মােগলৰ অধীনত ভাৰত আকবৰৰপৰা ঔৰংগজেৱলৈ
অধ্যায় – ৪
১। একোটিকৈ বাক্যত উত্তৰ লিখা :
( ক ) কোন খ্রি.ত আকবৰে দিল্লীৰ সিংহাসন আৰােহণ কৰে ?
উত্তৰঃ ১৫৫৬ খ্ৰি.ত আকবৰে দিল্লীৰ সিংসাহন আক্ৰমণ কৰিছিল।
( খ ) আকবৰৰ অভিভাৱকগৰাকীৰ নাম কি ?
উত্তৰঃ আকবৰৰ অভিভাৱকগৰাকীৰ নাম হুমায়নৰ বিশ্বাসী বন্ধু বৈৰাম খাই।
( গ ) পানিপতৰ দ্বিতীয় যুদ্ধ কোন খ্রি.ত সংঘটিত হৈছিল ?
উত্তৰঃ পানিপতৰ দ্বিতীয় যুদ্ধ ১৫৫৬ খ্ৰি.ত সংঘটিতত হৈছিল।
( ঘ ) হিমু কোন ?
উত্তৰঃ হিমু-আফগান নেতাৰ মন্ত্ৰী আছিল।
( ঙ ) আকবৰে কোন ৰাজপুত ৰজাৰ জীয়েকক বিয়া কৰাইছিল ?
উত্তৰঃ আকবৰে অম্বৰৰ (জয়পুৰ)ৰজা বিহাৰীমল্লৰ জীয়েকক বিয়া কৰাইছিল।
চ. কোনখন ৰাজপুত ৰাজ্যই আকবৰৰ বশ্যতা স্বীকাৰ কৰা নাছিল?
উত্তৰঃ মেৱাৰৰ ৰাজপুত ৰাজ্যই আকবৰ বশ্যতা স্বীকাৰ কৰা নাছিল।
ছ. মেৱাৰৰ ৰাজধানীখনৰ নাম কি ?
উত্তৰঃ মেৱাৰৰ ৰাজধানী চহৰখনৰ নাম চিতোৰ।
( জ ) হলদিঘাটৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল ?
উওৰ :- হলদিঘাটৰ যুদ্ধ মহাৰাণা প্ৰতাপ আৰু মোগল সম্ৰাট আকবৰৰ সেনাপতি মানসিঙৰ মাজত সংঘটিত হৈছিল।
( ঝ ) দীন – ই – ইলাহী ’ কি ?
উত্তৰঃ দীন-ই-ইলাহী এটা ধৰ্ম।
( ঞ ) বীৰবল কোন ?
উত্তৰঃ বীৰবল আকবৰৰ ৰাজসভাত শোভা বৰ্ধন কৰিছিল।
চমু টোকা লিখা :
( ক ) আকবৰৰ ধর্মীয় নীতি ।
উত্তৰঃ আকবৰৰ ধৰ্মৰ ক্ষেত্ৰত বৰ উদাৰ আছিল। তেওঁ বেলেগ বেলেগ ধৰ্মৰ মতসম্বন্ধে জানিবলৈ ধৰ্মলোচনা অনুষ্ঠিত কৰিছিল। এই উদ্দেশ্য় আগত ৰাখি ফতেহপুৰ চিক্ৰিত ইবাদৎখানা নিৰ্মাণ কৰিছিল। ইয়ালৈ বিভন্ন ধৰ্মৰ ধৰ্মগুৰুক নিমন্ত্ৰণ কৰিছিল। আকবৰে সকলো ধৰ্মৰ সাৰমৰ্ম গোটাই ‘দীন-ই-ইলাহী’ নামে এটা নতুন ধৰ্মমত প্ৰচাৰ কৰিছিল।
খ. আকবৰৰ ৰাজপুত নীতি ।
উত্তৰঃ ৰাজপুতসকলৰ আছিল সেই সময়ৰ ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ সামৰিক জাতি। ১৫২৭ খ্ৰি.ত ৰাজপুত শক্তি খানুৱাৰ যুদ্ধত বাবৰৰ হাতত পৰাজিত হৈছিল যদিও একেবাৰে বিধ্ৱস্ত হোৱা নাছিল। আকবৰে ৰাজপুত শক্তিৰ সৈতে মিত্ৰতা স্থাপন কৰিবলৈ ইচ্ছা কৰিলে । আকবৰে উপলব্ধি কৰিছিল যে মোগল ,সাম্ৰাজ্য় সুদৃঢ় কৰিবলৈ ৰাজপুত শক্তিৰ সৈতে সৌহাৰ্দ্য়পূৰ্ণ সম্পৰ্ক স্থাপন কৰিব লাগিব। সেয়ে তেওঁ অম্বৰৰ (জয়পুৰ) ৰজা বিহাৰীমল্লৰ জীয়েকক বিয়া কৰায়। যোধপুৰৰ ৰজাৰ ঘৰৰ জীয়াৰি এগৰাকীক পুতেক ছেলিমলৈ বিয়া কৰালে। উপযুক্ত ৰাজপুতক তেওঁ ডাঙৰ বিষয়বাব দিছিল।
৩. আকবৰৰ শাসন প্রণালীৰ ওপৰত এটি টোকা যুগুত কৰাঁ ।
উত্তৰঃ আকবৰৰ শাসননীতিৰ মূল আছিল উদাৰতা, ধৰ্মহিষ্ণুতা আৰু প্ৰজাৰ কল্য়াণসাধন। আকবৰে শাসনৰ সুবিধা কাৰণে সমগ্ৰ ৰাজ্য়খন ১৫টা চুবাত ভাগ কৰিছিল। প্ৰত্য়েক চুবাৰ শাসনকৰ্তাজনক চুবেদাৰ বোলা হয়। চুবেদাৰৰ তলত এজন দেৱান (মন্ত্ৰী, এজন ফৌজদাৰ আৰু এজন প্ৰধান বিচাৰক আছিল। নগৰৰ শান্তিৰক্ষাৰ বাবে কটোৱাল নামে বিষয়া আছিল। টোডৰমল নামৰ এজন হিন্দু বিষয়াৰ হতুৱাই গোটেই ৰাজ্য়ৰ মাটি পিয়ল কৰাই মাটিৰ উৎপাদিত শস্য়ৰ তিনিভাগৰ এভাগ খাজনা নিৰূপণ কৰিছিল।
অণুশীলনী ২
১। একোটিকৈ বাক্যত উত্তৰ লিখা :
( ক ) শিৱাজী কোন ?
উত্তৰঃ শিৱাজী মহাৰাষ্ট্ৰৰ মাৰাঠাসকলৰ নেতা আছিল।
( খ ) মিৰজুমলা কোন ?
উত্তৰঃ শিৱাজী মহাৰাষ্ট্ৰৰ মাৰাঠাসকলৰ নেতা আছিল।
( গ ) ৰাম সিংহ কোন ?
উত্তৰঃ ৰাম সিংহ ৰাজপুত ৰজা আৰু মোগল সম্ৰাট ঔৰংগজেৱৰ সেনাপতি আছিল।
( ঘ ) লাচিত বৰফুকন কোন ?
উত্তৰঃ লাচিত বৰফুকন আহোম সাম্ৰাজ্য়ৰ ৰজা আছিল।
চমু টোকা লিখা :
উত্তৰঃ
শৰাইঘাটৰ যুদ্ধ = ঘিলাঝাৰীঘাটৰ সন্ধি চুক্তি উলংঘা কৰাৰ অপৰাধত ঔৰংগজেৱে পুনৰ অসমৰ বিপক্ষে ৰাম সিংহৰ নেতৃত্ৱ অভিযান প্ৰেৰণা কৰে। এইবাৰ ৰাম সিংহ আৰু আহোম সেনাপতি লাচিত বৰফুকনৰ মাজত শৰাইঘাটত (১৬৭১ খ্ৰি.) দুৰ্ঘোৰ যুদ্ধ লাগে। যুদ্ধত মোগলে পৰাজয় বৰণ কৰিবলগীয়া হয়। এই যুদ্ধৰ ফল স্ৱৰূপে মানাহ নদী আহোম আৰু মোগল সীমা হয়।
শিৱাজী = ঔৰংগজেৱৰ দিনত মহাৰাষ্ট্ৰৰ মাৰাঠাসকল শক্তিশালী হৈ পৰিছিল। এওঁলোকৰ নেতা আছিল শিৱাজী। শিৱাজীৰ লগত ঔৰংগজেৱৰ কেইবাখনো যুদ্ধ হৈছিল। বহুকেইখন যুদ্ধত শিৱাজীৰেই জয় সুনিশ্চিত হৈছিল। ১৬৭৪ খ্ৰি.ত ৰায়গড় দুৰ্গত শিৱাজীয়ে ৰাজঅভিষেক পাতি ‘ছত্ৰপতি’ উপাধি গ্ৰহণ কৰিছিল।
জাহাংগীৰ= আকবৰৰ মৃত্য়ুৰ পাছত পুতেক ছেলিমে জাহাংগীৰ নাম লৈ দিল্লীৰ সিংহাসনত উঠে। জাহাংগীৰে মেহেৰুন্নিচ্ছা নামৰ পাৰস্য় দেশৰ এগৰাকী দীপলিপ কন্য়াক বিয়া কৰাইছিল। বিবাহৰ পাছৰপৰা তেওঁ নুৰজাহান নামেৰে পৰিচিত হয়। জাহাংগীৰে আকবৰৰ নীতিকে অনুসৰণ কৰিছিল।
ছাহজাহান = জাহংগীৰৰ মৃত্য়ুৰ পাছত পুতেক ছাহজাহান দিল্লীৰ সম্ৰাট হয় (১৬২৮ খ্ৰি.)। ছাহজাহানে দেউতাকৰ দিনত হেৰুওৱা কান্দাহাৰ পাৰস্য় সম্ৰাট হাতৰ পৰা পুনৰুন্ধাৰ কৰে। ছাহজাহানৰ দিনত দক্ষিণ ভাৰতৰ ভালেমান ৰাজ্য় মোগলৰ অধীনলৈ অহাত পুতেক ঔৰংগজেৱক দাক্ষিণাত্য়ৰ চুবেদাৰ নিযুক্ত কৰিলে।
৩। ঔৰংগজেৱ মােগল সাম্রাজ্য পতনৰ বাবে দায়ীনে ? ছয় শাৰী উত্তৰ লিখা ।
উওৰ:- আর্থিক সংকট-মোগল সাম্রাজ্য পতাৰ অন্যতম কাৰণ। কারণ মোগল সাম্ৰাজ্যৰ শাসনকালৰ শেষৰফালে গৃহ বিবাদ আৰু বিদেশী দেশৰ আক্ৰমণ ৰোধ কৰাৰ বাবে বহুতো অৰ্থৰ প্ৰয়োজন হৈছিল। আর্থিক সংকটৰ ফলত মোগলৰ সামৰিক শক্তি একেবাৰে দুৰ্বল হৈ পৰিছিল। সামৰিক শক্তি দুৰ্বল হোৱাৰ লগে লগে মোগল সাম্রাজ্য একেবাৰে জুৰুলা হৈ পৰিছিল।
8 ।আর্থিক সংকট মােগল সাম্রাজ্য পতনৰ এটি অন্যতম কাৰণ । যুক্তিৰে বিচাৰ কৰাঁ ।
উওৰ:- আর্থিক সংকট-মোগল সাম্রাজ্য পতাৰ অন্যতম কাৰণ। কারণ মোগল সাম্ৰাজ্যৰ শাসনকালৰ শেষৰফালে গৃহ বিবাদ আৰু বিদেশী দেশৰ আক্ৰমণ ৰোধ কৰাৰ বাবে বহুতো অৰ্থৰ প্ৰয়োজন হৈছিল। আর্থিক সংকটৰ ফলত মোগলৰ সামৰিক শক্তি একেবাৰে দুৰ্বল হৈ পৰিছিল। সামৰিক শক্তি দুৰ্বল হোৱাৰ লগে লগে মোগল সাম্রাজ্য একেবাৰে জুৰুলা হৈ পৰিছিল।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post