AJB Class 7 Social Science Chapter 18 Answer উত্তৰ-পূব ভাৰতৰ ভূগোল

Lesson 18

উত্তৰ-পূব ভাৰতৰ ভূগোল

১ । উত্তৰ লিখাঃ

( ক ) উত্তৰ-পূব ভাৰতৰ অৱস্থিতি লিখা ।

উত্তৰঃ  উত্তৰ-পূৱ ভাৰতৰ ২০° উত্তৰ অক্ষাংশৰ পৰা ২৯° ৩০ মিনিট উত্তৰ অক্ষাংশলৈ আৰু ৮৯° ৮৬ মিনিট পূব দ্ৰাঘিমাংশৰ পৰা ৯৭° ৩০মিনিট পূব দ্ৰাঘিমাংশলৈ বিয়পি আছে ।

( খ ) উত্তৰ-পূব ভাৰতৰ চাৰিসীমা লিখা ।

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ চাৰিসীমা – উত্তৰ ভূটান আৰু তিব্বত , পূৱত ম্যানমাৰা দক্ষিনত বাংলাদেশ আৰু পশ্চিমত পশ্চিমবংগ আৰু বাংলাদেশ ।

( গ ) কি কি ৰাজ্যৰে উত্তৰ – পূব ভাৰত গঠিত ? 

উত্তৰঃ  অসম, অৰুনাচল প্ৰদেশ, নাগালেণ্ড মনিপূৰ মিজোৰাম ত্ৰিপুৰা আৰু মেঘালয়।

( ঘ ) উত্তৰ – পূব ভাৰতক আগুৰি থকা বিদেশী ৰাষ্ট্র কেইখনৰ নাম লিখ । 

উত্তৰঃ উত্তৰ-পূব ভাৰতক আগুৰি থকা বিদেশী ৰাষ্ট্ৰ কেইখনৰ নাম হল—

(১) ভূটান 

(২) চীন 

(৩) ম্যানমাৰ আৰু 

(৪) বাংলাদেশ

( ঙ ) অসমৰ সমভূমিৰ মাজেৰে বৈ যােৱা নদী দুখনৰ নাম লিখা । 

উত্তৰঃ অসমৰ সমভূমিৰ মাজেৰে বৈ যােৱা নদী দুখনৰ নাম হ’ল ব্ৰহ্মপুত্ৰ  আৰু বৰাক।

২। খালী ঠাই পূৰ কৰাঃ

( ক ) উত্তৰ-পূব ভাৰতৰ কেৱল অসম ৰাজ্যই ভাৰতৰ লগত সংযােগ হৈ আছে । 

( খ ) অৰুণাচল প্রদেশৰ সর্বোচ্চ শৃংগটোৰ নাম নামচা বাওৰা। 

( গ ) নগালেণ্ডৰ পূব সীমাত পাটকাই পর্বত আছে । 

( ঘ ) অসমৰ শুৱালকুছি বয়ন শিল্পৰ বাৰে বিখ্যাত । 

( ঙ ) ঝুম কৃষিক স্থানান্তৰিত  কৃষি বুলিও কোৱা হয় । 

৩। উত্তৰ – পূব ভাৰতৰ কৃষিৰ বিষয়ে লিখা । 

উত্তৰঃ সমগ্ৰ ভাৰতেই কৃষিৰ ওপৰত নিৰ্ভৰশীল উত্তৰ পূৰ্ৱাঞ্চলৰো প্ৰায় ৭০. ৩০ শতাংশ লোক কৃষিৰ ওৰত নিৰ্ভশীল। উত্তৰ-পূব ভাৰতৰ সকলো শস্যৰ ভিতৰত ধানৰ উৎপাদনেই  বেছি। অসমৰ চাহ উৎপাদনৰ ভাৰতৰ ভিতৰতেই বেছি ইয়াৰ উপৰিয়ো অসমত বাকী কেইখন ৰাজ্যৰ তুলনাত ধান, মৰাপাত, ঘেঁহু আদি খেতি কৰা হয় আনহাতে মেঘালয় কপাহ আৰু ত্ৰিপুৰা ৰবৰ উৎপাদনত আগবঢ়া।

৪। উত্তৰ-পূব ভাৰত উদ্যোগৰ ক্ষেত্ৰত কিয় পিছপৰা ?

উত্তৰঃ  উদ্যোগৰ ক্ষেত্ৰত উত্তৰ-পূব ভাৰত পিচপৰি আছে । পাহাৰীয়া হোৱা কাৰণে য়াতায়ত ব্যবস্থা উন্নত নহয়। মেঘালয় মিজোৰাম মনিপুৰ অৰুনাচলত আজিও ৰেলপথ ব্যৱস্থা নাই। পাহাৰে আৱৰি থকা কাৰণে উদোগৰ স্থাপনৰ বাবে মেচিন আৰু কেঁচামাল অনাত অসুবিধা হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top