আমাৰ দেশৰ শাসন ব্যৱস্থা
১। একোটিকৈ বাক্যত উত্তৰ লিখা।
(ক) আমাৰ দেশত কোনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা ভাগ কৰি দিছে?
উত্তৰঃ আমাৰ দেশত ভাৰতীয় সংবিধানে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা ভাগ কৰি দিছে।
(খ) ভাৰতবৰ্ষত চৰকাৰৰ শাসন ব্যৱস্থাৰ ঘাই খুঁটা হিচাপে কাক অভিহিত কৰা হয়?
উত্তৰঃ ভাৰতবৰ্ষত চৰকাৰৰ শাসন ব্যৱস্থাৰ ঘাই খুঁটা হিচাপে সংবিধানক অভিহিত কৰা হয়।
(গ) ভাৰতীয় সংবিধানমতে আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী কোন?
উত্তৰঃ ভাৰতীয় সংবিধানমতে আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী হৈছে ৰাষ্ট্ৰপতি।
(ঘ) ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ?
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ৫ বছৰ।
(ঙ) সংসদৰ উচ্চ সদন আৰু নিম্ন সদনৰ নাম কি?
উত্তৰঃ সংসদৰ উচ্চ সদনৰ নাম ৰাজ্যসভা আৰু নিম্ন সদনৰ নাম লোকসভা।
(চ) ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্য মনোনীত কৰিব পাৰে?
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ ১২ জন সদস্য মনোনীত কৰিব পাৰে।
(ছ) এখন ৰাজ্যৰ শাসনৰ মুৰব্বী কোন?
উত্তৰঃ এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বী হৈছে ৰাজ্যপাল।
(জ) প্ৰাপ্তবয়স্ক ভোটাধিকাৰ কি?
উত্তৰঃ ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ যোগ্য ভাৰতীয় নাগৰিকসকলক প্ৰদান কৰা ভোটদানৰ অধিকাৰকে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বোলে।
(ঝ) অসমৰ কোন দুখন জিলাত পোনপ্ৰথমবাৰৰ বাবে স্বায়ত্তশাসিত জিলা পৰিষদৰ ব্যৱস্থা কৰা হয়?
উত্তৰঃ অসমৰ কাৰ্বি আংলং পাৰ্বত্য জিলা আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাত পোনপ্ৰথমবাৰৰ বাবে স্বায়ত্তশাসিত জিলা পৰিষদৰ ব্যৱস্থা কৰা হয়।
(ঞ) বিটিএডিৰ সম্পূৰ্ণ নামটো কি?
উত্তৰঃ বিটিএডিৰ সম্পূৰ্ণ নামটো হৈছে Bodoland Territorial Areas District (BTAD)।
২। উত্তৰ লিখা।
(ক) ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতি লিখা।
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিক নাগৰিকসকলে পোনপটীয়াকৈ নিৰ্বাচন নকৰে। ৰাজ্যসভা আৰু লোকসভাৰ নিৰ্বাচিত সদস্যসকলৰ লগতে ৰাজ্যসমূহৰ আৰু দিল্লী তথা পুডুচেৰীৰ বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে ভাৰতৰ ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰে। এই নিৰ্বাচিত সদস্যসকলক লৈ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ নিৰ্বাচকমণ্ডলী গঠন কৰা হয়।
(খ) বিটিএডিৰ অন্তৰ্ভুক্ত জিলা চাৰিখনৰ নাম লিখা।
উত্তৰঃ বিটিএডিৰ অন্তৰ্ভুক্ত জিলা চাৰিখনৰ নাম হ’ল—
(i) কোকৰাঝাৰ।
(ii) চিৰাং।
(iii) বাক্সা।
(iv) ওদালগুৰি।
(গ) ভাৰতীয় সংবিধানমতে ৰাজ্যিক বিধানসভাৰ মুঠ সদস্য সংখ্যা কিমান হ’ব পাৰে?
উত্তৰঃ ভাৰতীয় সংবিধানমতে সাধাৰণতে ৰাজ্যিক বিধানসভাৰ মুঠ সদস্য সংখ্যা ৫০০ গৰাকীতকৈ অধিক আৰু ৬০ গৰাকীতকৈ কম হ’ব নোৱাৰে। অৱশ্যে কিছুমান সৰু ৰাজ্যৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম আছে।
(ঘ) বিধানসভাৰ সদস্যৰ দুটা প্ৰয়োজনীয় অৰ্হতা লিখা।
উত্তৰঃ বিধানসভাৰ সদস্য হোৱাৰ দুটা প্ৰয়োজনীয় অৰ্হতা হ’ল—
(i) ভাৰতীয় নাগৰিক হ’ব লাগিব।
(ii) বয়স কমেও ২৫ বছৰ হ’ব লাগিব।
(ঙ) ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কি পৰিস্থিতিত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে?
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তলত উল্লেখ কৰা পৰিস্থিতিসমূহত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে—
(i) দেশৰ কোনো অংশত বা সমগ্ৰ দেশতে সশস্ত্ৰ বিদ্ৰোহ, যুদ্ধ বা বহিঃআক্ৰমণ সংঘটিত হ’লে।
(ii) কোনো ৰাজ্যত সংবিধান অনুসৰি শাসনকাৰ্য পৰিচালনা কৰা অসম্ভৱ হৈ পৰিলে।
(iii) ভাৰতৰ বা ইয়াৰ কোনো অংশৰ বিত্তীয় স্থিৰতা বা ঋণৰ বিশ্বাসযোগ্যতা সংকটাপন্ন হ’লে।
(চ) ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত কোন কোন জড়িত থাকে?
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ৰাজ্যসভা, লোকসভা আৰু ৰাজ্যসমূহৰ লগতে দিল্লী আৰু পুডুচেৰীৰ বিধানসভাৰ নিৰ্বাচিত সদস্যসকল জড়িত থাকে।
(ছ) ভাৰতৰ ৰাষ্ট্ৰপতিক কি অপৰাধৰ বাবে পদৰ পৰা অপসাৰিত কৰিব পাৰি?
উত্তৰঃ সংবিধান উলংঘন কৰাৰ অপৰাধত মহাভিযোগ পদ্ধতিৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিক পদৰ পৰা অপসাৰিত কৰিব পাৰি।
৩। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতাৰ বিষয়ে লিখা।
উত্তৰঃ দেশৰ প্ৰশাসনত প্ৰধানমন্ত্ৰীয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ হ’ল—
(i) প্ৰধানমন্ত্ৰীয়ে দেশৰ শাসনকাৰ্য পৰিচালনা কৰিবলৈ মন্ত্ৰী পৰিষদ গঠন কৰে।
(ii) মন্ত্ৰীসকলৰ মাজত বিভিন্ন দপ্তৰ বিতৰণ কৰে।
(iii) চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত সমন্বয় ৰক্ষা কৰে।
(iv) মন্ত্ৰী পৰিষদৰ সভাত সভাপতিত্ব কৰে আৰু মন্ত্ৰী পৰিষদ পৰিচালনা কৰে।
(v) প্ৰয়োজন সাপেক্ষে কোনো মন্ত্ৰীক পদচ্যুত কৰিবলৈ ৰাষ্ট্ৰপতিক পৰামৰ্শ দিব পাৰে।
(vi) মন্ত্ৰীসভাৰ সংকোচন বা সম্প্ৰসাৰণ কৰিব পাৰে।
(vii) প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিলে বা পদচ্যুত হ’লে সমগ্ৰ মন্ত্ৰী পৰিষদৰো অৱসান ঘটে।
৪। ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াবলৈ হ’লে কি কি অৰ্হতাৰ প্ৰয়োজন হয়?
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াবলৈ হ’লে তলত উল্লেখ কৰা অৰ্হতাসমূহৰ প্ৰয়োজন হয়—
(ক) প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হ’ব লাগিব।
(খ) বয়স অন্ততঃ ৩৫ বছৰ হ’ব লাগিব।
(গ) লোকসভালৈ নিৰ্বাচিত হোৱাৰ যোগ্যতা থাকিব লাগিব।
(ঘ) কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ অধীনত কোনো লাভজনক পদত নিয়োজিত হৈ থাকিব নোৱাৰিব।
৫। ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ হ’ল—
(i) ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীসকল, ৰাজ্যৰ ৰাজ্যপাল, উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, ভাৰতৰ এটৰ্নী জেনেৰেল, মুখ্য নিৰ্বাচন আয়ুক্ত আদি উচ্চ পদস্থ বিষয়াসকলক সাংবিধানিক বিধান অনুসৰি নিযুক্তি দিয়ে।
(ii) ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ ১২ গৰাকী বিশেষজ্ঞ সদস্য মনোনীত কৰিব পাৰে।
(iii) ৰাষ্ট্ৰপতিয়ে সংসদৰ অধিৱেশন আহ্বান আৰু সত্ৰাৱসান কৰিব পাৰে। তেওঁ লোকসভাও ভংগ কৰিব পাৰে।
(iv) ভাৰতৰ সৈতে বিদেশী ৰাষ্ট্ৰসমূহৰ সম্পৰ্ক আৰু যোগাযোগ ৰক্ষা কৰাৰ সাংবিধানিক দায়িত্ব ৰাষ্ট্ৰপতিৰ ওপৰত ন্যস্ত থাকে।
(v) ভাৰতৰ ৰাষ্ট্ৰপতি দেশৰ প্ৰতিৰক্ষা বাহিনীৰ সৰ্বাধিনায়ক। সাংবিধানিক বিধান অনুসৰি যুদ্ধ ঘোষণা, শান্তি স্থাপন আৰু সন্ধি সম্পাদনৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ আছে।
(vi) ৰাষ্ট্ৰপতিৰ অনুমোদন সাপেক্ষে বিত্তমন্ত্ৰীয়ে সংসদত বাজেট উত্থাপন কৰে। ৰাষ্ট্ৰপতিৰ আগতীয়া অনুমোদন অবিহনে ধন বিধেয়ক সংসদত উত্থাপন কৰিব নোৱাৰি।
(vii) যুদ্ধ, বহিঃআক্ৰমণ, সশস্ত্ৰ বিদ্ৰোহ, ৰাজ্যৰ সাংবিধানিক শাসন ব্যৱস্থাৰ বিফলতা বা বিত্তীয় সংকটৰ সময়ত ৰাষ্ট্ৰপতিয়ে সাংবিধানিক বিধান অনুসৰি জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে।
ৰাষ্ট্ৰপতিয়ে সাধাৰণতে প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ পৰামৰ্শ অনুসৰি নিজৰ ক্ষমতা আৰু কাৰ্যাৱলী সম্পাদন কৰে।
৬। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ক্ষমতা সম্পৰ্কে লিখা।
উত্তৰঃ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ হ’ল—
(i) মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসকলক বাছনি কৰে আৰু তেওঁলোকৰ মাজত বিভিন্ন দপ্তৰ বিতৰণ কৰে।
(ii) প্ৰয়োজন সাপেক্ষে কোনো মন্ত্ৰীক পদৰ পৰা অব্যাহতি দিবলৈ ৰাজ্যপালক পৰামৰ্শ দিয়ে।
(iii) মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাৰ সভাত সভাপতিত্ব কৰে।
(iv) চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ মতামতৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়।
(v) মুখ্যমন্ত্ৰীয়ে বিধানসভাত চৰকাৰী নীতি ঘোষণা কৰে।
(vi) বিৰোধী দলৰ সমালোচনাৰ উত্তৰ দিবলৈ মূলতঃ মুখ্যমন্ত্ৰী দায়বদ্ধ হৈ থাকে।
(vii) মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ শাসনকাৰ্য পৰিচালনা কৰে আৰু ৰাজ্যবাসীৰ নেতা হিচাপে দায়িত্ব পালন কৰে।
৭। চমু টোকা লিখা।
(ক) স্বায়ত্তশাসিত জিলা পৰিষদ।
উত্তৰঃ ভাৰতীয় সংবিধান অনুসৰি জনজাতীয় লোকসকলৰ প্ৰশাসনিক সুবিধা আৰু উন্নয়নৰ বাবে স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছে। অসমৰ কাৰ্বি আংলং পাৰ্বত্য জিলা আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাত স্বায়ত্তশাসিত জিলা পৰিষদৰ ব্যৱস্থা আছে।
এই পৰিষদসমূহে নিৰ্দিষ্ট বিষয়ত আইন প্ৰণয়ন কৰিব পাৰে। পৰিষদৰ তত্ত্বাৱধানত কিছুমান বিচাৰকাৰ্যও পৰিচালনা কৰা হয়। শিক্ষা সম্প্ৰসাৰণৰ বাবেও জিলা পৰিষদক ক্ষমতা আৰু দায়িত্ব প্ৰদান কৰা হৈছে। জিলা পৰিষদৰ কিছুমান বিত্তীয় ক্ষমতাও আছে। অৱশ্যে জিলা পৰিষদ সম্পূৰ্ণ স্বাধীন নহয়। পৰিষদৰ ওপৰত সাংবিধানিক আৰু চৰকাৰী নিয়ন্ত্ৰণ থাকে।
(খ) বিটিএডি।
উত্তৰঃ ২০০৩ চনৰ বড়ো চুক্তিৰ ভিত্তিত বড়ো জনজাতিপ্ৰধান অঞ্চলসমূহক লৈ বিটিএডি গঠন কৰা হৈছিল। বিটিএডিৰ সম্পূৰ্ণ নাম হৈছে Bodoland Territorial Areas District।
পূৰ্বৰ বিটিএডিৰ অন্তৰ্ভুক্ত জিলা চাৰিখন হ’ল কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি। এই অঞ্চলৰ প্ৰশাসন পৰিচালনাৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC) গঠন কৰা হৈছিল। জনসাধাৰণে নিৰ্বাচনৰ জৰিয়তে পৰিষদৰ নিৰ্বাচিত সদস্যসকলক বাছনি কৰে।
অতিৰিক্ত প্ৰশ্নোত্তৰ
১। ৰাজ্যপাল হ’বলৈ কি কি অৰ্হতাৰ প্ৰয়োজন?
উত্তৰঃ এখন ৰাজ্যৰ ৰাজ্যপাল হ’বলৈ তলত উল্লেখ কৰা অৰ্হতাসমূহৰ প্ৰয়োজন—
(ক) ব্যক্তিগৰাকী ভাৰতীয় নাগৰিক হ’ব লাগিব।
(খ) বয়স ৩৫ বছৰৰ কম হ’ব নোৱাৰিব।
(গ) ৰাজ্যপালৰ পদত অধিষ্ঠিত হৈ থকা সময়ত সাংসদ বা বিধায়ক হৈ থাকিব নোৱাৰিব।
(ঘ) কোনো লাভজনক পদত অধিষ্ঠিত হৈ থাকিব নোৱাৰিব।
Most Important Questions (For Students)
(i) বিধানসভাৰ সদস্যৰ দুটা অৰ্হতা লিখা।
(ii) ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ক্ষমতা সম্পৰ্কে লিখা।
(iii) প্ৰাপ্তবয়স্ক ভোটাধিকাৰ কি?
(iv) ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতা সম্পৰ্কে লিখা।
(v) ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ?
(vi) বিটিএডিৰ সম্পূৰ্ণ নামটো লিখা।
(vii) ভাৰতীয় সংবিধানখন কিমান চনৰ কিমান তাৰিখৰ পৰা কাৰ্যকৰী হৈছে?
(viii) বিটিএডিৰ অন্তৰ্ভুক্ত চাৰিখন জিলাৰ নাম লিখা।
(ix) সংসদৰ উচ্চ সদন আৰু নিম্ন সদনৰ নাম কি?
(x) লোকসভাৰ গঠন সম্পৰ্কে লিখা।
(xi) বিধানসভাৰ গঠন সম্পৰ্কে লিখা।
(xii) বাবৰৰ আত্মজীৱনীখনৰ নাম কি?
(xiii) মোগল ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন?
(xiv) গ্ৰেণ্ড ট্ৰাংক ৰোড নামৰ আলিবাটটো ক’ৰ পৰা ক’লৈ বিস্তৃত?
(xv) পানীপতৰ প্ৰথম যুদ্ধত বাবৰে জয়লাভ কৰাৰ প্ৰধান কাৰণটো কি?
(xvi) ছেৰ শ্বাহৰ প্ৰশাসনিক সংস্কাৰৰ বিষয়ে লিখা।
(xvii) মেৱাৰৰ ৰাজধানীখনৰ নাম কি?
(xviii) পানীপতৰ দ্বিতীয় যুদ্ধ কোন খ্ৰীষ্টাব্দত সংঘটিত হৈছিল?
(xix) পাহাৰীয়া অঞ্চলতকৈ ভৈয়াম অঞ্চলত জনবসতি ঘন কিয়?
(xx) পাৰ্বত্য অঞ্চল উদ্যোগৰ ক্ষেত্ৰত পিছপৰি থকাৰ কাৰণ কি?
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post