৈ শুলে ঠাণ্ডা নালাগে তাৰ কাৰণ হ’ল- গাত লেপ উৰি থাকিলে আমাৰ গাৰ গৰম বায়ু ওলাই যোৱাত বাধাৰ সৃষ্টি কৰে। তদুপৰি কাপোৰ আৰু বায়ু হল তাপৰ কুপৰিবাহী। তাপ ওলাই যাব নোৱাৰে আৰু গৰম লাগি থাকে।

  1. মাঘবিহুত আমি মেজি জ্বলাওঁ । এই ক্ষেত্ৰত তাপ আমি কেনেদৰে পাওঁ ? মেজি জ্বলালে ছাই ওপৰলৈ উৰি যায় । ইয়াৰ কাৰণ কি লিখা ।

উত্তৰঃ মাঘৰ বিহুত আমি মেজি জ্বলাওঁ। এই ক্ষেত্ৰত তাপ আমি বিকিৰণ প্ৰক্ৰিয়াৰে পাওঁ। মেজি জ্বলালে ছাই ওপৰলৈ উৰি যায় কাৰণ- তাপ বিকিৰণ হয়।

  1. ) এটা চচপেনত পানী লৈ জুইৰ ওপৰত ৰখা হৈছে । ফলত চচপেন আৰু পানী দুয়ােটা গৰম হ’ব । চচপেন আৰু পানীৰ মাজেৰে তাপৰ স্থানান্তৰ কি পদ্ধতিৰে হৈছে ?

উত্তৰঃ এটা চচপেনত পানী লৈ জুইৰ ওপৰত ৰখা হৈছে। ফলত চচপেন আৰু পানী দুয়োটা গৰম হ’ব। চচপেন আৰু পানীৰ মাজেৰে তাপৰ স্থানান্তৰ পৰিবহণ প্ৰক্ৰিয়াৰে হৈছে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top