মানৱ সম্পদ আৰু ইয়াৰ উন্নয়ন
১। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা।
(ক) মানৱ সম্পদ মানে কি?
উত্তৰঃ যিসকল লোকে শাৰীৰিক বা মানসিকভাৱে দেশৰ উৎপাদন কাৰ্যত বৰঙণি যোগাই আছে আৰু যিসকলৰ বৰঙণি যোগোৱাৰ সম্ভাৱনা আছে, সেই সকলোকে দেশখনৰ মানৱ সম্পদ বুলি কোৱা হয়।
(খ) দ্বিতীয় মহাযুদ্ধৰ সময়ত কোনখন দেশত দুটাকৈ এটম বোমা নিক্ষেপ কৰা হৈছিল?
উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ সময়ত জাপানত দুটাকৈ এটম বোমা নিক্ষেপ কৰা হৈছিল।
(গ) মানৱ সম্পদ উন্নয়নৰ মুখ্য উদ্দেশ্য কি?
উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ মুখ্য উদ্দেশ্য হৈছে সকলো শ্ৰেণীৰ মানুহৰ সৰ্বতোপ্ৰকাৰে বিকাশ সাধন কৰা।
(ঘ) বৃত্তিমূলক শিক্ষা কাক বোলে?
উত্তৰঃ যি শিক্ষাই এগৰাকী ব্যক্তিক উপাৰ্জন কৰাৰ বাবে বা কোনো এটা বৃত্তি গ্ৰহণ কৰাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তোলে, তেনে শিক্ষাক বৃত্তিমূলক শিক্ষা বোলে।
(ঙ) নিবনুৱা বুলিলে কি বুজা?
উত্তৰঃ কাম কৰাৰ ইচ্ছা আৰু যোগ্যতা থকা সত্ত্বেও দেশত প্ৰচলিত হাৰত মজুৰিৰ বিনিময়ত কাম কৰাৰ সুযোগ নোপোৱা ব্যক্তিক নিবনুৱা বোলে।
২। তলত দিয়া উক্তিসমূহ শুদ্ধ নে অশুদ্ধ লিখা।
(ক) দেশৰ সকলো লোকক মানৱ সম্পদ বোলা হয়।
উত্তৰঃ অশুদ্ধ।
(খ) শাৰীৰিকভাৱে বিকলাংগ লোকসকল মানৱ সম্পদ হ’ব পাৰে।
উত্তৰঃ শুদ্ধ।
(গ) প্ৰাকৃতিক সম্পদ অবিহনে আৰ্থিক উন্নয়ন সম্ভৱ নহয়।
উত্তৰঃ অশুদ্ধ।
(ঘ) দেশত জনসংখ্যাৰ পৰিমাণ অধিক হোৱাটো মানৱ সম্পদত চহকী হোৱা বুজায়।
উত্তৰঃ অশুদ্ধ।
(ঙ) মানৱ সম্পদ উন্নয়ন আৰু আৰ্থিক উন্নয়ন পাৰস্পৰিক নিৰ্ভৰশীল।
উত্তৰঃ শুদ্ধ।
৩। মানৱ সম্পদ উন্নয়নৰ যিকোনো পাঁচোটা কাৰক লিখা।
উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ পাঁচোটা গুৰুত্বপূৰ্ণ কাৰক হ’ল—
(i) শিক্ষাঃ মানৱ সম্পদ উন্নয়নৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হৈছে শিক্ষা। শিক্ষাৰ দ্বাৰা মানুহৰ জ্ঞান, দক্ষতা আৰু কৰ্মক্ষমতা বৃদ্ধি কৰি মানৱ সম্পদৰ গুণগত মান উন্নত কৰিব পাৰি।
(ii) জনস্বাস্থ্যঃ মানৱ সম্পদ বিকাশৰ আন এটা গুৰুত্বপূৰ্ণ কাৰক হৈছে জনস্বাস্থ্য। সুস্বাস্থ্যই মানুহৰ কৰ্মক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।
(iii) পুষ্টিকৰ খাদ্যঃ দেশৰ প্ৰতিগৰাকী ব্যক্তিক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ পুষ্টিকৰ খাদ্যৰ অতি প্ৰয়োজন। পুষ্টিকৰ খাদ্যই মানুহৰ শাৰীৰিক আৰু মানসিক বিকাশত সহায় কৰে।
(iv) বৃত্তিমূলক শিক্ষাঃ মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। বৃত্তিমূলক শিক্ষাৰ দ্বাৰা এগৰাকী ব্যক্তিক উপাৰ্জনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰি।
(v) পৰিচালন শিক্ষাঃ বৃত্তিমূলক শিক্ষাৰ দৰে পৰিচালন শিক্ষায়ো মানৱ সম্পদ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পৰিচালন শিক্ষাৰ দ্বাৰা মানুহৰ কৰ্মদক্ষতা আৰু পৰিচালনাৰ ক্ষমতা বৃদ্ধি কৰিব পাৰি।
৪। মানৱ সম্পদৰ গুণগত মানৰ ওপৰত কোনো এখন দেশৰ প্ৰগতি নিৰ্ভৰ কৰে। ব্যাখ্যা কৰা।
উত্তৰঃ কোনো এখন দেশৰ প্ৰগতি মূলতঃ সেই দেশৰ মানৱ সম্পদৰ গুণগত মানৰ ওপৰত নিৰ্ভৰ কৰে। এখন দেশত কেৱল অধিক জনসংখ্যা থাকিলেই নহ’ব, সেই জনসংখ্যা শিক্ষিত, দক্ষ, সুস্বাস্থ্যৰ অধিকাৰী আৰু উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত হ’ব লাগিব।
দেশৰ মানৱ সম্পদসমূহ উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰিলেহে উৎপাদন বৃদ্ধি আৰু আৰ্থিক উন্নয়ন সম্ভৱ হয়। শিক্ষিত আৰু দক্ষ মানৱ সম্পদে দেশৰ প্ৰাকৃতিক সম্পদসমূহৰ সদ্ব্যৱহাৰ কৰি দেশখনক উন্নতিৰ পথত আগুৱাই নিব পাৰে।
সেয়েহে এখন দেশৰ প্ৰগতি মানৱ সম্পদৰ পৰিমাণতকৈ ইয়াৰ গুণগত মানৰ ওপৰত অধিক নিৰ্ভৰ কৰে।
৫। “কেৱল প্ৰাকৃতিক সম্পদত চহকী হ’লেই দেশ এখনৰ আৰ্থিক উন্নয়ন সম্ভৱ নহয়।” ব্যাখ্যা কৰা।
উত্তৰঃ কেৱল প্ৰাকৃতিক সম্পদত চহকী হ’লেই এখন দেশৰ আৰ্থিক উন্নয়ন সম্ভৱ নহয়। দেশখনত থকা প্ৰাকৃতিক সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ বাবে শিক্ষিত, দক্ষ আৰু প্ৰশিক্ষণপ্ৰাপ্ত মানৱ সম্পদৰ প্ৰয়োজন।
উদাহৰণস্বৰূপে, আফ্ৰিকা মহাদেশৰ বহুতো দেশ হীৰা আৰু অন্যান্য খনিজ সম্পদত চহকী হোৱা সত্ত্বেও আৰ্থিক ক্ষেত্ৰত পিছপৰি আছে।
আনহাতে, ভাৰতৰ বিহাৰ ৰাজ্য প্ৰাকৃতিক সম্পদত চহকী হোৱা সত্ত্বেও বিভিন্ন কাৰণত আৰ্থিক ক্ষেত্ৰত পিছপৰি আছে। দক্ষ মানৱ সম্পদ, প্ৰযুক্তি আৰু উপযুক্ত পৰিচালনাৰ অভাৱ ইয়াৰ অন্যতম কাৰণ।
গতিকে, প্ৰাকৃতিক সম্পদৰ সদ্ব্যৱহাৰ আৰু দেশৰ আৰ্থিক উন্নয়নৰ বাবে উন্নত মানৱ সম্পদৰ অতি প্ৰয়োজন।
৬। চমু টোকা লিখা।
(ক) মানৱ সম্পদ উন্নয়নসূচক।
উত্তৰঃ যিবোৰ সূচকৰ দ্বাৰা মানৱ সম্পদৰ উন্নয়নৰ জোখ ল’ব পাৰি, সেইবোৰক মানৱ সম্পদ উন্নয়নসূচক বোলা হয়। মানৱ সম্পদ উন্নয়নৰ কেইটামান গুৰুত্বপূৰ্ণ সূচক হ’ল—
(i) প্ৰত্যাশিত জীৱনকালঃ এগৰাকী ব্যক্তিৰ জীয়াই থকাৰ সম্ভাৱ্য গড় সময়সীমাক প্ৰত্যাশিত জীৱনকাল (Life Expectancy) বোলে। মানুহৰ প্ৰত্যাশিত জীৱনকাল বৃদ্ধিয়ে স্বাস্থ্য আৰু মানৱ সম্পদৰ উন্নয়ন সূচায়।
(ii) শিক্ষা আহৰণঃ শিক্ষা আহৰণ মানৱ সম্পদ উন্নয়নৰ এটা গুৰুত্বপূৰ্ণ সূচক। দেশত শিক্ষিত লোকৰ সংখ্যা বৃদ্ধি আৰু শিক্ষাৰ মান উন্নত হোৱাটোৱে মানৱ সম্পদৰ উন্নয়ন সূচায়।
(iii) জীৱন ধাৰণৰ মানঃ মানৱ সম্পদ উন্নয়নৰ আন এটা গুৰুত্বপূৰ্ণ সূচক হৈছে জীৱন ধাৰণৰ মান (Standard of Living)। মানুহৰ জীৱন ধাৰণৰ মান উন্নত হোৱাটোৱে মানৱ সম্পদৰ উন্নয়ন সূচায়।
(খ) পূৰ্ণ কৰ্মসংস্থান।
উত্তৰঃ কাম কৰাৰ ইচ্ছা আৰু যোগ্যতা থকা সকলো ব্যক্তিয়ে দেশত প্ৰচলিত হাৰত মজুৰিৰ বিনিময়ত কাম কৰাৰ সুযোগ লাভ কৰা অৱস্থাকে পূৰ্ণ কৰ্মসংস্থান বোলে।
কাম কৰাৰ ইচ্ছা আৰু যোগ্যতা থকা সত্ত্বেও উপযুক্ত কৰ্মসংস্থান লাভ নকৰা ব্যক্তিক নিবনুৱা বোলে। নিবনুৱা সমস্যাই দৰিদ্ৰতাৰ সৃষ্টি কৰে। দৰিদ্ৰতা হৈছে মানৱ সম্পদ উন্নয়নৰ অন্যতম প্ৰধান প্ৰতিবন্ধক।
সেয়েহে মানৱ সম্পদৰ উন্নয়ন সাধন কৰিবলৈ হ’লে কৰ্মক্ষম ব্যক্তিসকলৰ বাবে উপযুক্ত কৰ্মসংস্থানৰ ব্যৱস্থা কৰাটো অতি আৱশ্যক।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post