AJB Class 7 Social Science Chapter 11 Answer উত্তৰ – পূৰ্বাঞ্চলৰ জনসংখ্যা

উত্তৰ – পূৰ্বাঞ্চলৰ জনসংখ্যা

১৷ তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখা : 

( ক ) কোন জনগােষ্ঠীৰ লােকসকল সর্বপ্রথমে উত্তৰ – পূর্বাঞ্চলত বসতি স্থাপন কৰিছিল ? 

উত্তৰঃ দক্ষিণ পুূব এছিয়াৰ পৰা অহা অষ্টএছিয়াটিক ভাষাৰ জনগোষ্ঠী লোকসকলে।

( খ ) তেৰ শতিকাৰ আৰম্ভণিতে উত্তৰ – পূব দিশেদি প্রৱেশ কৰা লােকসকল অসমত কি নামেৰে খ্যাত হয়? 

উত্তৰঃ তেৰ শতিকাৰ আৰম্ভণিতে উত্তৰ-পূব দিশেদি প্ৰৱেশ কৰা লোকসকল অসমত টাই-আহোম নামেৰে খ্যাত হয়।

( গ ) ছিকিমত বর্তমান কোন সম্প্রদায়ৰ লােকৰ সংখ্যা সর্বাধিক ? 

উত্তৰঃ ছিকিমত বৰ্তমান নেপালী সম্প্ৰদায়ৰ লোকৰ সংখ্যা সৰ্বাধিক।

( ঘ ) উত্তৰ – পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত জনসংখ্যা বৃদ্ধিৰ দশকীয়া হাৰ আটাইতকৈ বেছি ?

উত্তৰঃ উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ডত।

( ঙ ) উত্তৰ – পূৰ্বাঞ্চলৰ আটাইতকৈ জনবহুল ৰাজ্য অসমত কিমান শতাংশ লােক নগৰতবাস কৰে ? 

উত্তৰঃ ১৪.১ শতাংশ লোক।

২) তলত দিয়া বাক্যসমূহৰ খালী ঠাইবােৰ পূৰ কৰা :

( খ ) লেপচা সকল ছিকিমৰ আদি বাসিন্দা । 

( খ ) ১৯৯১-২০০১ চনৰপৰা সমগ্র উত্তৰ – পূর্বাঞ্চতে জনসংখ্যা বৃদ্ধিৰ হাৰ দ্রুতগতিত বৃদ্ধি পায় । 

( গ ) শিক্ষিতৰ হাৰৰ ক্ষেত্ৰত মিজোৰামৰ স্থান ভাৰতৰ ভিতৰত দ্বিতীয়। 

( ঘ ) উত্তৰ – পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত     মিজোৰাম    ত নগৰত বাস কৰা লােকৰ অনুপাত আটাইতকৈ বেছি । 

( খ )অসমত ৭৩ শতাংশ লােক গাঁৱত বাস কৰে ।

৩) তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা : 

( ক ) পাহাৰীয়া অঞ্চলতকৈ ভৈয়ামৰ অঞ্চলত জনবসতি ঘন কিয় ? 

উত্তৰঃ পাহাৰীয়া অঞ্চলতকৈ ভৈয়ামৰ অঞ্চলত জনবসতি ঘন।পাহাৰীয়া অঞ্চলত খেতি-বাতি, যাতায়ত, পৰিৱহণ, যোগাযোগ, শিল্প উদ্যোগ, ব্যৱসায় আদি সকলে ক্ষেত্ৰত অসুবিধা পাহাৰীয়া অঞ্চলত এনে অসুবিধাবোৰ সীমিত।সেয়ে এনে অঞ্চলত জনবসতি পাতল।

        আনহাতে সমলত অঞ্চলত ওপৰত লিখা সকলোবোৰ সুবিধা।সমতল অঞ্চল খেতিৰ বাবেও উপযোগী।আৰু জান-জুৰিও ওচৰত থাকে।সেইবাবে সমতল অঞ্চলত জনবসতি ঘন।

( খ ) প্রতি বর্গ কিল’মিটাৰত ১৫০ তকৈ অধিক জনসংখ্যা থকা উত্তৰ – পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন কি কি ?  

উত্তৰঃ প্ৰতি বৰ্গ  কি’লমিটাৰত ১৫০ তকৈ অধিক জনসংখ্যা থকা উত্তৰ-পূৰ্বাঞ্চলৰ  ৰাজ্যকেইখন  হ’ল- অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম, ছিকিম।

( গ ) উত্তৰ – পূর্বাঞ্চল নগৰীকৰণৰ দিশত পিছপৰি থকাৰ মূল কাৰণ কি ? 

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ নগৰীকৰণৰ দিশত পিছপৰি থকাৰ মূল কাৰণ হ’ল- অঞ্চলটোৰ অৰ্থনৈতিক দুৰবস্থা, শাকুমীয় গতিৰ উদ্যোগীকৰণ, যাতায়তৰ অসুবিধা আদি।

( ঘ ) উত্তৰ – পূৰ্বাঞ্চলৰ নগৰসমূহত জনবসতি অতি ঘন হােৱাৰ কাৰণ কি ?

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ নগৰ সমূহত জনবসতি অতি ঘন হোৱাৰ কাৰণ হ’ল-  উত্তৰ-পূৰ্বাঞ্চলৰ গাঁৱৰ তুলনাত নগৰ অঞ্চলত যাতায়ত, পৰিবহণ, যোগাযোগ, শিল্প-উদ্যোগ, ব্যৱসায় আদি সকলো ক্ষেত্ৰত সুবিধা বেছি।

                     উদাহৰণ স্বৰূপেঃ-

                                                  অসমৰ গাওঁ অঞ্চলত উচ্চশিক্ষা অনুন্নত হোৱাৰ বাবে গাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে গুৱাহাটীলৈ আহে উচ্চশিক্ষা গ্ৰহণৰ বাবে যায়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top